Logo
image

বিৰোধীৰ সৈতে ‘গোপন চুক্তি’ৰ চেষ্টা প্ৰধানমন্ত্ৰী ইমৰান খানৰ

পাকিস্তানত নতুন নিৰ্বাচনৰ পৰিকল্পনা 

আমাৰ অসম, ২ এপ্ৰিলঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে নিজৰ চকী বচাবলৈ সকলোধৰণৰ চেষ্টা অব্যাহত ৰাখিছে৷ ইচ্ছা কৰিয়েই নেশ্বনেল এছেম্বলীৰ কাম-কাজ পিছুৱাই গৈ আছে৷ কাৰণ সংসদৰ কাম-কাজ আৰম্ভ কৰিলেই বিৰোধীয়ে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱক লৈ আলোচনা হোৱাৰ লগতে ভোটো হ’ব৷ ভোট হোৱাৰ লগে লগে ইমৰান খানে পদত্যাগ কৰিব লাগিব৷ কাৰণ তেওঁ চৰকাৰে ইতিমধ্যে সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে৷ গতিকে যেনে-তেনে পদত্যাগৰ পৰা বাচিবলৈ তেওঁ বিৰাট চেষ্টা কৰিছে৷ আনকি বিৰোধীৰ সৈতে গোপন চুক্তিও কৰিবলৈ তেওঁ চেষ্টা অব্যাহত ৰাখিছে৷ পাকিস্তনৰ জিঅ’নিউজে প্ৰকাশ কৰা বাতৰি অনুসৰি তেওঁৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনা বিৰোধীৰ সৈতে গোপন চুক্তি কৰিবলৈ ইমৰান খানে নিজৰ ‘গুৰুত্বপূৰ্ণ ব্যক্তি’ক প্ৰেৰণ কৰিছে৷ নিজৰ গাদী ৰক্ষা নপৰে বুলি জানিয়েই ইমৰান খানে লাজ মান কাটি কৰি পিছ দুৱাৰেদি বিৰোধী দলৰ সৈতে চুক্তি কৰাৰ পৰিকল্পনা কৰিছে৷ ইমৰান খানে বিৰোধী দললৈ এই প্ৰস্তাৱ দিছে যে যদিহে তেওঁলোকে অনাস্থা প্ৰস্তাৱ প্ৰত্যাহাৰ কৰে, তেন্তে তেওঁ নেশ্বনেল এছেম্বলী ভংগ কৰিব৷ নেশ্বনেল এছেম্বলী ভংগ হ’লেই পুনৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ তেতিয়া তেওঁৰ দলক পুনৰ ৰাইজে নিৰ্বাচিত কৰিব পাৰে বুলি আশা কৰিছে ইমৰান খানে৷ উল্লেখ্য, বৰ্তমান ইমৰান খানৰ বিৰুদ্ধে পাকিস্তানৰ সকলো বিৰোধী দল এক হৈছে৷ যাৰ ফলত ইমৰান খানৰ দলতকৈ বিৰোধীৰ সাংসদৰ সংখ্যা অধিক হৈছেগৈ৷ গতিকে ইমৰান খানৰ এই প্ৰস্তাৱ বিৰোধী দলে কেতিয়াও মানি নলয়৷ শুকুৰবাৰে এই বাতৰি প্ৰকাশ  পায় যে প্ৰায়বোৰ বিৰোধী দলেই ইমৰান খানৰ প্ৰস্তাৱ মানি নলয় বুলি স্পষ্ট কৰিছে৷ বৰ্তমান নেশ্বনেল এছেম্বলীত শাসকীয় আৰু বিৰোধীৰ শক্তি এনেধৰণৰঃ  ইমৰান খানৰ পক্ষত থকা সাংসদৰ সংখ্যা হ’ল ১৬৪ [ইমৰানৰ দলৰ ১৫৫, পিএমএলকিউৰ ৪, জিডিএৰ ৩, বিএপি আৰু এএমএলৰ এজনকৈ]৷ আনহাতে, বিৰোধী মিত্ৰজোঁটৰ সাংসদৰ সংখ্যা হ’লঃ ১৭৭ [পিএমএল-এনৰ ৮৪, পিপিপিৰ ৫৬, এমকিউএমৰ ৭, এমএমএৰ ১৪, পিএমএলকিউৰ এজন, বিএপিৰ ৪, বিএনপিএমৰ ৪, এএনপি, জেআই, জেডব্লিউপিৰ এজনকৈ আৰু ৪জন নিৰ্দলীয় সাংসদ]৷ সংখ্যগৰিষ্ঠতাৰ বাবে লাগে ১৭২জন সদস্য৷