Logo
image

ইমৰান খানক ক্ষমতাচ্যুত কৰিবলৈ আৰম্ভ হৰ্ছট্ৰেডিং

আস্থাভোটৰ পূৰ্বে অভিযোগ পাক প্ৰধানমন্ত্ৰীৰ

আমাৰ অসম, ৩ এপ্ৰিলঃ পাকিস্তানৰ নেশ্যনেল এছেম্বলীত বিৰোধী দলসমূহে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ পাছত কাইলৈ আস্থা ভোটৰ সন্মুখীন হ’ব পাক প্ৰধানমন্ত্ৰী ইমৰান খান৷ ইপিনে আস্থাভোটৰ সন্মুখীন হোৱাৰ পূৰ্বে শনিবাৰে পাক প্ৰধানমন্ত্ৰীজনে ৰাষ্ট্ৰলৈ উদ্দেশ্যি ভাষণ প্ৰদান কৰে৷ ভাষণত দেশৰ সংকটজনক পৰিস্থিতিত যুৱসমাজক উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে বক্তব্য আগবঢ়োৱাৰ লগতে তেওঁক গাদীচ্যুত কৰিবলৈ বিৰোধী সাংসদসকলে ষড়যন্ত্ৰ ৰচনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ আনকি চৰকাৰ খনক ক্ষমতাচ্যুত কৰিবলৈ তেওঁৰ পক্ষত থকা সাংসদসকলক গৰু-ছাগলীৰ দৰে ক্ৰয় কৰা হৈছে বুলিও চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰে৷ উল্লেখ্য যে শনিবাৰে কৰা পোনপটীয়া অনুষ্ঠানটোত ইমৰান খানে দেশৰ নাগৰিকসকলৰ সৈতে ফোনক’লযোগে পোনে পোনে মত বিনিময় কৰাৰ সিদ্ধান্ত লয়৷ ইয়াৰ পূৰ্বে তেওঁ দেশবাসীলৈ উদ্দেশ্যি দিয়া ভাষণত কয় যে– পাকিস্তান এতিয়া গভীৰ সংকটত৷ এই মুহূৰ্তত দেশখনৰ ভৱিষ্যৎ কি হ’ব তাক লৈ প্ৰশ্ন আহি পৰিছে৷ ভাষণ কালত পাক প্ৰধানমন্ত্ৰীজনে কয়– ইতিহাসে একোৱেই নাপাহৰে৷ তেওঁৰ চৰকাৰক বিশ্বাসঘাতকতা কৰা সকলকো ইতিহাসে মনত ৰাখিব৷