Logo
image

মাছ খাওঁতে সাৱধান!অত্যধিক ইউৰিয়া ব্যৱহাৰেৰে ৰাজ্যত চলিছে মীনপালন

অসাধু মীনপালকক নাকী লগোৱাত ব্যৰ্থ মীন বিভাগ

আমাৰ অসম,৪ এপ্ৰিলঃ ৰাসায়নিক সাৰযুক্ত খাদ্য ব্যৱহাৰ কৰি ৰাজ্যত মাছ উৎপাদন বৃদ্ধি কৰা কাৰ্যই জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে৷ ৰাজ্যৰ এচাম মীনপালকে মাছৰ অধিক উৎপাদনৰ বাবে মাছ পোহা পুখুৰীত ধান খেতিত ব্যৱহাৰ কৰা ইউৰিয়াৰ উপৰি কম সময়ৰ ভিতৰত মাছৰ আকাৰ বৃদ্ধি হোৱা ৰাসায়নিক সাৰযুক্ত খাদ্য ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে৷ বিশেষকৈ ব্যৱসায়িক ভিত্তিত অধিক লাভৱান হোৱাৰ তাগিদাতে মৎস্য পালনত আত্মনিয়োগ কৰা একাংশ লোকে পুখুৰী, জলাশয় আদিত অত্যধিক ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ কৰিছে৷ নলবাৰীৰো একাংশ মীনপালকে মাছৰ উৎপাদন কম দিনতে বৃদ্ধি হোৱাৰ লক্ষ্যৰে এনে ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ কৰা বুলি চৰ্চা চলিছে৷ ৰাসায়নিক সামগ্ৰী ব্যৱহাৰৰ ফলত ৰাজ্যত উৎপাদিত মাছৰ পৰিমাণ প্ৰায় চাহিদাৰ সমান হ’বলৈ গৈ আছে৷ মাছৰ উৎপাদন বৃদ্ধি কৰিবলৈ অসম চৰকাৰৰ মীন বিভাগে বিগত পাঁচ-ছয় বছৰত কেইবাখনো অভিলাষী আঁচনি গ্ৰহণ কৰিছে যদিও প্ৰকৃততে ৰাসায়নিক সামগ্ৰী ব্যৱহাৰৰ ফলত উৎপাদন অধিক বৃদ্ধি হোৱাৰ কথাহে শেহতীয়াভাৱে চৰ্চালৈ আহিছে৷ কিন্তু এই বিষয়ত মীন বিভাগে অতি নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰাৰো অভিযোগ উঠিছে৷ ব্যৱসায়িক ভিত্তিত মীন উৎপাদনত আত্মনিয়োগ কৰা বহুসংখ্যক মীনপালকে ৰাসায়নিক বস্তু পুখুৰীত ব্যৱহাৰ কৰাৰ বিষয়ে বহু সময়ত জ্ঞাত হৈওঁ মীন বিভাগে অভিযান নচলায়৷ যাৰ ফলত দিনক দিনে ব্যাপক হাৰত বৃদ্ধি পাইছে ৰাসায়নিক সাৰৰ ব্যৱহাৰ৷ কাজেই এনে পৰিস্থিতিত আপুনি বজাৰৰ মাছ খাবলৈ এতিয়া ভাবিব লগা হৈ পৰিছে৷ কাৰণ খাদ্য বিশেষজ্ঞৰ মতে ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ কৰা মাছ খোৱাটো স্বাস্থ্যৰ কাৰণে অতি হানিকাৰক হ’ব পাৰে! চৰকাৰৰ মীন বিভাগে এই ক্ষেত্ৰত চকু নিদিলে জনতাৰ স্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনাৰ পূৰ্ণ সম্ভাৱনা আছে৷