Logo
image

ক’ভিডৰ সুযোগ লৈ দেশৰ ঔষধ-সাম্ৰাজ্য ৰিলায়েন্সৰ গ্ৰাসত

লোপ পাব সৰু-বৰ ফাৰ্মাচী  অনলাইনত ঘৰে ঘৰে ঔষধ পোৱাৰ ব্যৱস্থা

আমাৰ অসম, ৪ এপ্ৰিলঃ দেশৰ জনতালৈ হঠাতে দৰদ জাগি উঠাত ধনকুবেৰ মুকেশ আম্বানিয়ে ২০১৬ চনৰ ৫ ছেপ্টেম্বৰত ৰিলায়েন্স জিঅ’নামৰ এটা ম’বাইল নেটৱৰ্ক কোম্পানী খুলি সকলোকে বিনামূলীয়াকৈ ম’বাইল ফোনৰ সংযোগ দিছিল৷ ফ্ৰি চিম কাৰ্ড আৰু বিনামূলীয়া নেটৱৰ্ক তথা এটকাও নিদিয়াকৈ অমূল্য ডাটা পাই দেশবাসী জপিয়াই পৰিছিল ৰিলায়েন্স জিঅ’ৰ ওপৰত৷ কেইমাহমান জিঅ’ৰ ফ্ৰি নেটৱৰ্ক আৰু ফ্ৰি ডাটা ব্যৱহাৰ কৰি ডিজিটেল দুনিয়াত গ্ৰাহকসকল নিচাগ্ৰস্ত হৈ পৰাৰ পাছত মুকেশ আম্বানিৰ ৰিলায়েন্স জিঅ’ই ফ্ৰি নেটৱৰ্ক আৰু ফ্ৰি ডাটা বন্ধ কৰিলেও ৰৈ গ’ল বিপুল গ্ৰাহক৷ সেই ঘটনাৰ ৬ বছৰ সম্পূৰ্ণ হ’বলৈ ৫ মাহ বাকী থকা অৱস্থাত ৪২.৬২ কোটি গ্ৰাহকেৰে ৰিলায়েন্স জিঅ’আজিৰ দিনটোত দেশৰ বৃহত্তম ম’বাইল নেটৱৰ্ক কোম্পানী আৰু বিশ্বৰ তৃতীয় বৃহৎ ম’বাইল নেটৱৰ্ক কোম্পানী৷ এতিয়া ৰিলায়েন্স জিঅ’ই ফ্ৰি নেটৱৰ্ক ডাটা গ্ৰাহকক নিদিয়ে আৰু জধে মধে দাম বঢ়ালেও গ্ৰাহকে বিশেষ আপত্তি কৰিব নোৱাৰে৷ কিয়নো দেশত এতিয়া বিকল্প হিচাপে বাকী ৰৈছেগৈ কেৱল এয়াৰটেল আৰু আইডিয়া-ভ’ডাফোন৷ ৰিলায়েন্স জিঅ’ৰ এই প্ৰথমে বিনামূলীয়া আৰু এতিয়া গ্ৰাহকক মাধমাৰ দিয়া ব্যৱসায়িক বুদ্ধিত তিষ্ঠিব নোৱাৰি বন্ধ হৈ গ’ল দেশত চলি থকা এয়াৰচেল, ৰিলায়েন্স টেলিকম, ভিডিঅ’কন টেলিকম, এম টি এছ ইণ্ডিয়া, এস্ক’টেল, টাটা ডক’ম’,হাট্‌ছ, টেলিনেটৰ, ভাৰ্জিন ম’বাইলকে ধৰি প্ৰায় সকলোবোৰ ম’বাইল নেটৱৰ্ক কোম্পানী৷ পৰিৱৰ্তিত পৰিস্থিতিত দেশৰ প্ৰায় সকলো ম’বাইল নেটৱৰ্ক কোম্পানী ইতিহাস হৈ যোৱাৰ পাছত এতিয়া অবিসস্বাদী ৰাজত্ব মুকেশ আম্বানিৰ ৰিলায়েন্স জিঅ’ৰ৷ ঠিক একেই ব্যৱসায়িক পৰিকল্পনাৰে এইবাৰ দেশৰ ঔষধৰ সাম্ৰাজ্যত অশ্বমেধৰ ঘোঁৰা দৌৰাবলৈ আগবাঢ়ি আহিছে মুকেশ আম্বানিৰ ৰিলায়েন্স লাইফ চায়েন্স বা চমুকৈ আৰ এল এছ৷ মুকেশ আম্বানিয়ে যি ধৰণৰ প্ৰতিযোগিতাৰে দেশৰ ঔষধৰ বজাৰ দখল কৰিবলৈ আগবাঢ়িছে, তাৰ গ্ৰাসত টেলিকম কোম্পানীৰ দৰেই এপিনৰ পৰা জাহ যাব দেশৰ ঔষধ কোম্পানীৰ ডিলাৰ বা ডিষ্ট্ৰিবিউটৰ, ফাৰ্মাচী আৰু সৰ্বশেষত ঔষধ নিৰ্মাতা কোম্পানী৷ সেই পথত ইতিমধ্যে ৰিলায়েন্সে ভৰি থৈছে আৰু অহা ৬-জ্জ বছৰৰ পাছত দেশৰ ঔষধৰ সাম্ৰাজ্যৰ একছত্ৰী অধিপতি হ’বগৈ মুকেশ আম্বানি৷ এই পথত মুকেশ আম্বানিৰ ৰিলায়েন্সে সবল পদক্ষেপ থলে ক’ভিড অতিমাৰীৰ সময়তে৷ যেতিয়া সমগ্ৰ দেশেই ক’ভিড অতিমাৰীৰ ফলত প্ৰাণৰ ভয়ত কম্পিত হৈ আছিল, তেতিয়াই যোৱা বছৰৰ মে’ত এদিনত ৩,৫০০ কৈ ক’ভিড পৰীক্ষা কৰি দেশৰ চিকিৎসা ক্ষেত্ৰত চমক সৃষ্টি কৰিছিল আৰ এল এছে৷ অৱশ্যে তাৰো পূৰ্বেই আৰ এল এছে চিকিৎসাক্ষেত্ৰৰ তথা ঔষধৰ গৱেষণাৰে দেশত ঔষধৰ জগতত নিজৰ পথ পৰিষ্কাৰ কৰিবলৈ আগবাঢ়িছিল, যাতে ভৱিষ্যতে কোনেও ৰিলায়েন্সক নিশাটোৰ ভিতৰতে আৰ্বিভাব হোৱা বুলি অভিযুক্ত কৰিব নোৱাৰে৷ ক’ভিড অতিমাৰীৰ স্পৰ্শকাতৰ সময়ত এনেদৰে দেশৰ চিকিৎসাক্ষেত্ৰ আৰু ঔষধক্ষেত্ৰত সকলোৰে মনত সাঁচ বহুৱাই এতিয়া ৰিলায়েন্স এখোজ দুখোজকৈ আগবাঢ়িছে ঔষধৰ ক্ষেত্ৰখন অকলে গ্ৰাস কৰাৰ দিশে৷ ঔষধৰ জগতখন দখল কৰাৰ ক্ষেত্ৰত ৰিলায়েন্স লাইফ ছায়েন্সে প্ৰথমে নিপাত কৰিব ঔষধৰ ডিলাৰ বা ডিষ্ট্ৰিবিউটৰক৷ ৰিলায়েন্সৰ প্ৰতিনিধিয়ে সম্প্ৰতি অসমৰ ঔষধৰ ফাৰ্মাচীসমূহক ২৮ৰ পৰা ৩০ শতাংশ লাভৰ সুযোগ দি ঔষধ যোগানৰ প্ৰস্তাব দিছে বুলি অসমৰ এজন আগশাৰীৰ ঔষধ ডিষ্ট্ৰিবিউটৰে জনাইছে৷ তেওঁ জনোৱা অনুসৰি সাধাৰণতে ডিলাৰে ফাৰ্মাচীক ১৬-২০ শতাংশ লাভৰ সুযোগ দিব পাৰে৷ এতিয়া ২৮-৩০ শতাংশ লাভৰ সুযোগ পালে ফাৰ্মাচীয়ে ৰিলায়েন্সৰ পৰাই ঔষধ ক্ৰয় কৰিব৷ ফলত এপিনৰ পৰা মৰিব ডিলাৰ বা ডিষ্ট্ৰিবিউটৰ৷ অসমত থকা ৯-১০ হাজাৰ ফাৰ্মাচীয়ে ঔষধ ক্ৰয় কৰি থকাৰ ফলত ব্যৱসায় চলাই আছে কেইবাশতাধিক ডিলাৰে৷ ৰিলায়েন্সৰ এই ব্যৱসায়িক বুদ্ধিত নিগমে মৰিব ডিলাৰসকল৷ আনহাতে লোকচান কৰি এনেদৰে ৰিলায়েন্সে নিজৰ দখললৈ নিব ফাৰ্মাচীসমূহ আৰু তাৰ নিয়ন্ত্ৰণ হাতলৈ আহিলে লাভৰ সুযোগ কমাই খুছিমতে দাম বঢ়াব ৰিলায়েন্সে, ঠিক জিঅ’ৰ দৰে৷ ৰিলায়েন্সৰ দ্বিতীয় লক্ষ্য হৈছে ফাৰ্মাচীসমূহ৷ ইতিমধ্যে ৰিলায়েন্সে নিজস্বভাবে দেশত ১১৪ খন ফাৰ্মাচী আৰম্ভ কৰিছে আৰু কেইবছৰমানৰ ভিতৰত দেশৰ সকলো সৰু-বৰ স্থানতে ফাৰ্মাচী আউটলেট খোলাৰ দিশে আগবাঢ়িছে৷ তদুপৰি ঘৰৰ দুৱাৰমুখতে ঔষধ বিতৰণ কৰিবলৈ ৰিলায়েন্সে ঠায়ে ঠায়ে খুলিব ‘স্মাৰ্ট পইণ্ট ষ্ট’ৰ’৷ য’ত ফাৰ্মাচী খুলিব নোৱাৰে, তালৈ ৰিলায়েন্সে দৰব পঠাই দিব নিজস্ব নেটৱৰ্কেৰে৷ সেই পৰিকল্পনাৰ নাম ‘হাইপাৰ লোকেল ডেলিভাৰী’,যাৰ দ্বাৰা ঘৰৰ দুৱাৰমুখতে ৰোগীয়ে ঔষধ পাব৷ তাৰ বাবে ৰিলায়েন্সে ‘নেটমেডছ’নামৰ অনলাইন ঔষধ ডেলিভাৰী কোম্পানীটোৰ ৬০ শতাংশ স্বত্ব নিজে কিনি লৈছে আৰু তাত ৬২০ কোটি টকা বিনিয়োগ কৰি কাৰ্যকৰী ৰূপত সজাই লৈছে৷ ঔষধ ঘৰে ঘৰে পোৱাবলৈ ৰিলায়েন্সে ব্যৱহাৰ কৰিব জিঅ’ৰ ৪২.৬২ কোটি গ্ৰাহকে ব্যৱহাৰ কৰা নেটৱৰ্ক৷ সেই নেটৱৰ্কৰ এড্ৰেছ ধৰি ৰিলায়েন্সৰ ঔষধ ঘৰ ওলাবগৈ৷ সেয়া হ’ব ৰিলায়েন্সৰ ডিজিটেল প্লেটফৰ্ম৷ এনেদৰে ঘৰতে ঔষধ পালে কোনে ফাৰ্মাচীলৈ গৈ ঔষধ ক্ৰয় কৰিব৷ সমুলি নিপাত যাব দেশৰ ঔষধৰ ফাৰ্মাচী৷ এনেদৰে ঔষধৰ ব্যৱসায়ৰ দুয়োটা মূল বিভাগ বিতৰক আৰু ৰিটেইল আউটলেট নিজৰ হাতলৈ অনাৰ পাছত ঔষধ নিৰ্মাতা কোম্পানীক গ্ৰাস কৰিব ৰিলায়েন্সে৷ কিয়নো একে ‘কম্প’জিছন’ৰ ঔষধ ৰিলায়েন্সে কম মূল্যত যোগান ধৰিব আৰু তেতিয়া অধিক মূল্যৰ ঔষধ কোনেও নিকিনা হ’ব৷ সেই ক্ষেত্ৰত প্ৰথমে জিঅ’ৰ দৰেই তেওঁলোকৰ লোকচান হ’ব আৰু পাছত সেই লোকচান সূদে মূলে উঠাই ল’ব দাম বৃদ্ধি কৰি৷ তাৰ বাবে ৰিলায়েন্সে মোদী চৰকাৰৰ এটা চৰকাৰী নিৰ্দেশৰ সুযোগ লৈছে৷ সেয়া হৈছে জেনেৰিক ঔষধৰ প্ৰেছক্ৰিপচন৷ ২০১৬ চনৰ ছেপ্টেম্বৰত মোদী চৰকাৰৰ ‘মেডিকেল কাউন্সিল অব ইণ্ডিয়া’ই ইণ্ডিয়ান মেডিকেল কাউন্সিল ৰেগুলেচন [প্ৰফেচনেল কণ্ডাক্ট, এটিক এণ্ড এথিক্স]ৰ ১.৫১ অনুচ্ছেদ সংশোধন ঘটাই দেশৰ চিকিৎসসকলক ঔষধৰ প্ৰেছক্ৰিপচনত ঔষধবিধৰ নাম বা ‘ব্ৰেণ্ড নেম’লিখাৰ পৰিৱৰ্তে ‘জেনেৰিক’বা ঔষধৰ ‘কম্প’জিচন’লিখিবলৈ আহ্বান জনাইছিল৷ তেতিয়া ৰোগীয়ে ‘ব্ৰেণ্ড নেম’অনুসৰি ঔষধ ক্ৰয় নকৰি ‘জেনেৰিক’ঔষধ বা ‘কম্প’জিচন’অনুসৰি ঔষধ ক্ৰয় কৰিব আৰু জেনেৰিক ঔষধ তেনেই সস্তাত বিক্ৰী কৰিব আম্বানিৰ ৰিলায়েন্সে৷ চৰ্চা হৈছে, ৰিলায়েন্সৰ পূৰ্ব পৰিকল্পনা থকাৰ বাবেই মোদী চৰকাৰে ২০১৬ চনতে আইন সলাই দেশৰ চিকিৎসকক ‘জেনেৰিক’ভাৱে ঔষধৰ প্ৰেছক্ৰিপচন লিখিবলৈ আহ্বান জনাইছিল৷ অচিৰেই দেশৰ ৰোগী জেনেৰিক ঔষধৰ ক্ষেত্ৰত অভ্যস্ত হৈ পৰিব আৰু সস্তাত জেনেৰিক ঔষধ বিক্ৰী কৰিবলৈ সাজু হৈ থকা ৰিলায়েন্সে দেশৰ সমগ্ৰ ঔষধৰ বজাৰ নিজৰ দখললৈ নিব৷ ইপিনে‘ব্ৰেণ্ড নেম’ঔষধৰ চাহিদা দেশত নোহোৱা হৈ পৰিব আৰু এপিনৰ পৰা মৃত্যুমুখত পৰিব দেশৰ ঔষধ প্ৰস্তুতকাৰী কোম্পানীসমূহ৷ তেতিয়াই অবলীলাক্ৰমে দেশৰ ঔষধৰ সাম্ৰাজ্যৰ একছত্ৰী অধিপতি হ’ব মুকেশ আম্বানীৰ ৰিলায়েন্স৷ বিগত দুবছৰত ঔষধৰ ব্যৱসায়ত ১৫ হাজাৰ কোটি টকা বিনিয়োগ কৰা ৰিলায়েন্সে চলিত বছৰত আৰু ৯০০ কোটি টকা বিনিয়োগ কৰি দেশৰ ঔষধৰ বজাৰৰ এটা অংশ অচিৰেই নিজৰ হাতলৈ নিব৷ পৰৱৰ্তী কেইবছৰত তেওঁ সম্পূৰ্ণৰূপে দখল কৰিব দেশৰ ঔষধৰ বজাৰ৷