Logo
image

মহাৰাষ্ট্ৰৰ মছজিদত ‘লাউডস্পীকাৰ’বন্ধ কৰক

উদ্ধৱ থাক্‌ৰে চৰকাৰলৈ ৰাজ থাক্‌ৰেৰ আহ্বান

আমাৰ অসম, ৪ এপ্ৰিলঃ মহাৰাষ্ট্ৰ নৱ-নিৰ্মাণ সেনাৰ [এম এন এছ] অধ্যক্ষ তথা মুখ্যমন্ত্ৰী উদ্ধৱ থাক্‌ৰেৰ ভাতৃ ৰাজ থাক্‌ৰেই জনোৱা এটা আহ্বানে ব্যাপক চৰ্চা লাভ কৰিছে৷ হিন্দু নৱবৰ্ষ উপলক্ষে শনিবাৰে মুম্বাইৰ শিৱাজী পাৰ্কত আয়োজিত এখন সভাত অংশগ্ৰহণ কৰি ৰাজ থাক্‌ৰেই উদ্ধৱ থাক্‌ৰে চৰকাৰলৈ আহ্বান জনায় ৰাজ্যখনত থকা মছজিদৰ ‘লাউডস্পীকাৰ’বোৰ বন্ধ কৰিবলৈ৷ মছজিদত থকা লাউডস্পীকাৰবোৰ ইমান উচ্ছ স্বৰত কিয় বজোৱা হয় বুলিও প্ৰশ্ন কৰে তেওঁ? ইয়াৰ দ্বাৰা হোৱা শব্দ প্ৰদূষণে আনৰ ক্ষতি কৰি আহিছে বুলি অভিযোগ তুলি ৰাজ থাক্‌ৰেই মহাৰাষ্ট্ৰ চৰকাৰলৈ এই আহ্বান জনায়৷ যদিহে তেওঁৰ আহ্বান অনুসৰি মছজিদৰ লাউডস্পীকাৰ বন্ধ কৰা নহয়, তেন্তে মছজিদৰ বাহিৰত অতি উচ্ছ স্বৰত হনুমান চালিছা বজোৱা হ’ব৷ তেওঁ আৰু কয় যে মছজিদত আজান দিয়াৰ বিৰোধিতা তেওঁ নকৰে, কিন্তু লাউডস্পীকাৰত ইমান উচ্ছ স্বৰত দিয়াটো কেতিয়াও সমৰ্থন নকৰে৷ আনহাতে, তেওঁ ককায়েক উদ্ধৱ থাক্‌ৰেক কঠোৰ সমালোচনা কৰে৷ মুখ্যমন্ত্ৰী হোৱাৰ লালসাত উদ্ধৱ থাক্‌ৰেই ঘোৰ শত্ৰুৰ সৈতে হাত মিলাই ৰজ্যৰ জনতাক প্ৰতাৰণা কৰিলে৷ গতিকে মহাৰাষ্ট্ৰৰ জনতাই উদ্ধৱ থাক্‌ৰেক ক্ষমা কৰিব নালাগে বুলিও ৰাজ থাক্‌ৰেই আহ্বান জনায়৷