Logo
image

ভাৰতীয় বাতৰি কাকতত ৰুছ প্ৰপাগাণ্ডা

কিছুমান ভাৰতীয় বাতৰি কাকতত প্ৰকাশিত ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ নীৰৱ বা সৰৱ সমৰ্থন সন্দৰ্ভত এই আলোচনা আগবঢ়াব বিছাৰিছো৷

ইতিহাস

বিশ্বৰ সকলো দেশৰ দৰে ইউক্ৰেইনৰ চাৰিসীমাৰো ইতিহাসৰ ঢৌৰ লগত পৰিৱৰ্তন হৈছে৷ ইউক্ৰেইনে যোৱা ৪০০ বছৰ ধৰি স্বাধীনতাৰ বাবে যুদ্ধ কৰিছে৷ ৯০০-১৩০০ শতিকাত কিভিয়ান ৰুছ স্লাভিক জনৰ মূল সাম্ৰাজ্য আৰু ৰাছিয়ান, ইউক্ৰেইনিয়ান, বেলাৰুছিয়ান সকলৰ সংস্কৃতিক কেন্দ্ৰ আছিল৷ পুটিনে  কিয়েভ দখল কৰি সেই কেন্দ্ৰ পুনৰ প্ৰতিষ্ঠা কৰি ৰাছিয়াৰ ঐতিহ্য পুনৰুজ্জীৱিত কৰিব বিচাৰিছে৷ ১৯৮৯ চনত ছোভিয়েট ইউনিয়নৰ খহনীয়া আৰম্ভ হয়৷ দুৰ্বল অৰ্থনৈতিক অৱস্থা, মানৱাধিকাৰৰ ভয়ানক উলংঘন আৰু সৰ্ববিৰাজমান দুৰ্নীতিয়েই হ’ল এই খহনীয়াৰ মূল কাৰণ৷ ২০১৪ চনত ৰাছিয়াই ইউক্ৰেইনৰ অবিচ্ছেদ্য অংগ ক্ৰিমিয়া আক্ৰমণ কৰি দখল কৰে [এই উদাহাৰণটো চিনে অৰুণাচল প্ৰদেশৰ কেইবা হাজাৰ বৰ্গ কিলোমিটাৰ দখল কৰাৰ সমতুল্য]৷ আমেৰিকাকে ধৰি গোটেই বিশ্ব এই আক্ৰমণত নিি©য় হৈ থকিল৷ ৰাছিয়াই বিশ্বৰ নীৰৱতাৰ সুযোগ লৈ পূৱ ইউক্ৰেইনৰ ডনবাছ দখল কৰাৰ কাম আৰম্ভ কৰে আৰু এতিয়াৰ আক্ৰমণৰ সূচনা হয়৷

বৰ্তমান

স্বাধীন, সাৰ্বভৌম দেশে নিজৰ বিদেশ নীতি নিজে নিৰ্ধাৰিত কৰে৷ এইক্ষেত্ৰত ইউক্ৰেইনো ব্যতিক্ৰম নহয়৷ কিছুমান সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ইউক্ৰেইন সম্পূৰ্ণ স্বতন্ত্ৰ৷ আমেৰিকা ধোৱা তুলসীৰ পাত নহলেওঁ [আমেৰিকাৰ দূষিত বিদেশনীতিৰ বিষয়ে বিভিন্ন প্ৰচাৰ মাধ্যমত ইতিমধ্যে যথেষ্ট আলোচনা কৰা হৈছে]  প্ৰতি বছৰে কেইবা শ কোটি টকা [৫০০ মিলিয়ন ডলাৰ] আমেৰিকাই ইউক্ৰেইনত বিনেয়োগ কৰে৷ তাৰ উপৰি, ইউক্ৰেইনৰ দোপতদোপে আগবাঢ়ি যোৱা অৰ্থনীতিত অমেৰিকাৰ পুঁজিপতি নিগমসমূহৰ যথেষ্ট অৱদান আছে৷ পুটিনৰ একনায়কত্ববাদ আৰু দুৰ্বল অৰ্থনীতিক ইউক্ৰেইনে অগ্ৰাহ্য কৰাটো  অস্বভাৱিক নহয়৷ 

ৰাছিয়াৰ দুৱাৰমুখতে এখন স্বধীন, স্বাৱলম্বী আৰু গণতান্ত্ৰিক দেশ এখন থকাটো ৰাছিয়াই সহিব পৰা নাছিল¸৷  ৰাছিয়াই  ভৌগোলিক আকৃতিৰ অহংকাৰ আৰু পাৰমাণৱিক অস্ত্ৰৰ নিচাত এই আক্ৰমণ আৰম্ভ কাৰিছে, কিন্তু যুদ্ধৰ এমাহতকৈও অধিক দিন পাছতো কিয়েভ দখল কৰিব পৰা নাই৷   আমেৰিকা, ইউৰোপীয়ান সংঘ, জাপানকে ধৰি অন্য দেশসমূহৰ আধুনিক অস্ত্ৰ-শস্ত্ৰৰ  শক্তিয়ে ৰাছিয়াক শংকিত নকৰাকৈও থকা নাই৷  এই যুদ্ধ গণতন্ত্ৰ আৰু একনায়কতত্ত্ববাদৰ মাজৰ যুদ্ধ৷

ভাৰত আৰু চীন

২০২২ চনৰ শীতকালীন অলিম্পিকত পুটিন আৰু চীনৰ প্ৰধান চি জিন পিঙে দুয়ো দেশৰ মাজৰ বন্ধুত্বৰ কথা ঘোষণা কৰে৷   ইউক্ৰেইন আক্ৰমণৰ দুসপ্তাহতে ৰাছিয়াই চীনৰ [দ্বিতীয় সৰ্বোচ্ছ অৰ্থনীতি] ওচৰত সামৰিক আৰু অৰ্থনৈতিক সহায় বিচাৰিছে৷ এই ঘটনাই আমেৰিকা, জাপান, অষ্ট্ৰেলিয়া আৰু ইউৰোপীয়ান সংঘৰ অৰ্থনৈতিক প্ৰতিৰোধে ৰাছিয়াক থকাসৰকা কৰে৷ গতিকে চীনে হয়তো ৰাছিয়াক সহায় কৰিব পাৰে৷ যিহেতু দুখন দেশৰ উদেশ্য হৈছে নিজৰ প্ৰভুত্ব প্ৰতিষ্ঠা কৰা৷ 

চীনৰ মানচিত্ৰত ভাৰতৰ কাশ্মীৰৰ কিছু অংশ আৰু অৰুণাচল প্ৰদেশক অন্তৰ্ভুক্ত কৰা হৈছে৷ ইউক্ৰেইনৰ দৰে ভাৰতেও স্বধীন দেশ হিচাপে নিজৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে আন্তৰ্জাতিক গোষ্ঠিৰ লগত চুক্তি কৰিব পাৰে৷ এই সন্দৰ্ভত ইউক্ৰেইনক দোষ দিয়া সকলে নিজকে সোধা উচিত:–চীনৰ ক্ৰোধৰ ভয়ত ভাৰতে মনে মনে থাকিব নেকি? যদি চীনে ভাৰতৰ অৰুণাচল প্ৰদেশ আক্ৰমণ কৰি দখল কৰাৰ মন মেলে, ভাৰতে আমেৰিকাকে ধৰি পশ্চিমৰ দেশসমূহৰ সৈতে সম্বন্ধ গাঢ় নকৰিবনে? যদি চীনে ইয়াৰ বন্ধু ৰাছিয়াক সহায়ৰ বাবে আগবাঢ়ি আহে তেন্তে অৰুণাচল প্ৰদেশৰ বিষয়টোত ৰাছিয়াই চীনক সহায় নকৰিবনে?

অৱশেষত, ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ত মোৰ ৰাছিয়ান সতীৰ্থৰ কথাৰে সামৰিব বিছাৰিছো৷ 

আজি মোক  ৰাছিয়ান বুলি ক’বলৈ লাজ লগা হৈছে - ডাঃ আন্যা পাভলোভা