Logo
image

এইবাৰ ৰাজসভা! ভূপেন বৰাই কবিতা লিখিয়েই আছে

আনৰ হাঁহি-খিকিন্দালি নেওচি তৎপৰ কংগ্ৰেছ সভাপতি

আমাৰ অসম, ৩এপ্ৰিলঃ এটাৰ পাছত আনটো নিৰ্বাচনত মুখথেকেচা খোৱাৰ পাছতো কাব্য চৰ্চাৰ ক্ষেত্ৰত অপ্ৰতিৰোধ্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা৷ ভূপেন বৰাই কবিতা লিখিয়েই আছে৷ দলক সমুখৰ পৰা নেতৃত্ব দিয়াত ব্যৰ্থ হোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে প্ৰতিপক্ষক আক্ৰমণ কৰিবলৈ অস্ত্ৰৰূপে লৈছে কবিতাক৷ পূৰ্বে ‘মই ফায়াৰ ব্ৰিগেড’শীৰ্ষক কবিতা লিখি ব্যাপকভাৱে চৰ্চিত হৈছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিজন৷‘মই ফায়াৰ ব্ৰিগেড’শীৰ্ষক কবিতাৰে তেওঁ ৰাজ্যত অবাধ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰৰ ব্যৰ্থতা ৰাজ্যবাসীৰ আগত তুলি ধৰিবৰ চেষ্টা কৰিছিল৷ ৰাজ্যসভা নিৰ্বাচনত দলৰ পৰাজয়ৰ পাছত শাসকীয়া পক্ষৰ মন্ত্ৰী-বিধায়কে হাঁহি খিকিন্দালি কৰিছে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক লৈ৷ এনে হাঁহি খিকিন্দালি নেওচি তৎপৰ হৈ থকা প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে ‘ৰাজসভা’ৰ মাধ্যমেৰে কয়– 

“প্ৰথমতে কথা, শেষত গতা

কথাতো আছে মজা

কাৰণ

গণতন্ত্ৰ, ধৰ্ম-নিৰপেক্ষতা, নীতি, নৈতিকতা,

বিবেকৰ দৰে বৈচিত্ৰময় বিশাল শব্দৰ গাঁথা

বিৰোধী ঐক্য লাগে,

ঐক্যৰ বাবে পঞ্জীয়ন মাচুল নালাগে

বিৰোধীৰ অনৈক্য লাগে,

কাৰণ

অনৈক্যৰ মাজত আছে NIAৰ অফাৰ,

সুগন্ধীৰ বজাৰ,

হে’ডছাৰৰ প্ৰচাৰ,

কোনেও নকৰে মোক বিমুখ এইবাৰ

নীতি, আদৰ্শ, বিবেক, গণতন্ত্ৰ,

ধৰ্ম-নিৰপেক্ষতা কেৱল শব্দৰ মালা,

CID, ED, NIAৰ কান্ধত উঠি

লক্ষী মাতাই দেখুৱালে ৰাজসভাত অপূৰ্ব লীলা

ধোৱা তুলসীৰ পাত হৈ ৰ’ল

ক্ৰেতা-বিক্ৰেতা

নিঃশব্দে নিঃপালি দিছে সজাগ জনতা

উতলি-ওফন্দি

ঢৌ খেলি মাৰ গৈছে

খবৰৰ দাঁতা

প্ৰথমতে কথা, শেষত গতা,

কথাতো আছে মজা

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কবিতাৰ কথা শুনি দূৰতে মিচিকি হাঁহিৰে নমস্কাৰ জনালে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ ইফালে, বৰাৰ কবিতাক লৈ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিক্ৰিয়া– ৰাইজৰ যেতিয়া গ্ৰহণযোগ্য নহয় তেতিয়া ৰাজনীতিৰ পৰা সন্যাস ল’ব লাগে৷ ৰাজনীতিৰ পৰা সন্যাস লৈ সমাজৰ এনে কামত জড়িত হ’ব লাগে যাতে গ্ৰহণযোগ্যতা আৰু ঘূৰি আহে৷ এতিয়া তেওঁলোকে খামুচি ৰাজনীতিও কৰি থাকিব বিচাৰে, গ্ৰহণযোগ্যতাও নাই৷ গ্ৰহণযোগ্যতা আনিবলৈ কিবা কামো নকৰে৷ অকল সংবাদ মাধ্যমত নিজৰ চেহেৰাটো চলাই থাকিবলৈ কবিতা লিখে, গান লিখে৷ এইবোৰেৰে ৰাজনীতি নচলে৷ নবিজেপি ৰূপজ্যোতি কুৰ্মীৰ মতে ভূপেন বৰা অলগদ্ধৰ্, অকৰ্মন্য আৰু অদৰকাৰী নেতা৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ মন্তব্য– কবি সন্মিলন পাতক ভূপেন বৰাই৷ সময় পাইছে কবিতা লিখিছে৷ অৱশ্যে প্ৰতিপক্ষক আক্ৰমণৰ লক্ষ্য লৈ ভূপেন বৰাই কবিতাৰ ৰূপত যিখিনি বক্তব্য আগবঢ়াইছে তাক কবিতা বুলিব পাৰি নে অকবিতা বুলিব পাৰি সেই দায়িত্ব এৰিলোঁ কবিতা-সাহিত্যৰ সমালোচকসকলৰ ওপৰত৷