Logo
image

ইট্‌ছ অফিচিয়েল! ৰিপুণে ইউডিএফৰ ভোটৰ বাবে ১.৬ কোটি দিছিল

আমাৰ অসম, ৩ এপ্ৰিলঃ ৰাজ্যসভাৰ নিৰ্বাচনৰ পাছতে কংগ্ৰেছৰ এজন শীৰ্ষ নেতাৰ ভাষ্যক লৈ উত্তাল ৰাজ্যৰ ৰাজনীতি৷ প্ৰদেশ কংগ্ৰেছৰ অন্যতম কাৰ্যকৰী সভাপতি কমলাক্ষ্য দে’পুৰকায়স্থই কৰা মন্তব্যক লৈ উত্তাল ৰাজনীতি৷ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে’পুৰকায়স্থৰ বিস্ফোৰক অভিযোগ– ৰিপুণ বৰাই ইউডিএফক এক কোটি ৬০ লাখ টকা দিছিল ৰিপুন বৰাই৷ এই সন্দৰ্ভত কোনো ভিজুৱেল বা প্ৰমাণ পত্ৰ নাই৷ ইট্‌ছ নট অফিচিয়েল৷ কিন্তু এইটো স্পষ্ট কথা যে ইউ ডি এফে ৰিপুণ বৰাৰ পৰা এক কোটি ৬০ লাখ টকা লৈছিল৷ প্ৰাৰ্থিত্বৰ বাবে ধন দিছে৷ দায়িত্বসহকাৰে কৈছোঁ এই কথা৷ প্ৰাৰ্থিত্ব যেতিয়া ঠিক কৰা হয় তেতিয়া ৰিপুণ বৰাৰ পৰা ইউ ডি এফে টকা লৈছিল৷ যেতিয়া তেওঁলোকৰ প্ৰাৰ্থী হৈ গ’ল, প্ৰতিযোগিতা আৰম্ভ হৈ গ’ল ‘বিৰাট’অংকৰ টকা লৈছে মুখ্যমন্ত্ৰীৰ পৰা৷ ইউ ডি এফ হৈছে বজাৰৰ দৰে৷ বজাৰত যিদৰে শাক-পাচলি পায়, মাছ-মাংস পায় ইউ ডি এফেও তেনেকুৱা হৈছে৷ এই অভিযোগ কোনো শাসকীয় পক্ষৰ নেতা, মন্ত্ৰী-বিধায়কৰ নহয়৷ খোদ কংগ্ৰেছৰ শীৰ্ষ পদত থকা এজন বিধায়কৰ৷ ৰাজ্যসভাৰ নিৰ্বাচন পৰ্যন্ত ইউ ডি এফ কংগ্ৰেছৰ ৰাজনৈতিক সংগী৷ ৰাজ্যসভাত নিৰ্বাচনত ইউ ডি এফে কংগ্ৰেছক সমৰ্থন কৰা বুলি ঘোষণা কৰাৰ পাছত, ইউ ডি এফৰো কিছুসংখ্যক বিধায়কৰ ভোট লাভ কৰাৰ পাছতো কংগ্ৰেছৰ শীৰ্ষ নেতা এজনে এনেদৰে কোৱাৰ আঁৰত কথা কি সেই সন্দৰ্ভত নিশ্চিতভাৱে প্ৰশ্নবোধকৰ দৰকাৰ নাই৷ প্ৰদেশ কগ্ৰেছৰ অন্যতম কাৰ্যকৰী সভাপতি কমলাক্ষ্য দে’পুৰকায়স্থই প্ৰাৰ্থিত্বৰ বাবে বৃহৎ অংকৰ ধন দিয়া বুলি ইতিমধ্যে কৈ দিলে৷ তেওঁ দাবী কৰামতে ইউ ডি এফৰ হৈ টকাখিনি ল’বলৈ আহিছিল বিধায়ক কৰিমউদ্দিন বৰভূঞাই৷ কিন্তু ইউ ডি এফে ৰিপুন বৰাৰ পৰা ধন লোৱা বুলি কৈ নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিলে নেকি কংগ্ৰেছে? কিয়নো কমলাক্ষ দে পুৰকায়স্থই দায়িত্বসহকাৰে কৰা মন্তব্যই এই কথা প্ৰমাণ কৰি দিলে যে কংগ্ৰেছে ৰাজ্যসভাৰ আসন লাভ কৰিবলৈ ধন বিতৰণ কৰিছে৷ কিন্তু প্ৰশ্ন হয় এনেদৰে বিতৰণ কৰিবলৈ ৰিপুন বৰাই ক’ত পালে ১.৬০ কোটি টকা? ইয়াৰ প্ৰকৃত উৎস কি? ই ডি বা আয়কৰ বিভাগেও এইবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি ৰিপুনৰ কাষলৈ যাব পাৰে৷ নে ইউ ডি এফৰ ভোটকেইটা নাকচ কৰোৱাবলৈ কংগ্ৰেছৰ এয়া এটা কৌশল? ইয়াৰ জৰিয়তে ইউ ডি এফে কংগ্ৰেছক দিয়া ভোট কেইটাও নাকচ হ’ব নেকি সেয়াও চৰ্চাৰ বিষয় হৈ পৰিছে৷ কমলাক্ষ্য দে পুৰকায়স্থই এইখিনি কথা কৈছে যদিও তেওঁৰ সেয়া ব্যক্তিগত মন্তব্য নহয়৷ কংগ্ৰেছৰ এটা সূত্ৰ মতে ৰিপুন বৰাই কমলাক্ষ্য দে পুৰকায়স্থক এইখিনি কথা ক’বলৈ দিছে৷ ইউ ডি এফে কৰা বিশ্বাস ঘাটকতাৰ প্ৰতিশোধ ল’ব বিচাৰিছে এইদৰে যাতে টকাৰ ভাগ পোৱা নোপোৱাক লৈ ইউ ডি এফৰ বিধায়কৰ মাজতে লাগে খোৱা-কামোৰা৷ কিন্তু ইউ ডি এফক শ’ল ঠেকত পেলাবলৈ লৈ কংগ্ৰেছ বিধায়কজনে নিজ দলৰ প্ৰাৰ্থীজনকে বিপদৰ ফালে ঠেলি দিলে নেকি তাক লৈ চৰ্চা হৈছে৷

বিধায়ক মুখ্যমন্ত্ৰীৰ ঘৰলৈ যোৱা প্ৰসংগত সুৰ সলালে প্ৰদেশ কংগ্ৰেছে৷ ৰাজ্যসভাৰ নিৰ্বাচনৰ পিছদিনাই প্ত বিধায়েকে পুৱা ৬ বজাতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহলৈ যোৱা বুলি বিবৃতিযোগে প্ৰকাশ কৰিছিল প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই৷ ইয়াৰে কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে বিধানসভাত বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ আনিছিল ইউ ডি এফ বিধায়ক আমিনুল ইছলামে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো উক্ত প্ৰস্তাৱত সমৰ্থন জনাইছিল৷ শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদ মেলত উক্ত প্ৰসংগক লৈ সোধা প্ৰশ্নৰ উত্তৰত দেবব্ৰত শইকীয়াই কয়–মুখ্যমন্ত্ৰীৰ ওচৰলৈ কোনো বিধায়ক যোৱাত বাধা নাই৷ কিন্তু কোনোবা বিধায়ক মুখ্যমন্ত্ৰীৰ ঘৰলৈ যোৱা বুলি কোৱা কথাটোত ইমান প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিয় সেয়াহে ৰহস্যৰ বিষয়৷ এই কথাক লৈ ইউডিএফ তথা বিজেপিৰ মন্ত্ৰী-বিধায়কে যি ধৰণৰ অশোভনীয় আচৰণ কৰিছে তেনে আচৰণকলৈ আমি আচৰিত হৈছো৷ আমাৰ দলৰ বিধায়ককে বিজেপিক ভোট দিয়া বুলি ইউ ডি এফে বিধানসভাৰ মজিয়াত অভিযোগ  কৰিছে৷ এই সন্দৰ্ভত আমিও বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ আনিছো৷ সংবাদ মেলত ভাগ লৈ প্ৰদেশ কংগ্ৰেছৰ অন্যতম কাৰ্যকৰী সভাপতি কমলাক্ষ্য দে পুৰকায়স্থই কয়–ইউডিএফে টকা লৈ ৰাজনীতি কৰা বুলি ওলোৱা কথাটো নতুন নহয়৷ আলু পিয়াজৰ দৰে বিক্ৰী হয় ইউ ডি এফৰ বিধায়ক৷ ইউ ডি এফ থকা পৰ্যন্ত মুখ্যমন্ত্ৰীৰ চিন্তাৰ কাৰণ নাই৷ ইউডিএফ যিমান দিন থাকিব সিমান দিন সুৰক্ষিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷

সদ্য সম্পন্ন ৰাজ্যসভা নিৰ্বাচনত দুখনকৈ আসনত বিৰোধীৰ প্ৰাৰ্থী আছিল ৰিপুণ বৰা৷ ৰিপুণ বৰাৰ শোচনীয় পৰাজয়ৰ পাছত কংগ্ৰেছ-এআইইউডিএফৰ মাজত আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি৷ ফলত ৰাজ্যসভা নিৰ্বাচনত প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছে আৰম্ভ কৰিছে প্ৰতিবাদী কাৰ্যসূচী৷ আজি কলগাছিয়াৰ ৰাজীৱ ভৱনৰ সন্মুখত ৰূপসী ব্লক কংগ্ৰেছ কমিটী আৰু জনিয়া সমষ্টি যুৱ কংগ্ৰেছ কমিটীৰ যৌথ উদ্যোগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মৌলানা বদৰউদ্দিন আজমল আৰু কংগ্ৰেছৰ বিধায়ক ছিদ্দেক আহমেদৰ বিৰুদ্ধে গণতন্ত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিকৃতি দাহ কৰে৷ ৰূপসী ব্লক কংগ্ৰেছ কমিিটীৰ সভাপতি ড॰ ছোৰমান আলী, জনিয়া যুৱ-কংগ্ৰেছৰ সভাপতি ৰকিবুল ইছলামৰ নেতৃত্বত শতাধিক কংগ্ৰেছকৰ্মী-সমৰ্থকে  প্ৰতিমূৰ্তি দাহ কৰি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰীসকলে বিশ্বাসঘাতক আজমল মুৰ্দাবাদ, প্ৰতাৰক ছিদ্দেক  মুৰ্দাবাদ, ড॰ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, গণতন্ত্ৰ হত্যাকাৰী হুছিয়াৰ, টকাৰ লোভত বিক্ৰী যোৱা এআইইউডিএফৰ বিধায়ক মুৰ্দাবাদ আদি শ্ল’গান দিয়ে৷ প্ৰতিবাদী কাৰ্যসূচীত ৰূপসী ব্লক কংগ্ৰেছৰ সভাপতি ড॰ ছোৰমান আলী, জনিয়া যুৱ কংগ্ৰেছৰ সভাপতি ৰকিবুল ইছলাম, সম্পাদক আতিকুৰ ৰহমান, ইমদাদুল ইছলাম, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক আজাদ হুছাইন আদিকে ধৰি ভালেসংখ্যক কংগ্ৰেছ কৰ্মী-সমৰ্থক উপস্থিত থাকে৷

জনসাধাৰণৰ বিৰুদ্ধে বিজেপি চৰকাৰে যুদ্ধ ঘোষণা কৰিছে৷ জনতাৰ পৰা ধন সংগ্ৰহ কৰি বিধায়ক কিনা-বেচা কৰিছে- এই অভিযোগ চিপিআই[এম] দলৰ৷ শনিবাৰে গুৱাহাটীৰ হেদাৎপুৰত দলৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত এই অভিযোগ উত্থাপন কৰি দলৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয়- চি পি আই [এম] দলে ক্ৰছ ভোটিং কৰাৰ নজিৰ নাই৷ ৰাজনীতিবিদ বোৰৰ অলপ আত্মসন্মান থকা উচিত৷ দুৰ্নীতিত নিমজ্জিত এইখন চৰকাৰে গৰু-ছাগলীৰ দৰে বিধায়ক কিনিছে৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদিয়ে সংসদক মন্দিৰ বুলি কৈছিল আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সংসদৰ  মজিয়া কদৰ্য কৰিছে৷ বিধায়ক কিনা-বেচা কৰি ভোট দিয়ে৷ সংসদৰ মজিয়া অপবিত্ৰ কৰা মূল হোতা হৈছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ ৰিপুণ বৰাই আহ্বান নজনালেও বিজেপি বিৰোধী প্ৰাৰ্থীক সমৰ্থন জনাই যাব আমাৰ দলে৷ বিজেপি বিৰোধী শক্তিক একত্ৰিত হ’বলৈ আমি পুনৰবাৰ আহ্বান জনালোঁ৷ সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিক লৈ আমাৰ দলৰ নেতৃত্ব সৰব হৈ উঠিছে৷ মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰৰ কোনো পদক্ষেপ নাই৷  পেট্ৰ’ল-ডিজেলৰ অত্যধিক কৰ হ্ৰাস কৰাৰ আমি দাবী জনালোঁ৷ বন্ধ হোৱা চিলিণ্ডাৰৰ ৰাজসাহায্য পুনৰ প্ৰতিগৰাকী গ্ৰাহকক দিয়াৰ দাবী জনালোঁ৷ আজিৰ পৰা মূল্যবৃদ্ধিৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আন্দোলন আমি ঘোষণা কৰিছোঁ৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৪খন আসনত আমি প্ৰাৰ্থী দিম৷ ৪,৭,৪৪ আৰু ৫২ ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰিম৷ গুৱাহাটী বাসীয়ে যাতে খোৱাপানী লাভ কৰে, জাৱৰ-জোথৰ, বাটপথৰ সমস্যাক লৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব আমাৰ প্ৰাৰ্থী৷’সংবাদ মেলত দলৰ অন্যান্য বিষয়ববীয়া উপস্থিত থাকে৷