Logo
image

ৰাজ্যত ১৬,০০০ কোটি টকাৰ অভিলেখ কৰ সংগ্ৰহ

আমাৰ অসম, ৩ এপ্ৰিলঃ চলিত বিত্তীয় বৰ্ষৰ জুনৰ পৰা কেন্দ্ৰীয় চৰকাৰে বিগত পাঁচ বছৰে প্ৰদান কৰি অহা পণ্য আৰু সেৱা কৰৰ ক্ষতিপূৰণৰ ম্যাদ শেষ হ’ব৷ ২০১৭ চনৰ ৰ জুলাইত যেতিয়া নৰেন্দ্ৰ মোদী চৰকাৰে পণ্য আৰু সেৱা কৰ অথবা জিএছটি ব্যৱস্থা বলৱৎ কৰিছিল তেতিয়াৰ পৰা স্বাভাৱিকভাৱে দেশৰ সকলো ৰাজ্যই বিপুল পৰিমাণত নিজে দীৰ্ঘদিন ধৰি সংগ্ৰহ কৰি অহা কৰ হেৰুৱাবলগীয়া হৈছিল৷ কেন্দ্ৰীয়ভাৱে পণ্য আৰু সেৱা কৰ সংগ্ৰহৰ ফলত ৰাজ্যসমূহৰ কৰ সংগ্ৰহৰ ক্ষেত্ৰত এনে ক্ষতি হোৱাৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰে আগতীয়াকৈ অনুমান কৰিছিল আৰু সেয়ে জিএছটি বলৱৎকৰণৰ পাছৰ পৰা পৰৱৰ্তী পাঁচটা বছৰত ৰাজ্য চৰকাৰসমূহক এটা নিৰ্দিষ্ট অনুপাতত জিএছটিৰ ক্ষতিপূৰণ দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল৷ পৰিকল্পনা অনুসৰি এই পাঁচ বছৰৰ ভিতৰত দেশৰ সকলোবিলাক ৰাজ্যই পণ্য আৰু সেৱা কৰ ব্যৱস্থাৰ ক্ষেত্ৰত নিজকে খাপ খুৱাই ল’ব পাৰিব আৰু পাঁচ বছৰ অতিক্ৰম কৰাৰ পাছত পণ্য আৰু সেৱা কৰৰ ক্ষেত্ৰত ৰাজ্যসমূহ স্বনিৰ্ভৰশীল হৈ পৰিলে কেন্দ্ৰীয় চৰকাৰে ক্ষতিপূৰণ প্ৰদান বন্ধ কৰিব৷ কেন্দ্ৰীয় চৰকাৰে এই ব্যৱস্থা জিএছটি [ৰাজ্যলৈ ক্ষতিপূৰণ] আইন-২০১৭ ৰ অধীনত সংশোধিত কৰি বলৱৎ কৰিছিল৷ সেই অনুসৰি চলিত বৰ্ষৰ জুনত কেন্দ্ৰীয় চৰকাৰে বিগত পাঁচ বছৰে প্ৰদান কৰি অহা জিএছটিৰ ক্ষতিপূৰণৰ ম্যাদ উকলিব৷ ম্যাদ ওকলাৰ ঠিক পূৰ্বেই দেশৰ কেইবাখনো ৰাজ্যই ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থা আৰু কিছুদিনলৈ অব্যাহত ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰক আবেদন জনাইছে৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ঘোষণাৰ কিছুদিন পাছত সেই আবেদন সন্দৰ্ভত নিজৰ মতামত আগবঢ়াইছে আৰু ৰাজ্যসমূহৰ আবেদন কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন বুলিও তেওঁ প্ৰকাশ কৰিছে৷ পিছে জিএছটিৰ ক্ষতিপূৰণ প্ৰদানৰ ম্যাদ বৃদ্ধিৰ আবেদন অসমে জনাইছে নে নাই সেই সন্দৰ্ভত এতিয়াও নিৰ্দিষ্ট তথ্য পোৱা হোৱা নাই৷ কেন্দ্ৰীয় চৰকাৰৰ জিএছটিৰ ক্ষতিপূৰণ প্ৰদানৰ ম্যাদ উকলি যাবলৈ লোৱাৰ সময়তে অসমৰ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত ইতিবাচক তথ্য প্ৰকাশ পাইছে৷ অসমে ২০২০-২১ বিত্তীয় বৰ্ষত প্ৰায় ১৬ হাজাৰ কোটি টকাৰ জিএছটি বা পণ্য বা সেৱা কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷ ৰাজ্যৰ বিত্তীয় ক্ষেত্ৰত এয়া এক অভিলেখ হিচাপে পৰিগণিত হৈছে৷ আনহাতে কেন্দ্ৰীয় চৰকাৰে ক্ষতিপূৰণ প্ৰদান বন্ধ কৰিবলৈ লোৱাৰ সময়ত অসমৰ জিএছটি সংগ্ৰহ বৃদ্ধি পোৱাটোৱে ৰাজ্যখনক কৰৰ জৰিয়তে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল কৰি তোলাটো প্ৰতীয়মান হৈছে৷ অসমৰ কৰ বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি ২০২০-২১ বিত্তীয় বৰ্ষত জিএছটি সংগ্ৰহ হৈছে ১৫,১৫,৪৮৭.৭৭ টকা বা প্ৰায় ১৬ হাজাৰ কোটি টকা৷ ২০২০-২১ বিত্তীয় বৰ্ষৰ সিংহভাগ সময় ক’ভিড অতিমাৰীয়ে সমগ্ৰ ৰাজ্যক বিপৰ্যস্ত কৰি ৰাখিছিল৷ তদুপৰি এই বিত্তীয় বৰ্ষৰ মাজতে ৰাজ্যত অনুষ্ঠিত হৈছিল বিধান সভাৰ নিৰ্বাচন৷ ঘাইকৈ ক’ভিড অতিমাৰী নিয়ন্ত্ৰণৰ বাবে ৰাজ্যৰ সকলো বিভাগ যিদৰে জড়িত হৈ পৰিবলগীয়া হৈছিল সেইদৰে অতিমাৰীৰ সময়ছোৱাত কৰ বিভাগৰ বিষয়া-কৰ্মচাৰীকো প্ৰত্যক্ষভাৱে ক’ভিড নিয়ন্ত্ৰণ কেন্দ্ৰসমূহত নিয়োগ কৰা হৈছিল৷ ফলত তেওঁলোকে এই সময়ছোৱাত পূৰ্বৰ দৰে জিএছটি সংগ্ৰহ কৰিব পৰা নাছিল৷ তদুপৰি এই সময়ছোৱাত দেশৰ লগতে ৰাজ্যৰ সকলো ব্যৱসায়-বাণিজ্য লকডাউনৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ আছিল৷ দিনটোৰ অধিকাংশ সময় সান্ধ্য আইন বলৱৎ কৰি ৰাখি ক’ভিড নিয়ন্ত্ৰণৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়ত স্বাভাৱিকতে ব্যৱসায়িক কাম-কাজ, দোকান-পোহাৰ আৰু অৰ্থনৈতিক সকলোবিলাক কাম-কাজেই বন্ধ কৰি ৰাখিবলগীয়া হৈছিল৷ এনেদৰে ব্যৱসায়-বাণিজ্য বন্ধ হৈ যোৱাৰ ফলত ব্যৱসায়ীসকলক কেন্দ্ৰীয় চৰকাৰে জিএছটি প্ৰদান ক্ষেত্ৰতো শিথিলতা প্ৰদান কৰিছিল৷ অনুৰূপ পৰিস্থিতি তাৰ আগৰ ২০১৯-২০ বিত্তীয় বৰ্ষতো দেখা গৈছিল৷ ক’ভিডৰ সেই অতিমাৰী পৰিস্থিতি সমগ্ৰ বিশ্বৰ লগতে অসমৰ বাবেও তেনেই নতুন আৰু অপৰিচিত আছিল৷ সেই পৰিস্থিতিত বিগত বিত্তীয় বৰ্ষত অসমে সংগ্ৰহ কৰিছিল ১৪,৯৬,৬৭৮.০০ টকা৷ কিন্তু পৰৱৰ্তী বছৰত অৰ্থাৎ ২০২০-২১ বিত্তীয় বৰ্ষত ক’ভিড অতিমাৰী পৰিস্থিতিৰ সৈতে ভালদৰে পৰিচিত হৈ পৰাৰ ফলত এইবাৰৰ জিএছটি সংগ্ৰহত পূৰ্বৰ বছৰৰ দৰে অসুবিধা হোৱা নাই৷ নতুনকৈ দায়িত্বভাৰ লোৱা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ৰাজকোষৰ অৱস্থা শোচনীয় হোৱা দেখি পণ্য আৰু সেৱা কৰৰ জৰিয়তে ৰাজকোষ টনকিয়াল কৰিবলৈ কাৰ্যকৰী আৰু কঠোৰ ব্যৱস্থা হাতত লৈছিল৷ সেই কঠোৰ ব্যৱস্থাৰ ফল দেখা গৈছে এতিয়া৷ কিয়নো অসমে ২০২০-২১ বিত্তীয় বৰ্ষত অভিলেখ সৃষ্টি কৰি জিএছটি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ ফলত অহা জুনৰ পৰা জিএছটিৰ কেন্দ্ৰীয় ক্ষতিপূৰণ প্ৰদানৰ ম্যাদ শেষ হ’লেও অসমে কৰৰ জৰিয়তে ৰাজহ সংগ্ৰহ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে৷