Logo
image

আৰএছএছৰ বিশাল অট্টালিকা, পঞ্চতাৰকা গৃহলৈ বাজপেয়ী ভৱনো

আমাৰ অসম, ৪ এপ্ৰিলঃ কোনো চৰকাৰী অনুদান অবিহনে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক আৰু এচাম শুভাকাংক্ষীৰ আশাসুধীয়া প্ৰচেষ্টাত গুৱাহাটীৰ অভিজাত এলেকাত ঠিকনা স্থাপিত হ’ল ডাঃ হেডগেৱাৰ স্মাৰক সমিতিৰ আকাংক্ষিত তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যালয় সুদৰ্শনালয়৷ বৰ্ষপ্ৰতিপদ তিথি বা হিন্দু নতুন বছৰৰ প্ৰথম দিনটোতে উদ্বোধন হ’ল সুদৰ্শনালয়৷ ডাঃ হেডগেৱাৰ স্মাৰক সমিতিয়ে এক দীঘলীয়া পৰিকল্পনা লৈ ১৯৭৮ চনতে গুৱাহাটীৰ হেঙেৰাবাৰীৰ বৰবৰীত ৫ বিঘা ভূমি ক্ৰয় কৰি সকলো ধৰণৰ সা-সুবিধা হোৱাকৈ এটা কাৰ্যালয় নিৰ্মাণৰ চিন্তা চৰ্চা অব্যাহত ৰাখিছিল৷  এই মৰ্মে, বিগত কেইবাবছৰৰ পূৰ্বৰ পৰা নিৰ্মাণৰ  কাম-কাজ চলাইছিল৷ প্ৰায় ৮ হাজাৰ বৰ্গফুটৰ ৬ মহলীয়াৰ লগতে এটা অভ্যন্তৰ ভাগ থকা কাৰ্যালয়টো নিৰ্মাণৰ বেলিকা অসমৰ লক্ষাধিক স্বয়ংসেৱকৰ পৰা সাধ্যানুসৰি বৰঙণি সংগ্ৰহ কৰাৰ উপৰি এচাম শুভাকাংক্ষী ৰাইজৰ ইচ্ছা অনুসৰি প্ৰদান কৰা অৰ্থৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিল সুদৰ্শনালয়৷ কাৰ্যালয়, ৰান্ধনীশালক বাদ দি মুঠ ২৭ টা কোঠা থকাৰ ব্যৱস্থা থকা সুদৰ্শনালয়ৰ প্ৰতি মহলাত আছে ১০০ৰ পৰা ৬০০ গৰাকী লোক উপস্থিত থাকিব পৰা বৌদ্ধিক কোঠা৷ অৰ্থাৎ, সুদৰ্শনালয় হৈছে আধুনিক ব্যৱস্থাৰে নিৰ্মিত এটা আধুনিক কাৰ্যালয়৷ ১৯৮২ চনৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যালয় কেশবধামৰ পৰা ঠিকনা সলনি হ’ল সুদৰ্শনালয়লৈ৷ ১৯৮২ চনতে মাত্ৰ দুকঠা ভূমিত তৰ্জাৰ বেৰৰে আৰম্ভ হোৱা কেশৱধাম পৰৱৰ্তী সময়ত ৫ মহলীয়া হৈ কাৰ্যালয় আৰু বৌদ্ধিক কোঠাৰ উপৰি ১৬টা শোৱনি কোঠা থকা কেশৱধাম সংঘৰ কামৰ বিস্তাৰ আৰু পৰিসৰৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হৈছিল৷ কিন্তু সৌ তাহানিতে সংঘৰ কাৰ্যালয়টোৰ লগত জড়িত হৈ আছে বহু ইতিহাস৷ কেশৱধাম বহু নিশা কটাই গৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰাক্তন সৰসংঘচালক ৰাজেন্দ্ৰ সিংহ [ৰাজ্জু ভাইয়া], সুদৰ্শনৰ লগতে বৰ্তমানৰ সৰসংঘচালক মোহন ভাগৱত৷ অসমৰ প্ৰথমগৰাকী প্ৰান্ত প্ৰচাৰক ঠাকুৰ ৰাম সিং, প্ৰাক্তন প্ৰান্ত প্ৰচাৰক শ্ৰীকান্ত যোশী, বৰ্তমানৰ অখিল ভাৰতীয় শাৰীৰিক প্ৰমুখ সুনীল কুলকৰ্ণীকে ধৰি বহু অধিকাৰীয়ে কেশৱধামত থাকি গৈছে৷ ইয়াৰ বিপৰীতে এতিয়াৰ পৰা সংঘৰ অধিকাৰীয়ে কেশৱধামৰ সলনি নিশা কটাব লাগিব সুদৰ্শনালয়ত৷ উল্লেখ্য, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ [আৰএছএছ]ৰ নৱনিৰ্মিত পাঁচমহলীয়া ভৱন ‘সুদৰ্শনালয়’ত কালি গৃহপ্ৰৱেশ অনুষ্ঠান অনুষ্ঠিত হয়৷ গৃহ প্ৰৱেশৰ লগত সংগতি ৰাখি শনিবাৰে পুৱাৰে পৰা বিভিন্ন মাংগলিক কাৰ্যসূচীৰে আৰম্ভ হয়৷ সংঘৰ জ্যেষ্ঠ প্ৰচাৰক তথা সংঘৰ অখিল ভাৰতীয় কাৰ্যকাৰিণী সদস্য সুৰেশ চোণীয়ে গুৱাহাটীৰ হেঙেৰাবাৰীৰ বৰবাৰীস্থিত সুদৰ্শনালয়ৰ গৃহ প্ৰৱেশৰ শুভাৰম্ভণি কৰে৷ জ্যেষ্ঠ প্ৰচাৰক চোণীয়ে কয় যে যিহেতু উত্তৰ-পূৰ্বাঞ্চলত সংঘৰ কাম-কাজ নিৰন্তৰ বৃদ্ধি পাই আহিছে, এই ভৱনটো নিশ্চিতভাৱে অতি উপযোগী বুলি মত প্ৰকাশ কৰে৷ ভৱনটোৰ নামকৰণ সন্দৰ্ভত তেওঁ কয় যেসংঘৰ প্ৰাক্তন সৰসংঘচলক সুদৰ্শনে উত্তৰ-পূৰ্বাঞ্চলত দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই আহিছে৷ কেৱল তেওঁৰ সেৱাকৰ্মক স্মৰণীয় কৰি তুলিবলৈ ভৱনটোৰ নাম সুদৰ্শনালয় ৰখা হৈছে৷ তেওঁ কয় যে প্ৰচাৰক আৰু স্বেচ্ছাসেৱকসকলৰ লক্ষ্য ভৱন নিৰ্মাণ নহয়, কিন্তু ৰাষ্ট্ৰীয়তাবাদী বিচাৰধাৰাক জনসাধাৰণৰ কাষলৈ লৈ যোৱাহে আমাৰ প্ৰকৃত লক্ষ্য৷ সুদৰ্শনলয়াৰ গৃহ প্ৰৱেশ উপলক্ষে শনিবাৰে পুৱা জ্জ বজাত এক হোমযজ্ঞৰ আয়োজন কৰা হয়৷ আনহাতে, পুৱা ৮ বজাৰ পৰা ১০ বজালৈ ভাগৱত পাঠ আৰু আয়তীসকলৰ দ্বাৰা নাম কীৰ্তন সম্পন্ন কৰা হয়৷ দিনৰ ১১.৩০ বজাত গৃহ প্ৰবেশৰ কাৰ্যসূচী সম্পন্ন কৰা হয়৷ দিনৰ ১২ বজাৰ পৰা ১.৩০ বজালৈ, জ্যেষ্ঠ প্ৰচাৰক সুৰেশ চোনীৰ বৌদ্ধিক অনুষ্ঠান অনুষ্ঠিত হয়৷ বৌদ্ধিকৰ সময়ত সংঘৰ ক্ষেত্ৰ সংঘচালক ডাঃ উমেশ চক্ৰৱৰ্তী, মহানগৰ সংঘ চালক গুৰু প্ৰসাদ মেধি, অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক উল্লাস কুলকৰ্ণীসহ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা, প্ৰান্ত প্ৰচাৰক নৃপেন বৰ্মন, প্ৰান্ত কাৰ্যবাহ খগেন শইকীয়া, শাসকীয় দলৰ সকলো মন্ত্ৰী-বিধায়কৰ লগতে বহু বিশিষ্ট ব্যক্তি, প্ৰচাৰকৰ লগতে সহস্ৰাধিক স্বয়ংসেৱক উপস্থিত আছিল৷ ইফালে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আবেলিৰ ভাগত সুদৰ্শনালয় ভৱনত উপস্থিত হয়৷ ১৯৮১ চনত গুৱাহাটীৰ উজান বজাৰত এটা ভাৰাঘৰত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বি জে পি কাৰ্যালয় স্থাপন কৰা হৈছিল৷ উক্ত কাৰ্যালয়টো বিজেপি, অসম প্ৰদেশ, উত্তৰ পূৰ্বাঞ্চল, মণ্ডল, মহানগৰ আদি সকলো আছিল৷ অৱশ্যে, উক্ত ভূমিডোখৰ পাছত দলে ক্ৰয় কৰি বৰ্তমান নিজাকৈ অট্টালিকা সাজি বিজেপিৰ উত্তৰ-পূৰ্বাঞ্চলৰ কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰি আছে৷ উজান বজাৰৰ পৰা ১৯৯৯-২০০০ চনত বিজেপিৰ অসম প্ৰদেশ কাৰ্যালয়টো ৰাজগড়ৰ ভাৰাঘৰলৈ, ২০০২-০৩ চনত কাৰ্যালয়টো পুনৰ দিছপুৰ নাৰ্ছাৰীলৈ স্থানান্তৰিত কৰা হয়৷ অৱশ্যে, ২০১১-১২ চনত দলীয় কাৰ্যালয়টো হেঙেৰাবাৰীলৈ স্থানান্তৰিত কৰা হয় আৰু সম্প্ৰতি তাতেই কাম-কাজ অব্যাহত ৰাখিছে দলে৷ কিন্তু আৰু দুই-চাৰিমাহৰ ভিতৰত বিজেপি অসম প্ৰদেশ কাৰ্যালয়টো বশিষ্ঠ লালমাটিলৈ স্থায়ীভাবে স্থানান্তৰিত কৰা হ’ব বুলি দলীয় সূত্ৰে জানিব পৰা গৈছে৷ কিয়নো উক্ত স্থানত বিজেপি অসম প্ৰদেশৰ কাৰ্যালয়টো নিৰ্মীয়মান অৱস্থাত আছে৷ সকলো ঠিকে ঠাকে থাকিলে অহা দুই-চাৰিমাহৰ ভিতৰত দলীয় কাৰ্যালয়টো উক্ত স্থানলৈ স্থানান্তৰিত হব৷