Logo
image

টে’ট উত্তীৰ্ণ হ’লেই নিযুক্তিৰ গেৰাণ্টী নাই! শিক্ষামন্ত্ৰী

আমাৰ অসম, ৪ এপ্ৰিলঃ টে’ট উত্তীৰ্ণ হ’লেই নিযুক্তিৰ কোনো গেৰাণ্টী নাই৷ –শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা স্পষ্ট কৰি দিছে৷ টে’ট উত্তীৰ্ণ প্ৰাৰ্থীসকলে আন্দোলনৰ পথ গ্ৰহণ কৰাৰ সময়তে শিক্ষামন্ত্ৰীৰ এই বক্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ ২০১৯ বৰ্ষতে টে’ট উত্তীৰ্ণ বহু প্ৰাৰ্থীয়ে নিযুক্তি বঞ্চিত হৈ থকাৰ পাছতো বিভাগীয় নিয়ম অনুসৰি পুনৰ বিগত বৰ্ষত টে’ট পৰীক্ষা অনুষ্ঠিত কৰাত উত্তীৰ্ণ অধিকাংশই নিযুক্তি লাভ কৰা নাই৷ শেহতীয়াকৈ টে’ট উত্তীৰ্ণ প্ৰাৰ্থীসকলে বিভিন্ন মাধ্যমৰ জৰিয়তে চৰকাৰক নিযুক্তিৰ দাবী জনাই আহিছে৷ ইয়াৰ মাজতে শিক্ষামন্ত্ৰীয়ে টে’ট উত্তীৰ্ণ হ’লেই নিযুক্তি লাভ কৰাৰ নিশ্চয়তা নাই বুলি স্পষ্ট কৰি দিয়াত স্বাভাৱিকতেই হতাশাত ভাগি পৰিছে বঞ্চিত প্ৰাৰ্থীসকল৷ দেওবাৰে কলাইগাঁৱত সাংবাদিকৰ আগত শিক্ষামন্ত্ৰী পেগুৱে কয়–‘টে’ট উত্তীৰ্ণ হ’লেই নিযুক্তি দিব লাগে বুলি কোনো কথা নাই৷ শিক্ষকৰ যিসমূহ পদ খালী আছে, সেইসমূহৰ চৰকাৰে বিজ্ঞাপন প্ৰকাশ কৰিছে৷ ১০ মে’ৰ ভিতৰত শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব৷ সৰ্বশিক্ষাৰ অধীনৰ ঠিকাভিত্তিক শিক্ষকসকলে ১৪ শতাংশ মৰগীয়া বানচ দাবী কৰিছে৷ এই বিষয়টো চৰকাৰৰ বিবেচনাত আছে৷ যিসমূহ বিদ্যালয়ে ৭৫ বছৰ অতিক্ৰম কৰিছে সেইসমূহ বিদ্যালয়ক আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰে ৩ কোটি টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব৷ শিক্ষাৰ পৰা বঞ্চিত অঞ্চলসমূহতো চৰকাৰে বিদ্যালয় নিৰ্মাণ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷