Logo
image

১২ দিনত ১০বাৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য

আমাৰ অসম, ৩ এপ্ৰিলঃ ৰাজ্যত এতিয়া সৰ্বত্ৰে মূল্যবৃদ্ধিৰ জুই, সকলো অত্যাৱশ্যকীয় আৰু নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে দহিছে ৰাজ্য৷ কি খাদ্যবস্তু, কি শাক-পাচলি, কি গৃহ নিৰ্মাণৰ সামগ্ৰী, যান-বাহন, ঔষধ, টোলটেক্স– সকলো এতিয়া মহঙা৷ ইয়াৰ মাজতে প্ৰতিদিনেই বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য৷ প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্যই ১০০ টকাৰ সীমা পাৰ কৰিছে৷ পেট্ৰ’ল-ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে জুৰুলা প্ৰজাক যেন কটাঘাত চেঙাতেলহে দিছে৷ বিগত ১২ দিনত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি হৈছে ১০ বাৰ৷ বাঢ়ি বাঢ়ি শনিবাৰৰ দিনটোত গুৱাহাটীত পেট্ৰ’লৰ মূল্য হৈছেগৈ প্ৰতি লিটাৰত ১০২.৮৯ টকা আৰু ডিজেলৰ মূল্য হৈছেগৈ প্ৰতি লিটাৰত ৮৮.৭৫ টকা৷ বিগত কেইটামান দিনত গুৱাহাটীত পেট্ৰ’লৰ মূল্য আছিল এনেধৰণৰ– ২৪ মাৰ্চত ৯৬.৩৪ টকা, ২৫ মাৰ্চত ৯৭.২৩ টকা, ২৬ মাৰ্চত ৯৮.১২ টকা, ২৭ মাৰ্চত ৯৮.৬৭ টকা, ২৮ মাৰ্চত ৯৯ টকা, ২৯ মাৰ্চত ৯৯.৮৯ টকা, ৩০ মাৰ্চত ১০০.৭৮ টকা, ৩১ মাৰ্চত ১০১.৬৭ টকা আৰু ১ এপ্ৰিলত ১০১.৬৭ টকা৷ আনহাতে, ডিজেলৰ মূল্য আছিল এনেধৰণৰ– ২৪ মাৰ্চত ৮২.৬৭ টকা, ২৫ মাৰ্চত ৮৩.৩৬ টকা, ২৬ মাৰ্চত ৮৪.২১ টকা, ২৭ মাৰ্চত ৮৪.৭৯ টকা, ২৮ মাৰ্চত ৮৫.১৬ টকা, ২৯ মাৰ্চত ৮৫.৯০ টকা, ৩০ মাৰ্চত ৮৬.৭৫ টকা, ৩১ মাৰ্চত ৮৭.৫৯ টকা আৰু ১ এপ্ৰিলত ৮৭.৫৯ টকা৷ শনিবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন জিলাত পেট্ৰ’লৰ মূল্য আছিল এনেধৰণৰ– বাগ্‌সাত ১০২.৯১ টকা, বৰপেটাত ১০৩.২২ টকা, বিশ্বনাথত ১০৩.৯৫ টকা, বঙাইগাঁৱত ১০২.৫০ টকা, কাছাৰত ১০৩.৩৩ টকা, চৰাইদেউত ১০৩.৩৪ টকা, চিৰাঙত ১০২.৫০ টকা, দৰঙত ১০২.৭৮ টকা, ধেমাজিত ১০৪.৩৮ টকা, ধুবুৰীত ১০৪.০২ টকা, ডিব্ৰুগড়ত ১০৩.২৭ টকা, ডিমা হাচাওত ১০৪.৭৯ টকা, গোৱালপাৰাত ১০৩.৪৭ টকা, গোলাঘাটত ১০২.৭২ টকা, হাইলাকান্দিত ১০৩.৮৬ টকা, হোজাইত ১০৩.৯৯ টকা, যোৰহাটত ১০২.৮৭ টকা, কামৰূপত ১০৩.০২ টকা, কামৰূপ মহানগৰত ১০২.৮৯ টকা, কাৰ্বি আংলঙত ১০৩.৭২ টকা, কৰিমগঞ্জত ১০৩.৫২ টকা, কোক্‌ৰাঝাৰত ১০৩.১৫ টকা, লখিমপুৰত ১০৪.৭২ টকা, মাজুলীত ১০৫.০২ টকা, মৰিগাঁৱত ১০৩.১৮ টকা, নগাঁৱত ১০৩.২২ টকা, নলবাৰীত ১০৩.২৫ টকা, শিৱসাগৰত ১০৩.৫২ টকা, শোণিতপুৰত ১০২.৮৩ টকা, তিনিচুকীয়াত ১০২.৮২ টকা, ওদালগুৰিত ১০৩.৬৪ টকা আৰু পশ্চিম কাৰ্বি আংলঙত ১০৪.১৪ টকা৷ শনিবাৰৰ দিনটোত ৰাজ্যৰ ভিতৰত মাজুলীত সৰ্বাধিক আছিল পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ক্ৰমে– ১০৫.০২ টকা আৰু ৯০.৭২ টকা৷ লক্ষ্যণীয় যে, দেশৰ পাঁচ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ পাছতে কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল-ডিজেল তথা ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বন্ধ দুৱাৰ যেন মুকলি কৰিহে দিয়ে৷ নিৰ্বাচনী অংকত কোনোমতে তিনিমাহ পেট্ৰ’ল-ডিজেলৰ দাম নিয়ন্ত্ৰণত ৰখা কেন্দ্ৰীয় চৰকাৰে এতিয়া তেল কোম্পানীসমূহক হাত খুলি দাম বঢ়াবলৈ কতৃৰ্ত্ব প্ৰদান কৰিছে৷ ইয়াৰ পৰিণতিত নিৰ্বাচন সমাপ্ত হোৱাৰ পাছতে দেশত পেট্ৰ’ল-ডিজেলৰ মূল্য ৰকেটৰ বেগত ঊধবৰ্মুখী হ’বলৈ আৰম্ভ কৰিছে৷ এই গতিত মূল্য বৃদ্ধি হৈ থাকিলে খুব সোনকালে পেট্ৰ’ল-ডিজেলৰ মূল্যই লিটাৰে প্ৰতি ১২৫-১৩০ টকা পৰ্যন্ত হোৱাৰ সম্ভাৱনাও প্ৰকট হৈ উঠিছে৷

পেট্ৰ’ল, ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি নগাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে চি পি আই[এম]দলে৷ মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ তুলি চি পি আইৰ[এম] নগাঁও জিলা সমিতিয়ে মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত আজি নগাঁও চহৰত এক প্ৰতিবাদী সমদল উলিয়ায়৷ প্ৰতিবাদকাৰীসকলে মূল্যবৃদ্ধি ৰোধ কৰক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হায় হায়, অসম চৰকাৰ হায় হায় আদি বিভিন্ন ধবনি দি নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰীসকলে কয়- অভাৱনীয় মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজৰ জীৱিকা নিৰ্বাহ কৰাত সমস্যাৰ সৃষ্টি কৰিছে৷ পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ, ঔষধকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম প্ৰতিনিয়ত বাঢ়ি আছে৷ তাৰ পাছতো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰাত কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই৷ চি পি আই[এম] দলে শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনায়৷ শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ নকৰিলে চি পি আই [এম] দলে ব্যাপক আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে৷ সমদলৰ অন্তত চি পি আই[এম] দলৰ নগাঁও জিলা সমিতিয়ে মুখ্যমন্ত্ৰীলৈ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী জনাই এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে৷

ৰাজ্যত বিভিন্ন সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি লখিমপুৰত কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ খাদ্যসামগ্ৰী, ঔষধ, ইন্ধনজাত সামগ্ৰী, নিৰ্মাণ সামগ্ৰীকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে৷ লখিমপুৰ জিলা কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাতে হাতে প্লেকাৰ্ড লৈ বিজেপি চৰকাৰ হায় হায়, মূল্যবৃদ্ধি হ্ৰাস কৰক আদি শ্ল’গানেৰে প্ৰতিবাদস্থলীৰ পৰিৱেশ উত্তাল কৰি তোলে৷ কংগ্ৰেছে লগতে অতিশীঘ্ৰে বিজেপি চৰকাৰক ৰলাখ নিযুক্তি দিবলৈয়ো দাবী জনায়৷ আজিৰ প্ৰতিবাদী কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি জয়ন্ত কলিতা, যুটীয়া সম্পাদক অবিনাস গগৈ, জিলা কংগ্ৰেছৰ সভাপতি প্ৰদীপ গগৈ, উপ-সভপতি গগণ দত্ত, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক গংগাজ্যোতি টায়েগাম, মহিলা কংগ্ৰেছৰ সভানেত্ৰী হাফিজা বেগমৰ লগতে ব্লক কংগ্ৰেছ, মহিলা কংগ্ৰেছ আদিৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে৷

ৰাজ্যত বছেৰেকত একাধিকবাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটাৰ বাবে সমগ্ৰ অসমৰ লগতে আজি সৰভোগতো চিপিআইএমে প্ৰতিবাদ সাব্যস্ত কৰে৷ আজি চিপিআইএমৰ লোকেল কমিটীৰ উদ্যোগত দলীয় নেতা-কৰ্মীসকলে সৰভোগ হাইৱে’চ’কৰ পৰা সৰভোগ নগৰলৈ এক প্ৰতিবাদী সমদল উলিয়ায়৷ সমদলৰ অন্তত প্ৰতিবাদকাৰীসকলে সৰভোগ বাছষ্টেণ্ড আৰু বজাৰত দুখন পথসভা অনুষ্ঠিত কৰে৷ চিপিআইএমৰ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে সৰভোগ বাছষ্টেণ্ডত মূল্যবৃদ্ধিৰ বিৰোধিতা কৰি ভাষণ প্ৰদান কৰে৷ সমদলকাৰীসকলে আজিৰ এই প্ৰতিবাদৰ সময়ত বিজেপি চৰকাৰ হায় হায়, নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ বাৰে বাৰে দাম বৃদ্ধি নচলিব, তৈলজাত সামগ্ৰীৰ দিনে দিনে মূল্যবৃদ্ধি কৰা বিজেপি চৰকাৰ হুঁচিয়াৰ, তৈল সামগ্ৰীৰ দাম বাৰে বাৰে বৃদ্ধি কৰা বিজেপি চৰকাৰ জবাব লাগে জবাব দিয়ক আদি শ্লোগানেৰে প্ৰতিবাদমুখৰ হৈ পৰা দেখা যায়৷ আজিৰ প্ৰতিবাদী কাৰ্যসূচীত চিপিআইএমৰ ৰাজ্যিক কমিটীৰ সদস্য ড॰ স্বৰ্ণলতা দাস, লোকেল কমিটীৰ সম্পাদক ছামচুল হকৰ লগতে দলীয় নেতা-কৰ্মীসকল উপস্থিত থাকে৷