Logo
image

এইবোৰ উপায়েৰে চুলি সৰা বন্ধ কৰক

চুলি সৰা বা চুলি ফটা সমস্যা আজিকালি প্ৰায়ভাগ লোকৰ ক্ষেত্ৰতে দেখিবলৈ পোৱা যায়৷ অনিয়মীয়া জীৱনশৈলী আৰু খাদ্যাভাসৰ বাবেই বহুতে এনে সমস্যাত ভোগে৷এই সমস্যাৰ পৰা পৰিত্ৰান পাবলৈ বহুতে বজাৰৰ পৰা দৰৱ বা ৰাসায়নিক দ্ৰৱ্য কিনাৰ নামত হেজাৰ হেজাৰ টকা খৰছ কৰে৷ পিছে ইয়াৰ পাছতো সমস্যাটোৰ সমাধান নহয়৷ কিন্তু চুলি ফটা বা চুলি সৰা সমস্যাৰ পৰা মুক্তি পোৱাৰ উপায়ো নথকা নহয়৷ চুলিৰ যতন লোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে ঘৰতে প্ৰস্তুত কৰা কিছুমান ‘পেক’৷ এই পেক ব্যৱহাৰ কৰিলে চুলি সুস্থ থকাৰ লগতে দ্ৰুতহাৰত চুলি বাঢ়িবলৈ ধৰে৷ উল্লেখ কৰা হ’ল চুলিৰ যতন লোৱাৰ বাবে ব্যৱহাৰ কৰিব পৰা কেইটামান উপায়–

[১] কণীঃ চুলিৰ দৈৰ্ঘ্য অনুযায়ী এটা বা দুটা কণী ভাঙি লওক৷ এচামুচ নাৰিকল তেলৰ সৈতে কণীৰ অংশ মিহলাই চুলিৰ আগৰ পৰা গুৰিলৈকে লগাওক৷ এঘণ্টা সময়‘শ্বাৱাৰ কেপ’পিন্ধি থাকক৷ ইয়াৰ পাছত ছেম্পু কৰক৷ সপ্তাহত অন্ততঃ এদিন এই উপায় অৱলম্বন কৰিলে চুলি সুস্থ থাকে৷

[২] এল’ভেৰা জেলঃ এল’ভেৰা পাতৰ পৰা ৰস উলিয়াই চুলিত লগাওক৷ ইয়াৰ পাছত তিতা টাৱেলেৰে চুলিখিনি অন্ততঃ আধাঘণ্টা সময় বান্ধি ৰাখক৷ পাছত ছেম্পু কৰক৷ সপ্তাহত অন্ততঃ দুদিন এনেদৰে কৰক৷

[৩] পিয়াঁজৰ ৰসঃ চুলিত পিয়াঁজৰ ৰস লগালেও চুলি সৰা বা ফটা সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়৷ ইয়াৰ বাবে চুলিৰ গুৰিত এঘণ্টা সময় পিয়াঁজৰ ৰস লগাই ৰাখি পাছত ছেম্পু কৰক৷ সপ্তাহত অন্ততঃ এদিন এনেদৰে কৰিলে চুলি সুস্থ থকাত সহায় হয়৷

[৪] মেথি গুটিঃ মেথি গুটি ব্যৱহাৰ কৰিও চুলি ভালে ৰাখিব পৰা যায়৷ ইয়াৰে বাবে মেথি গুটি এটা ৰাতি পানীত তিয়াই ৰাখক৷ পিছদিনা মেথি গুটিখিনি ভালদৰে বটি লৈ সামান্য অলিভ অইলৰ সৈতে মিহলাই চুলিত লগাওক৷ প্ৰায় ৪০ মিনিট সময় এনেদৰে ৰাখি ছেম্পু কৰক৷

[৫] একাধিক তেলৰ মিশ্ৰণঃ কেইবাবিধো তেল একেদৰে মিহলাই কিছু সময় গৰম কৰক৷ তেলৰ মিশ্ৰণখিনি ঠাণ্ডা হ’লে চুলিত ভালদৰে লগাওক৷ ইয়াৰ পাছত ২০ মিনিট সময় সামান্য গৰম টাৱেল এখনেৰে চুলিখিনি বান্ধি ৰাখি ছেম্পু কৰক৷

এইকেইটা উপায়েৰে চুলি সৰা বা চুলি ফটা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়৷