Logo
image

পাক সংসদ ভংগ, ইমৰানৰ ৰিভাৰ্ছ ছুইঙত ক্ষুব্ধ বিৰোধী

আমাৰ অসম, ৪ এপ্ৰিলঃ খেলুৱৈ জীৱনত নিশ্চিত পৰাজয়ৰ সন্মুখত পৰা বহু মেচত অনবদ্য‘ষ্ট্ৰেটেজী’ৰে বিজয় লাভ কৰাৰ অনেক উদাহৰণ আছে ইমৰান খানৰ৷ সেয়ে তেওঁক ক্ৰিকেটৰ পথাৰত কিং খান আখ্যা দিয়া হৈছিল৷ পিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিছাপে সম্পূৰ্ণ কাৰ্যকালৰ ৰাজপাট সম্পূৰ্ণ কৰিব নোৱাৰিলে ক্ৰিকেটৰ পথাৰৰ কিং খানে৷ অৱশ্যে নিজে ৰাজপাট সম্পূৰ্ণৰূপে ভোগ কৰিব নোৱাৰিলে সঁচা, বিৰোধীকো ইমৰান খানে ৰজা হ’বলৈ নিদিলে৷ অতি বলশালী বেটাৰক পৰাভূত কৰিবলৈ ইমৰান খানে প্ৰায়েই ব্যৱহাৰ কৰিছিল বেটছমেনৰ বাবে দুৰ্বোধ্য ৰিভাৰ্ছ ছুয়িং৷ এইবাৰ ৰাজনীতিৰ পথাৰতো ইমৰান খানে ব্যৱহাৰ কৰিলে ৰিভাৰ্ছ ছুয়িং৷ এই বলিঙৰ জৰিয়তে ইমৰান খানে নিশ্চিত বিজয় আজুৰি আনিব নোৱাৰিলে যদিও তেওঁৰ ৰিভাৰ্ছ ছুয়িঙত পৰাজয় স্বীকাৰ কৰিলে ৰাজপাটত বহিবলৈ খাপপিটি থকা বিৰোধীয়ে৷ কিয়নো দেওবাৰে পাকিস্তানৰ ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে প্ৰধানমন্ত্ৰী ইমৰান খানৰ পৰামৰ্শ অনুসৰি দেশৰ নেচনেল এচেম্বলী ভংগ কৰি দিলে৷ আনহাতে তাৰ পূৰ্বেই সংসদত উপাধ্যক্ষ কাছিম সুৰিয়ে ইমৰান খানৰ চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱ অবৈধ বুলি বাতিল কৰি দিলে৷ তেওঁৰ মতে সংবিধানৰ ৫নং অনুচ্ছেদ অনুসৰি ইমৰান খানৰ চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰা বিৰোধীৰ অনাস্থা প্ৰস্তাৱ সাংবিধানিকভাৱে অবৈধ৷ সেই ঘোষণা কৰিয়েই উপাধ্যক্ষই সংসদৰ অধিৱেশন অনিৰ্দিষ্ট কালৰ বাবে স্থগিত হোৱা বুলি ঘোষণা কৰে৷ তাৎপৰ্যপূৰ্ণভাৱে তাৰ ঠিক পূৰ্বে বিৰোধী দলে সংসদৰ অধ্যক্ষ আছাদ কাইজাৰৰ বিৰুদ্ধে অনাস্থা আনে আৰু তেওঁ ইমৰান খানৰ ঘনিষ্ঠ বাবে তেওঁৰ দ্বাৰা অনাস্থা প্ৰস্তাৱৰ ভোটদান মানি নলয় বুলি ঘোষণা কৰে৷ এই পৰিস্থিতিত অধ্যক্ষ কাইজাৰ আঁতৰি পৰে আৰু কাইজাৰৰ স্থান লোৱা উপাধ্যক্ষই আৰু এখোপ আগবাঢ়ি অনাস্থা প্ৰস্তাৱকে অবৈধ ঘোষণা কৰে৷ ফলত ছত্ৰভংগ ঘটে বিৰোধীৰ৷ ৰাজপাট দখল কৰিবলৈ সাজু হৈ থকা পাকিস্তানৰ বিৰোধী দলসমূহে সংসদৰ উপাধ্যক্ষ আৰু ৰাষ্ট্ৰপতিৰ ঘোষণাত ঠোটমুখ চেলেকি উভতি যাবৈল বাধ্য হয়৷ ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে দেশখনৰ নেচনেল এচেম্বলী ভংগ কৰা বুলি ঘোষণা কৰাৰ লগতে ৯০ দিনৰ ভিতৰত পাকিস্তানত নতুনকৈ নিৰ্বাচন হ’ব বুলি ঘোষণা কৰে৷ ফলত সহজেই ইমৰান খানৰ গাদী দখল কৰি চৰকাৰ স্থাপন কৰিবলৈ সাজু হৈ থকা বিৰোধীৰ আশাত চেঁচাপানী পৰে৷ এতিয়া পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ আসন অথবা দেশৰ শাসন ক্ষমতা দখল কৰাটো বিৰোধী আৰু ইমৰান খান উভয়ৰ বাবেই মুক্ত৷ কিয়নো দেওবাৰে ৰাষ্ট্ৰপতিয়ে কৰা ঘোষণাৰ ক্ষেত্ৰত যদি কোনো উল্লেখযোগ্য সালসলনি নহয় তেন্তে পাকিস্তানৰ শাসনৰ জৰী লাভ কৰিবলৈ হ’লে বিৰোধী কিম্বা ইমৰান খান সকলোৱেই জনতাৰ ভোটেৰে পুনৰ বিজয়ী হৈ আহিব লাগিব৷ সেয়ে এই ৰাজনৈতিক ৰণত নিজে সম্পূৰ্ণৰূপে বিজয়ী হ’ব নোৱাৰিলেও বিৰোধীকো বিজয়ী হ’বলৈ নিদি ইমৰান খানে ক্ৰিকেটৰ পথাৰৰ দৰেই চমৎকাৰ কৌশল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা বুলি চৰ্চা হৈছে৷ অথচ দেশৰ সংসদত অনাস্থা প্ৰস্তাৱৰ সপক্ষে আৰু বিপক্ষে ভোটদান হোৱা হ’লে ইমৰান খানৰ চৰকাৰৰ নিশ্চিত পতন ঘটিলহেঁতেন৷ কিয়নো দেশখনৰ  ৩৪২খন আসন সম্বলিত নেচনেল এচেম্বলীত সংখ্যাগৰিষ্ঠ হৈ থকাৰ বাবে ১৭২ সাংসদৰ সমৰ্থনৰ প্ৰয়োজন আছিল৷ কিন্তু চৰকাৰৰ সংগী প্ৰায় সকলো দলেই ইমৰান খানৰ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাত ইমৰানৰ পক্ষত ১৬৪ সাংসদৰহে সমৰ্থন আছিল৷ ইয়াৰ বিপৰীতে বিৰোধী দলৰ সাংসদৰ সংখ্যা হৈছিলগৈ ১৭৫ জন৷ অনাস্থা প্ৰস্তাৱৰ ভোটদান হ’লে ইমৰান খানৰ নিজৰ দলৰ একাংশ সাংসদেও তেওঁৰ বিৰুদ্ধে ভোটদান কৰাৰ আশংকা আছিল৷ সেয়ে পৰিস্থিতি বুজি ইমৰান খানে ৰাষ্ট্ৰপতিক সংসদ ভংগ কৰিবলৈ পৰামৰ্শ দিয়ে আৰু অৱশেষত ৰাষ্ট্ৰপতিয়ে ইমৰানৰ পৰামৰ্শ অনুসৰিয়েই সংসদ ভংগ কৰি দিয়ে৷