পৌৰ এলেকাত ডেৰ কঠা মাটি থাকিলে‘দৰিদ্ৰ’নহয়
আমাৰ অসম, ৩ এপ্ৰিলঃ ‘পৌৰ এলেকাত ডেৰ কঠা মাটি থাকিলে দৰিদ্ৰ নহয়৷ নগৰত ডেৰ কথা মাটি থকা লোকৰ সন্তানে এতিয়াৰে পৰা অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী চমুকৈ ই ডব্লিউ এছ চাৰ্টিফিকেট লাভ কৰিব৷’–মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰহিত্যত শনিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত কেবিনেটৰ বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰি ৰাজ্য চৰকাৰৰ মুখপাত্ৰ তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয়–‘ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত ১.৫ কথা আবাসিক ভূমিত থকা পাৰ্থক্য দূৰ কৰা হয়৷ পূৰ্বতে বৰাক উপত্যকাত ৮২৪ বৰ্গফুট এলেকাকে ডেৰ কঠা ধৰা হৈছিল৷ এতিয়াৰে পৰা বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকা দুয়োটা উপত্যকাতে ১.৫ কঠা ভূমি ৪,৩২০ বৰ্গফুটৰ হ’ব৷ সমগ্ৰ ৰাজ্যতে নগৰ অঞ্চলত ৪,৩২০ বৰ্গফুটৰ ভূমি থকা লোকৰ সন্তানে চৰকাৰী চাকৰি, শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে ইডব্লিউএছ চাৰ্টিফিকেট লাভ কৰিব৷ কেবিনেটে অসম লোকসেৱা আয়োগৰ চাৰ্ভিছ ৰুলত সংশোধনী ঘটাইছে৷ ১০ বছৰ কেন্দ্ৰ বা ৰাজ্যত চৰকাৰী চাকৰি কৰা বিষয়া, কলেজৰ অধ্যক্ষ, অধ্যাপক, সহযোগী অধ্যাপক, অধিবক্তা, চি এ, চিকিৎসকেও এতিয়াৰে পৰা অসম লোকসেৱা আয়োগৰ অধ্যক্ষ, সদস্য হোৱাৰ যোগ্যতা অৰ্জন কৰিব৷ কেবিনেটৰ সিদ্ধান্ত অনুসৰি ছাত্ৰ-ছাত্ৰীসকলৰ জাতিগত প্ৰমাণ-পত্ৰ লাভৰ বাবে এতিয়াৰে পৰা এন আৰ চিৰ ডকুমেণ্টৰ প্ৰয়োজন নহ’ব৷ পিতৃৰ জাতিগত প্ৰমাণ-পত্ৰৰ ওপৰত ভিত্তিত কৰি তাৎক্ষণিকভাৱে সন্তানক জাতিগত প্ৰমাণ পত্ৰও দিয়া হ’ব৷ পিতৃৰ জাতিগত প্ৰমাণ-পত্ৰ নাথাকিলে ৪৫ দিনৰ ভিতৰত প্ৰমাণ-পত্ৰ দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ জিলা প্ৰশাসনৰ লোক বিদ্যালয়লৈ গৈ নৱম-দশম শ্ৰেণীতে ছাত্ৰ-ছাত্ৰীক জাতিগত প্ৰমাণ-পত্ৰ দিয়াৰ ব্যৱস্থা কৰিব৷ এতিয়াৰ পৰা কছাৰী জনগোষ্ঠীৰ শৰণীয়া আৰু সোণোৱালক ক্ৰমে কছাৰী শৰণীয়া, কছাৰী সোণোৱাল হিচাপে এছ টি প্ৰমাণ পত্ৰ দিয়া হ’ব৷ ২০১২ চনৰ আছাম গ্ৰাউণ্ড ৱাটাৰ কণ্ট্ৰল ৰেগুলেশ্বন আইনৰ ৰুল প্ৰকাশৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷ ভূগৰ্ভস্থ জলৰ সন্দৰ্ভত কেতবোৰ বাধা নিষেধ আৰোপিত হ’ব৷ ভূগৰ্ভস্থ জল শুকাই যোৱাৰ বাবেই চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷ গুণগত শিক্ষা সম্প্ৰসাৰণৰ বাবে আজিৰ কেবিনেটে ১৩খন আদৰ্শ বিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ চাহ বাগিচা অঞ্চলত উন্নত শিক্ষা ব্যৱস্থাৰ লক্ষ্যৰে ৯৭খন মডেল স্কুল স্থাপন কৰা হ’ব৷ পৰিৱেশ বিভাগ আৰু ফ্ৰান্সৰ ৰাজহুৱা বিত্তীয় সংস্থা এজেঞ্চছ ফান্সাইজ ডি ডেভলপমেণ্টৰ মাজত ইণ্ডো ফ্ৰেন্স পাৰ্ট অংশীদাৰিত্ব বুজাবুজিৰ চুক্তিত কেবিনেটে অনুমোদন জনায়৷ অসম চৰকাৰৰ বন বিভাগ আৰু আফ্ৰিকা, এছিয়া, ফ্ৰান্সৰ আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ মাজত ইণ্ডোপেচিফিক অঞ্চলত জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ কেবিনেটে গোলাঘাট, বৰপেটা, দৰং, ধেমাজি, গোৱালপাৰা, লখিমপুৰ, শোণিতপুৰ, পশ্চিম কাৰ্বিআংলং, চৰাইদেউ আৰু বাগ্সা জিলাত গ্ৰাম্য আন্তঃগাঁথনি পুঁজিৰ অধীনত লোকনিৰ্মাণ বিভাগৰ ১৫ টা প্ৰকল্পৰ বাবে নাবাৰ্ডৰ পৰা ১৭০.১৫ কোটি টকাৰ ঋণ গ্ৰহণত অনুমোদন জনায়৷