Logo
image

সলসলীয়াকৈ অসমীয়া শিকিম

ছিৰাজউদ্দিনৰ ক্ষমা প্ৰাৰ্থনা

আমাৰ অসম,৩ এপ্ৰিলঃ অসমীয়া ভাষা তথা অসমীয়া স্বাভিমানত আঘাত হনা বক্তব্য ৰাখি অৱশেষত ইংৰাজীতে ক্ষমা খুজিলে মৌলানা বদৰুদ্দিন আজমলৰ ভ্ৰাতৃ তথা যমুনামুখৰ বিধায়ক ছিৰাজুদ্দিন আজমলে৷ ইংৰাজী ভাষাত এটি ভিডিঅ’বাৰ্তা প্ৰেৰণ কৰি তেওঁ অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিছিল৷ লগকে এই অংগীকাৰো কৰিছে যে তেওঁ খুব সোনকালেই সলসলীয়াকৈ অসমীয়া ক’ব পৰা হ’ব৷ শুকুৰবাৰে চিৰাজুদ্দিন আজমলে এক বাৰ্তা জাৰি কৰি উল্লেখ কৰিছিল যে তেওঁ অসম সাহিত্য সভাৰ আজীৱন সদস্য হোৱাৰ লগতে আজমল পৰিয়ালে অসম আৰু অসমীয়াৰ হকে সদায়ে কাম কৰি গৈছে৷ এই বাৰ্তাৰ জৰিয়তে তেওঁ অসমীয়া ৰাইজৰ খং-ক্ষোভ প্ৰশমনৰ চেষ্টা কৰিছিল যদিও প্ৰতিক্ৰিয়া শাম কটা নাছিল৷  সেয়েহে আজি পুনৰ এক ভিডিঅ’বাৰ্তা জাৰি কৰি চিৰাজুদ্দিনে কয় যে তেওঁ কোনোদিনেই অসম, অসমীয়া আৰু অসমীয়া ভাষাক ইতিকিং কৰা নাই৷ তেওঁ সলসলীয়াকৈ অসমীয়া ক’ব পৰাকৈ শিকিব৷ তেওঁ অসমবাসীৰ মনত আঘাত দিয়াৰ উদ্দেশ্যেৰে এই মন্তব্য কৰা নাছিল৷ যদি তেওঁৰ মন্তব্যই অসমবাসীৰ মনত আঘাত হানিছে তাৰ বাবে  চিৰাজুদ্দিনে অন্তৰেৰে ক্ষমা বিচৰা বুলি ভিডিঅ’টোত উল্লেখ কৰে৷ উল্লেখ্য যে ৩১ মাৰ্চত ৰাজ্যসভাৰ বিতৰ্কৰ উত্তৰ দিবলৈ যমুনামুখৰ বিধায়ক চিৰাজুদ্দিন আজমলে অসমীয়া ভাষাক লৈ বিৰূপ মন্তব্য কৰিছিল৷  ইয়াৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ ‘মই ইণ্টাৰনেশ্যনেল মানুহ, অসমীয়া নকও’–এনেধৰণে অদ্ভূত মন্তব্য কৰিছিল চিৰাজুদ্দিন আজমলে৷ চিৰাজুদ্দিন আজমলৰ এই মন্তব্যৰ পাছত ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ দাহন হয় আজমল, চিৰাজুদ্দিনৰ প্ৰতিমূৰ্তি৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মায়ো চিৰাজুদ্দিন আজমলৰ বক্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ অৱশ্যে তেওঁৰ প্ৰতিক্ৰিয়া চিৰাজুদ্দিনক লৈ খুবেই নৰম বুলি চৰ্চা হৈছে৷ মুখ্যমন্ত্ৰীয়ে  চিৰাজুদ্দিন আজমলৰ বক্তব্য গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰি  কৈছে যে ভৰিৰ তলৰ মাটি নাথাকিলে কোনো ইণ্টাৰনেশ্যনেল হ’ব নোৱাৰে৷ ইণ্টাৰনেশ্যনেল মানুহে অসমীয়া নাজানো বুলি কোৱা কথাটো আচৰিত কথা৷ চিৰাজুদ্দিন আজমলক সলসলীয়াকৈ অসমীয়া শিকি ল’বলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়৷

বদৰুদ্দিন আজমলৰ ভ্ৰাতৃ চিৰাজুদ্দিন আজমলে অসমীয়া ভাষা ক’ব নাজানো বুলি কোৱাৰ লগতে ভাষাটোক তুচ্ছ-তাচ্ছিল্য কৰাৰ বাবে গৰজি উঠিছে অসমৰ বিভিন্ন স্থানৰ লগতে জামুগুৰিহাটৰ বিভিন্ন দল -সংগঠন আৰু ব্যক্তি বিশেষ৷ জামুগুৰিহাটত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা বাৰেচহৰীয়া ভাওনা সমিতিৰ সভাপতি ভৱ গোস্বামীয়ে৷ সভাপতিজনে কয়– অসমীয়া জাতিৰ কাৰণে এয়া দুৰ্ভাগ্যজনক৷ ছিৰাজুদ্দিনৰ নিচিনা মানুহ অসমত থকাৰ নৈতিক অধিকাৰ নাই৷ ৰাজনৈতিক ক্ষমতাত থকা লোকসকলে এইসকল লোকক উচিত শিক্ষা দিব লাগে৷ ইফালে চিৰাজুদ্দিন আজমলৰ বিৰুদ্ধে সোচ্ছাৰ হৈ উঠিছে যুৱ-ছাত্ৰ পৰিষদৰ জামুগুৰি আঞ্চলিক সমিতিও৷ সমিতিৰ সভাপতি প্ৰাঞ্জন বৰা আৰু সম্পাদক নিৰ্মল দাসে চিৰাজুদ্দিন আজমলৰ এই মন্তব্য দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি আচলতে অসমীয়া ভাষাৰ প্ৰতি এআইইউডিএফৰ বিধায়কজনৰ এই মনোভাৱে তেওঁৰ প্ৰকৃত ছবিখন প্ৰকট কৰি তুলিছে বুলি কয়৷