Logo
image

অখিলৰ চৰম সীমা উকলিল কৰিমুদ্দিনে বিচাৰিলে লাই ডিটেক্টৰ

আমাৰ অসম, ৪ এপ্ৰিলঃ ৰাজ্যসভাৰ নিৰ্বাচনৰ পাছতে হঠাৎ‘লাই ডিটেক্টৰ’ক লৈ ব্যাপক চৰ্চা হৈছে৷ ৰাজ্যসভা নিৰ্বাচনত কোনে কাক ভোট দিছে, কোনে কাক বিশ্বাসঘাটকতা কৰিছে সেই প্ৰসংগত ৰাজ্যৰ ৰাজনীতি গমৰ হৈ থকাৰ সময়ত প্ৰশ্ন উঠিছে কোনে মিছা কথা কৈছে তাক লৈ৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কাইলৈ নিশা ৯ বজাৰ ভিতৰত লাই ডিটেক্টৰৰ ব্যৱস্থা কৰিবলৈ ইউ ডিএফ বিধায়ক কৰিম উদ্দিন বৰভূঞাক চৰম সীমা বান্ধি দিলে৷ অন্যথা ৫ এপ্ৰিলত আইনৰ কাষ চাপিব বুলি তেওঁ ইতিমধ্যে কয়৷ ইউ ডি এফ বিধায়ক কৰিমউদ্দিন বৰভূঞাই লাই ডিটেক্টৰৰ বিচাৰি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ চিঠি লিখিছে৷ বিধায়ক অখিল গগৈকো সন্মতি জনাই বিজেপিলৈ পত্ৰ প্ৰেৰণ কৰিবলৈ তেওঁ আহ্বান জনাইছে৷ কাইলৈ লাই ডিটেক্টৰৰ সন্মুখীন হ’ব সাজু হৈছে বিধায়ক অখিল গগৈ৷ তেওঁ কয়– মই লাই ডিটেক্টৰৰ সন্মুখীন হ’ব খোজাঁ৷ পৃথিৱীৰ মানুহে চাই থাকক মই কি কি মিছা কথা কওঁ৷ মোৰ মিছা প্ৰমাণ হ’লেই মই মোৰ বিধায়কৰৰ পেডত লিখি বিধায়ক পদৰ পৰা পদত্যাগ কৰিম৷ মই আই ইউ ডি এফক প্ৰত্যাহ্বান জনাইছো তেওঁলোকে আদালতত তেওঁলোকৰ বেলট পেপাৰ ৰাজহুৱা কৰিবলৈ আবেদন কৰক৷ ময়ো লগে লগে মোৰ বেলট ৰাজহুৱা কৰিবলৈ একেখন আৱেদনৰ লগত শপতনামা  দাখিল কৰিম৷ উল্লেখ্য, ইউ ডি এফ বিধায়ক কৰিমউদ্দিন বৰভূঞাই অভিযোগ কৰিছে যে অখিল গগৈয়ে বিজেপিক ভোট দিছিল৷ তাৰ বিনিময়ত বিজেপিৰ পৰা ১৫ লাখ টকা লৈছিল অখিল গগৈয়ে৷ কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেবব্ৰত শইকীয়া লাই ডিটেক্টৰৰ সন্মুখীন হ’বলৈ আগ্ৰহ প্ৰকাশ কৰিছে৷

বদৰুদ্দিন আৰু ছিৰাজুদ্দিন আজমলে গঠন কৰা এআইইউডিএফ দলটো অসমীয়া জাতিৰ এক শত্ৰু দল৷ এই দলটো থকাৰ কাৰণে অসমত মৌলবাদী বিকশিত হোৱাৰ সুযোগ লাভ কৰিছে৷ যি সময়ত ৰাজনীতিৰ ক্ষেত্ৰত হিন্দু আৰু মুছলমানক উৎসাহ যোগাইছে ঠিক তেনেদৰে তেওঁলোকে ভাষাৰ ক্ষেত্ৰতো বিশেষকৈ অসমীয়া ভাষাৰ ক্ষেত্ৰত যি অপমানসূচক মন্তব্য কৰিছে সি সমগ্ৰ অসমীয়া জাতিটোৰ প্ৰতি অন্যায় আৰু বিৰূপ আচৰণ প্ৰদৰ্শিত হৈছে বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা তথা বিধায়ক অখিল গগৈয়ে আজি কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱবৈচিত্ৰ্য উদ্যানত সাংবাদিকক জানিবলৈ দিয়ে৷ ৰাইজৰ দলৰ বিধায়কজনে আৰু জানিবলৈ দিয়া মতে এআইইউডিএফৰ বিধায়ক চিৰাজউদ্দিন আজমলে অসমীয়া জাতিৰ প্ৰতি দিয়া এই বক্তব্যক একমুখে নিন্দা কৰাৰ লগতে অসমীয়া জাতিক সন্মান জনাই ক্ষমা বিচৰাৰ উপৰিও ভৱিষ্যতে এনে ধৰণৰ অসমীয়াক হেয় প্ৰতিপন্ন কৰা মন্তব্য নিদিবলৈ দাবী উত্থাপন কৰে অখিল গগৈয়ে৷ অন্যহাতে ৰাজ্যসভাৰ নিৰ্বাচনত অখিল গগৈয়ে ধনলোৱা কথাটো এশ শতাংশ মিছা কথা বুলি তেওঁ দাবী কৰে৷ কৰিমউদ্দিন বৰভূঞাক কাইলৈ নিশা ৯ বজাৰ ভিতৰত ধন লোৱা কথাটো প্ৰমাণ কৰি দিবলৈ শেষ সীমা বান্ধি দিছে বিধায়ক গগৈয়ে৷ লাই ডিটেক্টৰৰ দ্বাৰা পৰীক্ষা কৰিবলৈও প্ৰত্যাহ্বান জনাই অখিল গগৈয়ে কয় কৰিমউদ্দিনে প্ৰমাণ কৰিব নোৱাৰিলে ৫ এপ্ৰিলত তেওঁৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ ইফালে ৰাজ্যসভাত ভোট দিয়া সম্পৰ্কে মন্তব্য কৰি অখিল গগৈয়ে কয় কংগ্ৰেছৰ দুজন আৰু এআইইউডিএফৰ পাঁচজন বিধায়কে ৰাজ্যসভাত বিজেপিক ভোট দিছে৷ কংগ্ৰেছৰ দুজন বিধায়কৰ কথা ইতিমধ্যে প্ৰমাণিত হৈছে৷ অন্যহাতে এআইইউডিএফে বিজেপিক ভোট দিয়া নাই বুলি প্ৰকাশ কৰিছে যদিও বিধায়ক অখিল গগৈয়ে প্ৰত্যাহ্বান জনাই কয় যে এআইইউডিএফৰ সাতজন বিধায়কে বি জে পিক ভোট দিছে৷ যদি এই প্ৰত্যাহ্বান গ্ৰহণ কৰে তেন্তে তেওঁলোকে আদালতত আবেদন কৰি তেওঁলোকৰ ১৫জন বিধায়কৰ বেলট পেপাৰ ৰাজহুৱা কৰিবলৈ আহ্বান জনায়৷ এআইইউডিএফৰ ১৫জন বিধায়কৰ বেলট পেপাৰ ৰাজহুৱা কৰিলে তেওঁলোকৰ গোমৰ ফাঁক ওলাই পৰিব বুলিও  গগৈয়ে জানিবলৈ দিয়ে৷