Logo
image

ৰাকেশ পালে উত্তৰ লিখা বহীৰে উত্তীৰ্ণ এচিএছ বিষয়া এতিয়া শীৰ্ষ চৰকাৰী পদত

আমাৰ অসম, ৪ এপ্ৰিলঃ অসম লোকসেৱা আয়োগৰ ২০১৩ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ অনিয়ম-কেলেংকাৰিৰ ন্যায়িক তদন্তৰ প্ৰতিবেদন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে চৰকাৰক দাখিল কৰাৰ পাছতেই হাহাকাৰ লাগিছে দিছপুৰত৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবেদন কাৰ্যকৰি কৰিবলৈ সেউজ সংকেত দিলেই যিকোনো মুহূৰ্ততে ৩৪জন ৰাজপত্ৰিত বিষয়া গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত হৈ পৰিছে৷ কিয়নো ন্যায়িক আয়োগৰ ৭০০ পৃষ্ঠাৰ প্ৰতিবেদনৰ প্ৰতিটো পৃষ্ঠাতে ৰাজনৈতিক পৃষ্ঠপোষকতাত কুখ্যাত ৰাকেশ পালে ধনৰ বিনিময়ত উত্তৰ বহী আৰু টেবুলেশ্বন শ্বীট জালিয়াতিৰে প্ৰশাসনিক বিষয়া বাছনি কৰাৰ ভয়ংকৰ তথ্য প্ৰকাশ পাইছে৷ আয়োগে ৩৪জন বিষয়াৰ সম্পূৰ্ণ জালিয়াতি পোহৰলৈ অনাৰ লগতে আন ১৫জন সন্দেহজনক বিষয়াকো চিনাক্ত কৰি আৰক্ষীৰ দ্বাৰা তদন্ত কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে ৰাজ্য চৰকাৰক৷ দিছপুৰৰ এটা শীৰ্ষ সূত্ৰই জানিবলৈ দিয়া অনুসৰি ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত ৰাকেশ পালে কিদৰে উত্তৰ বহীত আৰু টেবুলশ্বেন শ্বীটত নিজ হাতে নম্বৰ বঢ়াই দি ৰাজপত্ৰিত বিষয়া বাছনি কৰিছিল তাৰ ব্যাখ্যা দাঙি ধৰিছে৷ আনকি ৰাকেশ পালে উত্তৰ লিখা বহীৰে উত্তীৰ্ণ এ চি এছ বিষয়াই এতিয়া চৰকাৰী শীৰ্ষ পদত কৰ্মৰত বুলিও তথ্য প্ৰমাণ দাখিল কৰিছে প্ৰতিবেদনত৷ প্ৰতিবেদনখনত প্ৰকাশ কৰা মতে অৱসৰী শীৰ্ষ আৰক্ষী বিষয়াৰ ডি এছ পি পুত্ৰ ঐশ্বৰ্য জীৱন বৰুৱাই ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পালৰ প্ৰেছত ছপা কৰা ৰাজনীতি বিজ্ঞান বিষয়ৰ জাল উত্তৰ বহীত লিখি বাছনি লাভ কৰিছে৷ আনহাতে, অভিনেত্ৰী পুত্ৰ ডি এছ পি অমৃতৰাজ চৌধুৰীৰ সমাজ শাস্ত্ৰৰ উত্তৰ বহীত সৰ্বমুঠ ৯২ নম্বৰ লাভ কৰিছিল যদিও ৰাকেশ পালে নিজ হাতে এই নম্বৰ ১৩২ লৈ বৃদ্ধি কৰিছিল৷ মূল পৰীক্ষাত অমৃতৰাজ চৌধুৰীৰ প্ৰকৃত নম্বৰ ৭১৪ আছিল যদিও দেখুওৱা হৈছিল ৮৫৪ নম্বৰ৷ একেদৰে এ পি এছ নন্দিনী কাকতিৰ ইংৰাজী বিষয়ত লাভ কৰা ১৬০ নম্বৰটো কাটি টেবুলেশ্বন শ্বীটত বঢ়াই দিয়ে ২২০ নম্বৰলৈ৷ এ পি এছ পুষ্কল গগৈৰ সাধাৰণ জ্ঞানৰ উত্তৰ বহীত ১৩০ নম্বৰৰ বিপৰীতে টেবুলেশ্বন শ্বীটত দিয়া হৈছিল ১৮০ নম্বৰ৷ আশ্বৰ্যজনকভাৱে কোনো এটা বিষয়তে উত্তীৰ্ণ হোৱাকৈ নম্বৰ লাভ নকৰাৰ পাছতো ৰাকেশ পালে এ চি এছ পদত বাছনি কৰিছিল ধীৰাজ কুমাৰ জৈন আৰু আকাশী দুৱৰাক৷ ধীৰাজ জৈনে জেনেৰেল ইংৰাজী বিষয়ত ১০৯ নম্বৰ লাভ কৰিছিল যদিও পাল বাহিনীয়ে এই নম্বৰ ১৮৯ লৈ বৃদ্ধি কৰিছিল৷ আনহাতে, আকাশী দুৱৰাই সাধাৰণ জ্ঞানৰ উত্তৰ বহীত মুঠ নম্বৰ লাভ কৰিছিল ১০৭৷ কিন্তু প্ৰাৰ্থীগৰাকীৰ নম্বৰ ১৮৭ কৰি দিয়া হৈছিল বুলিও প্ৰতিবেদনখনত প্ৰকাশ পাইছে৷ আকাশী দুৱৰাৰ মুঠ ৪খন উত্তৰ বহীত নম্বৰ বৃদ্ধি কৰি পাল বাহিনীয়ে এ চি এছ পদত বাছনি কৰিছিল৷ ৰহস্যজনকভাৱে আকাশী দুৱৰাৰ এপইণ্টমেণ্ট লেটাৰৰ পৰা বায়’ডাটা পৰ্যন্ত উদ্ধাৰ হৈছিল আয়োগৰ ধৃত সদস্য বসন্ত দলেৰ বাসগৃহত৷ অতি আশ্বৰ্যজনকভাৱে ন্যায়িক আয়োগত প্ৰতিবেদন গ্ৰহণৰ এদিন পূৰ্বেই চৰকাৰে ধীৰাজ জৈন আৰু আকাশী দুৱৰাক অতিৰিক্ত উপায়ুক্ত পদলৈ পদোন্নতি দিছিল৷ প্ৰতিবেদনখনত লগতে সুকন্যা দাস নামৰ এ পি এছ বিষয়াগৰাকীৰ মূল পৰীক্ষাত মুঠ ৮খন উত্তৰ বহী লাভ কৰা বুলি উল্লেখ কৰিছে৷ অথচ পৰীক্ষা হৈছিল ৬টা বিষয়ৰ৷ দুটাকৈ বিষয়ত ডুপ্লিকেট উত্তৰ বহী লাভ কৰিছিল৷ ইপিনে ন্যায়িক আয়োগে ১৫জন প্ৰাৰ্থী নিযুক্তিত সন্দেহ প্ৰকাশ কৰি ফৌজদাৰী তদন্তৰ পোষকতা কৰিছে৷ কিয়নো সংশ্লিষ্ট প্ৰাৰ্থীকেইজনৰ উত্তৰ বহীসমূহ আছিল সন্দেহজনক৷ ৰাকেশ পালে শ্ৰম পৰিদৰ্শক হিচাপে বাছনি কৰা স্নেহা ডেকা নামৰ প্ৰাৰ্থীগৰাকীৰ এখন উত্তৰ বহীৰ প্ৰথম ১০টাতকৈ অধিক পৃষ্ঠাত কোনো লিখা নাছিল৷ এক কথাত কলমৰ চিয়ঁাহীৰ আঁচ এডালো নাছিল৷ প্ৰাৰ্থীগৰাকীয়ে দহটা পৃষ্ঠা এৰি মাজৰ পৃষ্ঠাৰ পৰাহে উত্তৰ লিখিবলৈ আৰম্ভ কৰাত সন্দেহ কৰিছে আয়োগে৷ এনে প্ৰায় ১৫জন বিষয়াৰ জালিয়াতি উন্মোচন কৰিছে আয়োগে৷ অৱশ্যে আয়োগে এই জালিয়াতি পোহৰলৈ আনিলেও দুৰ্নীতিৰে চাকৰি লাভ কৰা বিষয়া সকলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে ব্যৱস্থা ল’ব নে নাই সেয়া সময়তহে স্পষ্ট হ’ব৷