Logo
image

মধ্যবিত্তৰ‘ঘৰ’ৰ সপোন প্ৰায় শেষ

মাটি, লোহা-চিমেণ্টৰ পাছত ফ্লেটৰ মূল্যৰ ব্যাপক বৃদ্ধি

আমাৰ অসম,৫ এপ্ৰিলঃ ডেয়াৰ ইজ ন’প্লেচ লাইক হ’ম–আটোমটোকাৰি এটা ঘৰ বা কংক্ৰিটৰ অৰণ্যত অমূল্য মাটি এটুকুৰা ক্ৰয় কৰিব নোৱাৰি ফ্লেটতে আশ্ৰয় ল’বলৈ বাধ্য হোৱা মধ্যবিত্তৰ আজন্ম সপোন এয়া৷ পিতৃপ্ৰদত্ত বা উত্তৰাধিকাৰীসূত্ৰে বিশাল অট্টালিকাৰ অধিকাৰী হ’বলৈ নোপোৱা মধ্যবিত্তই তৰুণ বয়সৰ পৰাই এটা নিজাঘৰৰ সপোন দেখে৷ জীৱন সংগ্ৰামৰ সকলো জ্বালা যন্ত্ৰণা দুৰ কৰি কোনোবাই তৰুণ বয়সতে আৰু কোনোৱে আদবয়সত বা তাকো নোৱাৰিলে অৱসৰ জীৱনতো এটা ঘৰ সাজে আৰু সেয়াই তেওঁৰ বাবে, পৰিয়ালৰ বাবে হৈ পৰে সপোনৰ ঘৰখন৷ সেয়ে কোৱা হয়, ডেয়াৰ ইজ ন’প্লেচ লাইক হ’ম৷ সঁচাই, নিজৰ ঘৰটোৰ দৰে আন একো হ’ব নোৱাৰে৷ কিন্তু মধ্যবিত্তৰ এই নিজৰ ঘৰ বনোৱাৰ সপোনটো এতিয়া থানবান হৈ পৰিছে৷ সপোন ভগাৰ কাৰণ এটাই–ঘৰ সাজিবলৈ প্ৰয়োজন হোৱা সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি৷ নিজাকৈ ঘৰ সজাৰ সপোন অসমীয়া মধ্যবিত্তৰ থানবান হৈ যোৱাৰ সময়ত, কংক্ৰিটৰ মহানগৰী গুৱাহাটীত আৰু ৰাজ্যৰ আন আন চহৰতো যেনেতেনে এটা ফ্লেট কিনি ল’ব বুলি আশা কৰি থকাসকলৰ সপোনতো কুঠাৰাঘাত কৰিছে চৰম মূল্যবৃদ্ধিয়ে৷ ৰঙালী বিহুৰ পূৰ্বে সেই সপোন ভগাৰ খবৰ শুনাইছে অসম ৰিয়েল ইষ্টেট ডেভল’পাৰ এছচিয়েচন বা এৰিডাই৷ এৰিডাই জনাইছে, ৰঙালী বিহুৰ পাছৰ পৰা ৰাজ্যত, ঘাইকৈ গুৱাহাটী মহানগৰীত ফ্লেটৰ মূল্য প্ৰতি বৰ্গফুটত ৬০০ টকাকৈ বৃদ্ধি পাব৷ অৰ্থাৎ ১,০০০ বৰ্গফুটৰ একোটা ফ্লেটত গ্ৰাহকে ভৰিব লাগিব ৬০,০০০ অধিক টকা৷ এই মূল্যবৃদ্ধি বলবৎ হ’ব ৰঙালী বিহুৰ পাছৰ পৰাই৷ ইতিপূৰ্বে যি নিৰ্দিষ্ট এটা মূল্যত ফ্লেট বুক কৰি থৈছে তেওঁলোকৰ কথা সুকীয়া, নতুনকৈ ফ্লেট বুক কৰিবলগীয়াসকলে ৰঙালী বিহুৰ পাছৰ পৰা বৰ্ধিত মূল্যত ফ্লেট ক্ৰয় কৰিব লাগিব৷ পেট্ৰ’ল-ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধি, ৰন্ধন গেছৰ মূল্যবৃদ্ধি, ঔষধৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰা মধ্যবিত্তৰ মূৰত এয়া আন এক মাধমাৰ৷ অভাবৰ সংসাৰৰ পৰাই চান কাঢ়ি চৰায়ে এদাল এদালকৈ কুটা কঢ়িওৱাৰ দৰে মধ্যবিত্তই ধন সাঁচে তেওঁৰ সপোনৰ ঘৰটোৰ বাবে৷ পৈত্ৰিক মাটি এক-ডেৰ কঠাৰ অধিকাৰী হোৱাজনে সেই মাটিতে এটা ঘৰ সাজে বা সজাৰ সপোন দেখে৷ ফ্লেট ক্ৰয় কৰিবলৈ পৰিকল্পনা কৰা পৰিয়ালেও জীৱনটো সাঁচি ৰখা ধনেৰে ফ্লেট এটা বুক কৰে আৰু সিংহভাগ মূল্য আদায় দিয়াৰ বাবে আশ্ৰয় লয় গৃহ ঋণৰ৷ এতিয়া হঠাতে ফ্লেটৰ মূল্যও বাঢ়ি যোৱাত আক্ষৰিক অৰ্থতে ঘৰৰ সপোনটো শেষ হৈ গৈছে মধ্যবিত্তৰ৷ যিহেতু ঘৰ সজা সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ বাবেই ফ্লেটৰ মূল্য বাঢ়ি গৈছে, সেই একে কাৰণতে নিজাকৈ ঘৰ সাজিবলৈ সপোন দেখি থকাসকলৰো ঘৰৰ সপোন চূৰ্ণ-বিচূৰ্ণ হৈছে৷ কিয়নো নিজাকৈ ঘৰ সাজিবলৈ লোৱাজনেও সকলো সামগ্ৰী ক্ৰয় কৰিব লাগিব বৰ্ধিত মূল্যত৷ আকৌ মাটি ক্ৰয় কৰি ঘৰ সজাৰ আশা পুহি ৰখাসকলৰ আশাতো চৰকাৰে চেঁচাপানী ঢালিছে মাটিৰ চৰকাৰী মূল্য ৬০০ শতাংশ পৰ্যন্ত বৃদ্ধি কৰি৷ চৰকাৰে বৃদ্ধি কৰিলে মাটি, ঘৰ, ফ্লেটৰ চৰকাৰী পঞ্জীয়ন মূল্যও৷ মাটিৰ চৰকাৰী মূল্য বঢ়াই দিয়াৰ ফলত গ্ৰাহকে পঞ্জীয়ন মূল্যও বেছিকৈ ভৰিব লাগিব৷ সংবাদমেলত এৰিডাই জনায় যে নিৰ্মাণ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে ৰাজ্যৰ নিৰ্মাণ খণ্ডত এনেকৈ প্ৰভাৱ পেলাইছে, যাৰ ফলত ব্যয় বৃদ্ধি হোৱাৰ বাবেই ৰিয়েল ইষ্টেট খণ্ডৰ সকলোবিলাক প্ৰকল্পৰ নিৰ্মাণ স্থবিৰ হৈ গৈছে৷ এতিয়া কম মূল্যতে বা বহনক্ষম ঘৰ নিৰ্মাণ কৰাটো অসম্ভৱ বুলি এৰিডাই দাবী কৰে৷ তেওঁলোকে জনোৱা মতে ২০২০ চনৰ পৰা ঘৰ নিৰ্মাণত প্ৰয়োজন হোৱা সামগ্ৰীৰ মূল্য বিগত ডেৰ-দুবছৰত প্ৰতি বৰ্গফুটত ৬০০ টকা পৰ্যন্ত বৃদ্ধি পাইছে৷ বিগত সময়ছোৱাত ক’ভিড অতিমাৰীয়েও নিৰ্মাণ খণ্ডক গভীৰ আঘাত দিছিল৷ এতিয়া সেই আঘাতৰ পৰা মুক্ত হৈ উঠাৰ পূৰ্বে সকলোধৰণৰ নিৰ্মাণ সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি ৰিয়েল ইষ্টেট খণ্ডৰ বাবে দ্বিতীয়টো বিষম আঘাত হৈ পৰিছে৷ এৰিডাই জনোৱা মতে কেৱল অসমতে নহয়, সমগ্ৰ দেশতে ৰিয়েল ইষ্টেট খণ্ডৰ পৰিস্থিতি একেই শোকাৱহ৷ কিয়নো মহাৰাষ্ট্ৰ, দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল আৰু দেশৰ বিভিন্ন স্থানত ঘৰ নিৰ্মাণ সামগ্ৰীৰ মূল্য আকাশলংঘী হৈ পৰাৰ ফলত ডেভল’পাৰ্ছসকলে নিৰ্মাণকে বন্ধ কৰি ৰাখিবলৈ বাধ্য হৈছে৷ এৰিডাৰ মতে ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা ১৯ বিধ সামগ্ৰীৰ মূল্য সামগ্ৰিকভাৱে ৩৭.৫০ শতাংশ বৃদ্ধি পাইছে৷ ইয়াৰে কিছু সামগ্ৰীৰ মূল্য ৯০ শতাংশ আৰু অধিকাংশ সামগ্ৰীৰ মূল্য বিগত দুবছৰত ৫০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে৷  সেই অনুসৰি ২০২০ চনৰ অক্টোবৰত ৰডৰ মূল্য আছিল প্ৰতি কিলোগ্ৰামত ৪৩ টকা৷ ২০২১ চনৰ অক্টোবৰত ৬৪ টকা হোৱা ৰডৰ মূল্য ২০২২ চনৰ মাৰ্চত হৈছেগৈ ৮২ টকা৷ ৰডৰ মূল্যবৃদ্ধি হৈছে যোৱা দুবছৰৰ কম সময়ত ৯০.৭০ শতাংশ৷ আনহাতে প্ৰতিকেজি ব্লেকৱায়াৰৰ মূল্য আছিল ২০২০ চনৰ অক্টোবৰত ৬৩ টকা, ২০২১ চনৰ অক্টোবৰত ৭৫ টকা আৰু আজিৰ  দিনত হৈছে ৯৪ টকা৷ প্ৰতিকেজি গজালৰ মূল্য আছিল ২০২০ চনৰ অক্টোবৰত ৬৩ টকা, ২০২১ চনৰ অক্টোবৰত ৭২ টকা আৰু আজিৰ  দিনত হৈছে ৯৫ টকা৷ প্ৰতিচিএম বালিৰ মূল্য আছিল ২০২০ চনৰ অক্টোবৰত ১১০০ টকা, ২০২১ চনৰ অক্টোবৰত ১৩০০ টকা আৰু আজিৰ  দিনত হৈছে ১৫০০ টকা৷ প্ৰতিচিএম শিলৰ গুড়িৰ মূল্য আছিল ২০২০ চনৰ অক্টোবৰত ২০০০ টকা, ২০২১ চনৰ অক্টোবৰত ২২০০ টকা আৰু আজিৰ  দিনত হৈছে ২৪০০ টকা৷ প্ৰতিবেগ চিমেন্টৰ মূল্য আছিল ২০২০ চনৰ অক্টোবৰত ৩৬৫ টকা, ২০২১ চনৰ অক্টোবৰত ৩৮০ টকা আৰু আজিৰ  দিনত হৈছে ৪২০ টকা৷ প্ৰতিটুকুৰা ইটাৰ মূল্য আছিল ২০২০ চনৰ অক্টোবৰত জ্ঝ টকা, ২০২১ চনৰ অক্টোবৰত ১০ টকা আৰু আজিৰ  দিনত হৈছে ১১ টকা৷ প্ৰতি বৰ্গফুট টাইলছৰ মূল্য আছিল ২০২০ চনৰ অক্টোবৰত ৩২ টকা, ২০২১ চনৰ অক্টোবৰত ৩৫ টকা আৰু আজিৰ  দিনত হৈছে ৪০ টকা৷ প্ৰতিবৰ্গফুট এলুমিনিয়াম খিৰিকিৰ মূল্য আছিল ২০২০ চনৰ অক্টোবৰত ২০০ টকা, ২০২১ চনৰ অক্টোবৰত ২৫০ টকা আৰু আজিৰ  দিনত হৈছে ৩০০ টকা৷ প্ৰতিবৰ্গফুট ফ্লাছডৰৰ মূল্য আছিল ২০২০ চনৰ অক্টোবৰত ১৩০ টকা, ২০২১ চনৰ অক্টোবৰত ১৪০ টকা আৰু আজিৰ  দিনত হৈছে ১৬০ টকা৷ প্ৰতি লিটাৰ ৰঙৰ মূল্য আছিল ২০২০ চনৰ অক্টোবৰত ২০০ টকা, ২০২১ চনৰ অক্টোবৰত ২৪০ টকা আৰু আজিৰ  দিনত হৈছে ৩০০ টকা৷ প্ৰতিচিএফটি ছাটাৰিঙৰ কাঠৰ মূল্য আছিল ২০২০ চনৰ অক্টোবৰত ৩৬০ টকা, ২০২১ চনৰ অক্টোবৰত ৪২০ টকা আৰু আজিৰ  দিনত হৈছে ৪৫০ টকা৷ ইপিনে ২০২০ চনৰ অক্টোবৰত মিস্ত্ৰীৰ দৈনিক হাজিৰা আছিল ৫০০ টকা, ২০২১ চনৰ অক্টোবৰত ৬০০ টকা আৰু আজিৰ  দিনত হৈছে ৭০০ টকা৷ একেদৰে ২০২০ চনৰ অক্টোবৰত শ্ৰমিক বা যোগালীৰ দৈনিক হাজিৰা আছিল ৪০০ টকা, ২০২১ চনৰ অক্টোবৰত ৫০০ টকা আৰু আজিৰ  দিনত হৈছে ৬০০ টকা৷ এনে পৰিস্থিতিত ঘৰ নিৰ্মাণ কৰাৰ মূল্যবৃদ্ধি নকৰাকৈ থকাটো অসম্ভৱ বুলি এৰিডাই প্ৰকাশ কৰে৷ এইক্ষেত্ৰত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাও সন্দেহৰ উৰ্ধত নহয়৷ কিয়নো পেট্ৰ’ল-ডিজেল-গেছ-ঔষধ আদিৰ লগতে ঘৰ সজাৰ সামগ্ৰীৰ মূল্যও দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন সম্পন্ন নোহোৱালৈকে বৃদ্ধি হোৱা নাছিল৷ উত্তৰ প্ৰদেশকে ধৰি প্ত খন ৰাজ্যৰ নিৰ্বাচন সম্পন্ন হোৱাৰ পাছত শাসনাধিষ্ঠিত বিজেপি নেতা মন্ত্ৰীৰ মুখত আত্মতৃপ্তিৰ হাঁহি আৰু তাৰ পাছতে ব্যৱসায়ীয়ে কাকো গণ্য নকৰাকৈ বঢ়াই দিছে সকলো সামগ্ৰীৰ লগতে ঘৰ সজা সামগ্ৰীৰ দামো৷ অবোধ বিধায়কে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ বাবে অসমত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে শাক-পাচলিৰো দাম বৃদ্ধি পোৱা বুলি ৰাজহুৱা মন্তব্য কৰে৷ ৰাজপাটত বহা তেওঁলোকৰ বাবে দালান নিৰ্মাণ কৰাটো অসম্ভব নহয়, কিন্তু অভাবনীয় মূল্যবৃদ্ধিয়ে মধ্যবিত্তৰ ঘৰ এটাৰ সপোন বালিৰে সজা ঘৰটোৱে উটুৱাই নিয়াৰ দৰে থানবান কৰি পেলালে৷