Logo
image

হনুমান বিনেই লংকাত জুই

জৰুৰী অৱস্থা জাৰি

আমাৰ অসম, ৩ এপ্ৰিলঃ ত্ৰেতাযুগত হনুমানে জুই লগাইছিল লংকাত৷ প্ৰভু শ্ৰীৰামচন্দ্ৰৰ ক্ষমতাৰ উমান দেখুৱাবলৈ আৰু ৰাৱণৰ ৰাজসভাত দূত হিচাপে সহিবলগীয়া হোৱা অপমানৰ পোতক তুলিবলৈ হনুমানে জুই লগাই স্বৰ্ণলংকা ছাৰখাৰ কৰিছিল৷ ত্ৰেতাযুগ পাৰ হৈ দ্বাপৰ যুগলৈকে জীয়াই থকা হনুমান এতিয়া নাই৷ কিন্তু সেই শ্ৰীলংকাত এতিয়া পুনৰ জুই জ্বলিছে৷ হনুমানবিনে জ্বলা এই জুই ক্ষুধাৰ, আৰ্থিক সংকটৰ৷ এই সংকটত পৰি শ্ৰীলংকাত এতিয়া যি জুই জ্বলিছে সেই জুই নুমুওৱা দেশখনৰ চৰকাৰৰ বাবে অসম্ভৱ হৈ পৰিছে, যিদৰে অসম্ভৱ হৈছিল হনুমানে জ্বলোৱা জুইকুৰা নিৰ্বাপিত কৰাৰ৷ এনে কঠিন পৰিস্থিতিত পৰি অৱশেষত উপায়হীন হৈ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষই দেশত জৰুৰী অৱস্থা ঘোষণা কৰিবলৈ বাধ্য হৈছে৷ শনিবাৰে ৰাষ্ট্ৰপতিয়ে দ্বীপ ৰাষ্ট্ৰখনত জৰুৰী অৱস্থা ঘোষণা কৰি এই চৰম আৰ্থিক সংকটৰ পৰা চৰকাৰ আৰু দেশক ৰক্ষা কৰিবলৈ শেষ প্ৰচেষ্টা চলাইছে৷ উল্লেখ্য, যোৱা বৃহস্পতিবাৰে মাজনিশা ৰাজধানী কলম্বোত ৰাষ্ট্ৰপতি ৰাজাপক্ষৰ পদত্যাগৰ দাবীত হাজাৰ হাজাৰ জনতাই ৰাষ্ট্ৰপতি ভৱনৰ সন্মুখত হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰে৷ আৰক্ষী, নিৰাপত্তা বাহিনীৰ সৈতে বিক্ষোভকাৰীৰ ভয়ংকৰ সংঘৰ্ষৰ সৃষ্টি হয়৷ প্ৰাথমিকভাৱে আৰক্ষীয়ে সেই বিক্ষোভ দমন কৰিবলৈ ব্যৰ্থ হয়৷  ফলত স্থানীয় প্ৰশাসনে বিক্ষোভকাৰীক ছত্ৰভংগ দিয়াবলৈ বিশেষ টাস্কফ’ৰ্চক নিয়োগ কৰিবলগীয়া হয়৷ জনতাৰ এই প্ৰবল বিক্ষোভ আৰু নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এজন এছ পিসহ পাঁচজন আৰক্ষী বিষয়া আহত হয়৷ উন্মত্ত জনতাই আৰক্ষীৰ এখন বাছ, এখন জীপ আৰু দুখন মটৰ চাইকেল জ্বলাই ছাঁই কৰে৷ ইয়াৰ পাছতে ৰাজধানী কলম্বোকে ধৰি দেশৰ বিভিন্ন স্থানত সংঘৰ্ষৰ আশংকাত চৰকাৰে সান্ধ্য আইন জাৰি কৰিবলগীয়া হয়৷ উল্লেখ্য, সেইদিনা অৰ্থাৎ বৃহস্পতিবাৰে শ্ৰীলংকাত ডিজেলৰ অভাৱৰ বাবে দেশজুৰি ১৩ ঘণ্টাৰ বাবে বিদ্যুৎ সৰবৰাহ বন্ধ ৰখা হৈছিল৷ এনেয়েও খাবলৈ সামান্য দাইল-ৰুটি কিনিব নোৱাৰাৰ অৱস্থা সৃষ্টি হোৱাত ক্ষোভত জ্বলি-পকি আছিল দেশখনৰ জনতা৷ তেনে সময়তে ১৩ ঘণ্টাকৈ বিদ্যুৎ কৰ্তন কৰাত ক্ষোভত ফাটি পৰি শ্ৰীলংকাৰ জনতাই চৰকাৰৰ বিৰুদ্ধে মুকলিকৈ বিক্ষোভ কৰিবলৈ বাহিৰলৈ ওলাই আহে৷ ৰাজধানী কলম্বোৰ পৰিস্থিতি তাহানিৰ ফৰাচী বিপ্লৱৰ পৰিস্থিতিৰ দৰে হোৱাৰ দিশে আগবাঢ়িছে৷ কিয়নো খাবলৈ ৰুটি নোহোৱাৰ বাবেই ফ্ৰান্সত চৰম আৰ্থিক সংকটৰ সময়ত সাধাৰণ জনতা এনেদৰে ৰাজপথলৈ ওলাই আহি বিক্ষোভ আৰম্ভ কৰিছিল৷ সেই বিক্ষোভৰ পূৰ্বেই যেতিয়া দেশৰ জনতাই খাবলৈ ৰুটি নাই বুলি চৰকাৰক কৈছিল, তেতিয়া দেশৰ সেই বাস্তৱ পৰিস্থিতি উপলব্ধি কৰিব নোৱাৰা সম্ৰাট ষোড়শ লুইৰ পত্নী সম্ৰাজ্ঞী মেৰী আতোঁৱেতে দেশৰ জনতাক ৰুটি নাই যদি কেক খাবলৈ পৰামৰ্শ দিছিল৷ ইয়াৰ পাছতে ক্ষোভত ফাটি পৰা দেশৰ জনতা ৰাজপথলৈ ওলাই আহিছিল আৰু পেৰিছৰ নাতিদূৰৈত থকা ভাৰ্চাই ৰাজপ্ৰাসাদৰ পৰা সম্ৰাট ষোড়শ লুই আৰু সম্ৰাজ্ঞী মেৰী আতোঁৱেতেক ধৰি লৈ আহিছিল আৰু কেইদিনমানৰ পাছতে তেওঁলোকক শিৰশ্ছেদ কৰি হত্যা কৰিছিল৷ সেয়াই আছিল মহান ফৰাছী বিপ্লৱৰ সূচনা আৰু এই বিপ্লৱ আৰম্ভ হৈছিল জনতাই পেটলৈ খুদকণ এটা নিব নোৱাৰাৰ অৱস্থা সৃষ্টি হোৱাৰ বাবে৷ ভাৰতৰ প্ৰতিৱেশী ক্ষুদ্ৰ দ্বীপৰাষ্ট্ৰ খনৰ অৱস্থা এতিয়া তাহানিৰ ফ্ৰান্সতকৈ বিশেষ পৃথক নহয়৷ চৰম মুদ্ৰাস্ফীতি আৰু মূল্যবৃদ্ধিয়ে দেশখনত এনে এক অৱস্থাৰ সৃষ্টি কৰিছে য’ত দেশৰ জনতাই সামান্য খাদ্যও ক্ৰয় কৰিবলৈ সক্ষম হোৱা নাই৷ বিগত প্ৰায় এপষেক ধৰি আৰু শেহতীয়া এসপ্তাহত দেশখনত খাদ্য সামগ্ৰী আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ যোগানো নোহোৱা হৈ পৰিছে৷ কেইদিনমান আগলৈকে প্ৰতি কিলোগ্ৰামত পাঁচশ টকাকৈ খৰচ কৰি দাইল-তেল ক্ৰয় কৰিবলগীয়া হৈছিল শ্ৰীলংকাৰ নাগৰিকে৷ আজিৰ দিনটোত পাঁচশ টকা বাদেই, এহাজাৰ টকা খৰচ কৰিলেও দাইল-তেল পাবলৈ নাই৷ কিয়নো দেশত মজুত থকা সকলো সামগ্ৰীৰ ভঁৰাল উদং হৈ পৰিছে৷ ৰাজকোষত এটকাও ধন নোহোৱা হৈ পৰাৰ বাবে চৰকাৰে কোনো সামগ্ৰীয়েই আমদানি কৰিব পৰা নাই৷ মাথোঁ এপষেক পূৰ্বে নিউজপ্ৰিণ্টৰ অভাৱৰ বাবে শ্ৰীলংকা চৰকাৰে দেশখনৰ  সকলো পৰীক্ষা বাতিল কৰোতেই চুবুৰীয়া ভাৰতকে ধৰি আন আন ৰাষ্ট্ৰৰ চকু কপালত উঠিছিল৷ দেশখন চৰম আৰ্থিক মহামন্দাৰ কবললৈ গমন কৰা বুলি তেতিয়াহে অনেকেই উপলব্ধি কৰিছিল৷ তাৰ পাছৰ পৰা কোনেও শ্ৰীলংকাৰ ভাল খবৰ শুনা নাই৷ আকালৰ ফলত শ্ৰীলংকাৰ তামিল মূলৰ নাগৰিক জাহাজত উঠি ভাৰতলৈ পলাই আহিছে৷ আনহাতে স্থানীয় সিংহলী নাগৰিকে খাদ্য-পানী- ঔষধকে ধৰি সকলো নিত্যব্যৱহাৰ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱত পৰি খাবলৈ নোপোৱাকৈ দিন কটাবলৈ বাধ্য হৈছিল৷ এনে এক পৰিস্থিতি হোৱাৰ বাবে দেশৰ জনতাই ৰাষ্ট্ৰপতি পদত্যাগৰ দাবীত হিংস্ৰ আৰু উত্তাল বিক্ষোভ কৰিবলৈ বাধ্য হৈছে৷ জনতাৰ এই বিক্ষোভ তেওঁলোকক প্ৰয়োজনীয় সামগ্ৰীৰ যোগানেৰে প্ৰশমন কৰিব নোৱাৰি দমনমূলকভাৱে বিক্ষোভ ব্যৰ্থ কৰিবলৈ ৰাজাপক্ষ  চৰকাৰে জৰুৰী অৱস্থা ঘোষণা কৰিছে৷ কিয় শ্ৰীলংকাৰ হঠাতে এনে অৱস্থা হ’ল? প্ৰকৃততে ভাৰতৰ চুবুৰীয়া দেশৰাষ্ট্ৰখনৰ এনে আৰ্থিক মন্দাৱস্থা হঠাতে সৃষ্টি হোৱা নাই৷ চৰম মন্দাৱস্থাৰ খবৰহে এতিয়া চুবুৰীয়া বা আন আন ৰাষ্ট্ৰই জানিব পাৰিছে৷ প্ৰায় ডেৰ দশকপূৰ্বেই আগশাৰীৰ অৰ্থনীতিবিদে এনে এক আশংকাৰ কথা কৈ সাৱধানবাণী শুনাইছিল৷ তামিল বিদ্ৰোহীক নিপাত কৰাৰ বাবে শ্ৰীলংকাৰ তৎকালীন ৰাষ্ট্ৰপতি আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষই সামৰিক বাজেটত অস্বাভাৱিকভাৱে বিপুল অংকৰ ধন ব্যয় কৰাৰ সিদ্ধান্ত লোৱাৰ ফলতে দেশৰ অৰ্থনীতিৰ ভেঁটি দুৰ্বল হৈ পৰিব পাৰে৷ সেই আশংকা যে সত্য আছিল সেয়া এতিয়া প্ৰমাণিত হৈছে৷ প্ৰকৃততে ১৯৪৮ চনত ব্ৰিটিছ শাসকৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছৰ পৰা কোনোদিনেই শ্ৰীলংকাৰ অৰ্থনৈতিক পৰিস্থিতি এনে শোচনীয় হোৱা নাছিল৷ শেহতীয়া ক’ভিড অতিমাৰীৰ সময়ৰ পৰা দেশখনৰ অৰ্থনৈতিক বিপৰ্যয়ৰ ৰূপ সকলোৰে ওচৰত স্পষ্ট হৈ পৰে৷ ঘাইকৈ দেশখনে বিদেশী ঋণৰ বোজা কঢ়িয়াব নোৱাৰি এনে সংকটৰ মুখামুখি হৈছে৷ ২০১৯ চনৰ শেষত শ্ৰীলংকাৰ বিদেশী ঋণৰ পৰিমাণ আছিল দেশখনৰ জিডিপিৰ ৯৪ শতাংশ৷ সেই সংখ্যা ২০২১ৰ শেষলৈ ১১৯ শতাংশলৈ বৃদ্ধি হয়৷ ফলত দেশখনৰ বিদেশী ঋণ লাভ কৰাৰ পথ বন্ধ হৈ যায়৷ এনে পৰিস্থিতিত শ্ৰীলংকাই কোনো সামগ্ৰী আমদানি কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হয়৷ কিয়নো ঋণ ঘূৰাই দি দেশখনৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ তেনেই শুকাই গৈছিল৷ অনেকেই দাবী কৰে চীনৰ ঋণৰ ফান্দত পৰিয়েই শ্ৰীলংকাৰ এনে দশা হৈছে৷ বিগত বহুবছৰ ধৰি শ্ৰীলংকাৰ বজাৰত চীনৰ প্ৰভাৱ ক্ৰমাৎ ঊধবৰ্মুখী হৈছিল৷ চীনে শ্ৰীলংকাক বিশাল পৰিমাণৰ ঋণ প্ৰদান কৰি তেওঁলোকৰ পৰা সুদ লৈ একেবাৰে দেশখনক শুহি পেলাইছিল৷ অহা দুবছৰৰ ভিতৰত শ্ৰীলংকাই চীনক ২৬,৫৭৫ কোটি টকা পৰিশোধ কৰিবলৈ বেইজিঙে কলম্বোক কাৰ্যতঃ নিৰ্দেশ দিছে৷ চলিত বছৰৰ ভিতৰত শ্ৰীলংকাই ৫২,৪০০ কোটি টকা আন্তঃৰাষ্ট্ৰীয় ঋণ পৰিশোধ কৰিব লাগিব৷ অথচ দেশখনত বিদেশীমুদ্ৰাৰ সঞ্চয় আছে মাত্ৰ ১৭,৫৪০ কোটি টকা৷ এই কথা বুজাই কোৱাৰ প্ৰয়োজন নাই যে বিদেশী মুদ্ৰাৰ ভাণ্ডাৰ নাথাকিলে কোনো দেশেই আমদানি কৰিব নোৱাৰে৷ ঘাইকৈ ইন্ধনৰ আমদানি অসম্ভৱ হৈ  পৰে৷ এই সংকটৰ মুহূৰ্তত চীনে ঋণ পৰিশোধ কৰিবলৈ ভাবুকিহে দিছে কিন্তু দেশখনৰ কাষত থিয় হোৱা নাই৷ পিছে ভাৰতে চুবুৰীয়া দেশখনক সংকটৰ পৰা ওলাই অহাৰ বাবে কম সুদত ৭,৬০০ কোটি টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰিছে৷ অৱশ্যে ভাৰতৰ এক বিলিয়ন মাৰ্কিন ডলাৰেৰে শ্ৰীলংকাৰ আৰ্থিক সংকটৰ সমাধান নহয়৷ যিখন দেশৰ সাধাৰণ চাহৰ দোকানত একাপ চাহৰ দাম এতিয়া ১০০ টকা, ১ কিলোগ্ৰাম চাউলৰ দাম য’ত ৫০০ টকা আৰু ১ কিলোগ্ৰাম চেনিৰ দাম য’ত ৬০০ টকা, সেইখন দেশ আৰু দেশৰ বজাৰত এতিয়া হনুমান অবিহনে জুই জ্বলিছে, লংকাকাণ্ড হৈছে৷