Logo
image

অত্যধিক ঠাণ্ডা বা ফ্ৰীজৰ পানী খালে হ’ব পাৰে এইবোৰ অপকাৰ

গ্ৰীষ্মকালীন হাইড্ৰেশ্বন এতিয়া প্ৰায় আৰম্ভ হৈছে৷ এনে পৰিস্থিতিত বেছিভাগ লোকেই ঠাণ্ডা পানী খোৱা আৰম্ভ কৰিছে৷ ঠাণ্ডা পানীয়ে যে শৰীৰৰ ক্ষতি কৰে সেয়া জানি-শুনিও বহুতে ফ্ৰীজৰ পানী খায়৷ স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, অত্যধিক ঠাণ্ডা বা ফ্ৰীজৰ পানী খোৱা মানে বিভিন্ন ৰোগক আমন্ত্ৰণ জনোৱা৷ উল্লেখ কৰা হ’ল ঠাণ্ডা পানী খালে হ’ব পৰা অপকাৰসমূহ–

[১] পৰিপাকতন্ত্ৰৰ ক্ষতিঃ ঠাণ্ডা পানীয়ে পৰিপাকতন্ত্ৰৰ ক্ষতি কৰে৷ মন কৰিব যে, কুহুমীয়া পানীৰে মুখ ধুলে ছালত থকা ক্ষুদ্ৰ ছিদ্ৰসমূহ খোল খাই যায় আৰু ছালখন মেল খোৱাৰ দৰে হৈ পৰে৷ কিন্তু ঠাণ্ডা পানীৰে মুখ ধুলে ছাল টান হোৱাৰ লগতে সংকুচিত হোৱাৰ দৰে হয়৷ গতিকে বুজিব পাৰিছে যে ঠাণ্ডা পানী খালে পেটত কি ধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে৷

[২] হূদযন্ত্ৰৰ ক্ষতি কৰেঃ চিকিৎসা গৱেষণাৰ মতে ঠাণ্ডা পানীয়ে হৃদস্পন্দন কমায়৷ সেয়ে অত্যধিক ঠাণ্ডা পানী খোৱাটো হৃদযন্ত্ৰৰ কাৰণে অতি অপকাৰী৷ গতিকে আপোনাৰ যদি অত্যধিক ঠাণ্ডা পানী খোৱাৰ অভ্যাস আছে তেন্তে এতিয়াৰে পৰা সেই অভ্যাস কমাওক৷

[৩] কোষ্ঠকাঠিন্য বঢ়ায়ঃ  অত্যধিক ঠাণ্ডা পানী বা ফ্ৰীজৰ পানী খালে কোষ্ঠকাঠিন্য হোৱাৰ আশংকা থাকে৷ খাদ্য গ্ৰহণৰ পাছত ঠাণ্ডা পানী খালে হজমত সমস্যা হয়৷ ফলত কোষ্ঠকাঠিন্য হয়৷

[৪] মূৰৰ বিষ হয়ঃ  অত্যধিক ঠাণ্ডা পানী বা ফ্ৰীজৰ পানী খোৱাসকলৰ বহুতকে মূৰৰ বিষত আক্ৰান্ত হোৱা দেখা যায়৷ স্বাস্থ্য গৱেষকসকলৰ মতে ঠাণ্ডা পানী খোৱাৰ লগে লগে মূৰ আৰু মগজুত ইয়াৰ প্ৰভাৱ পৰে৷ ঠাণ্ডা পানী খোৱা লগে লগে সংবেদনশীল স্নায়ুবোৰ অত্যধিক শীতল হৈ পৰে ফলত ইয়াৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে মগজুৰ ওপৰত৷ এনে অৱস্থাত মূৰৰ বিষ হয়৷