Logo
image

ৰাষ্ট্ৰপতি ভৱনৰ বাহিৰত প্ৰতিবাদকাৰীৰ হিংসা, বাহনত জুই

পেট্ৰ’ল-ডিজেল, বিদ্যুতৰ নাটনিত শ্ৰীলংকাৰ ক্ষুব্ধ জনতাৰ প্ৰতিবাদ কলম্বোৰ বহু স্থানত সান্ধ্য আইন বলৱৎ

আমাৰ অসম, ১ এপ্ৰিলঃ স্বাধীনতাৰ পাছত আটাইতকৈ ভয়ংকৰ আৰ্থিক সংকটৰ সন্মুখীন হোৱা শ্ৰীলংকাৰ পৰিস্থিতি এতিয়া শোচনীয়৷ পেট্ৰ’ল-ডিজেলৰ ব্যাপক নাটনি, বিজুলী সেৱাও তেৰ ঘণ্টালৈকে কৰ্তন কৰাৰ লগতে সকলোধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিয়ে দেখা দিছে দ্বীপৰাষ্ট্ৰখনত৷ সকলো সামগ্ৰীৰে নাটনি হোৱাৰ ফলত মূল্যবৃদ্ধিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ চাউল, দাইল, গাখীৰ, আলু আদিকে ধৰি সকলো সামগ্ৰীৰে নাটনি হোৱাৰ ফলত দেশখনৰ জনতা ক্ষুব্ধ হৈ পৰিছে৷ এক কিলো চাউলৰে দাম শ্ৰীলংকাৰ মুদ্ৰাৰ হিচাপত ৫০০টকা  হৈছেগৈ৷ ৪০০ গ্ৰাম পেকেট গাখীৰৰ দামো প্ৰায় এহাজাৰ হৈছেগৈ৷ হোটেল-ৰেস্তোৰাঁত একাপ গাখীৰ দিয়া চাহৰ দামেই চাৰিশ টকাৰো অধিক৷ ঔষধৰ দামো জুই-ছাই হৈছেগৈ৷ দহটা পেৰাচিটাম’লৰ দামেই ৪৫০ টকা৷ গতিকে সকলোৱে মূৰে-কপালে হাত দিছে৷ কিন্তু দিন যোৱাৰ লগে লগে এই পৰিস্থিতি আৰু অধিক বেয়াৰ ফালে ঢাল খাইছে৷ অতি অত্যাৱশ্যকীয় ইন্ধন পেট্ৰ’ল, ডিজেল, গেছ আদিৰো নাটনি হৈছে৷ এইবোৰ বিচাৰি দীঘলীয়া শাৰী পাতিবলগীয়া হৈছে জনতাই৷ তাৰ লগতে এতিয়া বিজুলীৰো নাটনি হোৱাত জনতা আৰু অধিক ক্ষুব্ধ হৈ পৰিছে৷ ইন্ধনৰ নাটনিৰ বাবে বিজুলীৰ উৎপাদন হ্ৰাস পোৱাত দৈনিক তেৰ ঘণ্টালৈকে কৰ্তন কৰা হৈছে বিদ্যুৎ সেৱা৷ গতিকে ক্ষুব্ধ জনতাই বৃহস্পতিবাৰে ওৰে নিশা কলম্বোৰ ৰাজপথলৈ ওলাই আহি ৰাষ্ট্ৰপতি গোটাবায়া আৰু প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপকছা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ এই ভয়ংকৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ আনিছে জনতাই৷ গতিকে বৃহস্পতিবাৰে ওৰে নিশা ক্ষুব্ধ জনতাই ৰাষ্ট্ৰপতি গোটাবায়াৰ আবাস ঘেৰাও কৰে৷ জনতাই ৰাষ্ট্ৰপতি গোটাবায়াৰ পদত্যাগ দাবী কৰে আৰু তেওঁৰ ঘৰত প্ৰৱেশৰ চেষ্টা চলায়৷ এই ঘেৰাওৰ সময়তে সৃষ্টি হয় হিংসাত্মক ঘটনাৰ৷ প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বাছ আৰু জীপত অগ্নিসংযোগ কৰে৷ গতিকে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে ৰাজধানী কলম্বোৰ বহু স্থানত সান্ধ্য আইন জাৰি কৰে৷