Logo
image

১,২৬৫ বিহু কমিটীক ডেৰ লাখ টকাকৈ দিলে মুখ্যমন্ত্ৰীয়ে

আমাৰ অসম, ৫ এপ্ৰিলঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে ৰাজ্যৰ যিসমূহ দহ বছৰীয়া বিহু উদযাপন সমিতিয়ে সাত বিহুৰ ভিতৰত বিহুৰ সাংস্কৃতিক অনুষ্ঠান শেষ কৰিব সেই সমিতি সমূহক অসম চৰকাৰৰ ফালৰ পৰা ডেৰ লাখ টকাৰ একঁকালীন আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ অৱশেষত সেই ঘোষণা অনুসৰি ৰাজ্য চৰকাৰে ৩০খন জিলাৰ ১,২৬৫খন বিহু উদযাপন সমিতিক ডেৰ লাখ টকাৰ আৰ্থিক সাহায্যৰ বাবে নিৰ্বাচিত কৰিছে৷ সোমবাৰে বিয়লি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত ৰাজ্যত ৰঙালী বিহু উদ্যাপনৰ সৈতে জড়িত আয়োজক সমিতিসমূহলৈ অসম চৰকাৰৰ তৰফৰ পৰা একঁকালীন আৰ্থিক সাহায্য প্ৰদান কাৰ্যসূচী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ অৱশ্যে প্ৰতীকী ৰূপত পাঁচখন বিহু উদযাপন সমিতি ক্ৰমে– পূব গুৱাহাটী বিহু সন্মিলনী, পশ্চিম গুৱাহাটী বিহু সন্মিলনী, বাইহাটা কেন্দ্ৰীয় বিহু সমিতি আৰু ভোৰাপাৰা বিহু সন্মিলনীক ডেৰ লাখ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে৷ আনহাতে এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়– ক’ভিডৰ বাবে আমি যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলো৷ যাৰ বাবে বেছিভাগ ব্যৱসায়ীয়ে আৰ্থিক সংকটৰ মাজেৰে দিন অতিবাহিত কৰিব লগা হৈছে৷ আৰ্থিক অনাটনৰ বাবে সাত বিহুৰ ভিতৰত বিহু শেষ কৰিবলৈ বিহু উদযাপন সমিতিক আৰ্থিক সাহায্য প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷ সাত বিহুৰ ভিতৰত সাংস্কৃতিক অনুষ্ঠান শেষ কৰা ৰাজ্যৰ ১,২৬৫খন বিহু সমিতিক এই সাহায্য প্ৰদান কৰা হ’ব৷ অথচ অসমত বহাগ মাহত ১০ ৰ পৰা ১২ হাজাৰ বিহু সমিতিয়ে বিহু অনুষ্ঠিত কৰি আহিছে৷ অসমৰ জাতীয় জীৱনৰ আয়ুস ৰেখা স্বৰূপ বিহুক উত্তৰণৰ বাবে প্ৰথম বাৰৰ বাবে এনে ধৰণৰ সাহায্য প্ৰদানৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে৷ অতীতত বিহু সাত দিনলৈকে অনুষ্ঠিত হৈছিল বুলি লোক সংস্কৃতিৰ গৱেষক ড॰ লীলা গগৈ, হেম বৰগোহাঞি আৰু ড॰ নগেন শইকীয়াই তথ্য সহকাৰে দাঙি ধৰিছিল৷ ৰংপুৰৰ ৰংঘৰৰ চৌহদৰ পৰা বিহু আৰম্ভ হৈ কলিয়াবৰ পাওঁতে সাত দিন লাগিছিল৷ তাৰ পাছত বিহু আৰু নচা নাছিল৷ পাৱাৰলুমৰ পৰিবৰ্তে তাঁতশালত উৎপাদিত গামোচাৰ ব্যৱহাৰ, অতিথিক লাড়ু - পিঠাকে ধৰি অসমীয়া খাদ্য সম্ভাৰৰে আপ্যায়ন, বিহু উদযাপনৰ সমান্তৰাল ভাৱে নিজ নিজ অঞ্চলত কৰ্মশালা অনুষ্ঠিত কৰি বিহু দল গঠনত আগভাগ লবলৈ মুখ্যমন্ত্ৰীয়ে উদযাপন সমিতি সমূহক আহ্বান জনায়৷ আনহাতে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ড॰ দেৱজিৎ খনিকৰে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব লায়া মাদ্দুৰীৰ উপৰি কামৰূপ [মহানগৰ] জিলা আৰু কামৰূপ জিলাৰ তালিকাভুক্ত বিহু সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷ উল্লেখযোগ্য যে বিহু উদ্‌যাপন সমিতিৰ বাবে চৰকাৰে ১৮.৯৭ কোটি টকা ব্যয় কৰিব৷ সোমবাৰে কামৰূপ মহানগৰ জিলাৰ ১৩৮খন আৰু কামৰূপ জিলাৰ ১৪২খন বিহু সমিতিক আৰ্থিক সাহায্য প্ৰদান কৰা হয়৷

ব’হাগক আদৰিবলৈ বিগত বছৰবোৰৰ দৰে এইবাৰো সদৌ গুৱাহাটী ছাত্ৰ সন্থাই ১৪ এপ্ৰিল, গৰু বিহুৰ দিনা ঐতিহ্যমণ্ডিত জজ্‌ খেলপথাৰত মুকলি বিহুৰ আয়োজন কৰিছে৷ সিদিনা পুৱা ১০-১৫ বজাত বিশিষ্ট সংগীত পৰিচালক দশৰথ দাসে বিহুৰ পতাকা উত্তোলনেৰে আৰম্ভ কৰিবলগীয়া অনুষ্ঠানত বছৰটোত অসমলৈ সুনাম কঢ়িয়াই অনা আৰু অসমৰ জাতীয় জীৱনলৈ বিশেষ বৰঙণি আগবঢ়োৱা ব্যক্তিসকলক সম্বদ্ধৰ্না জনোৱা হ’ব৷ অসমৰ কেইবাটাও প্ৰখ্যাত বিহু হুচৰী দলে অংশ ল’বলগীয়া মুকলি বিহু অনুষ্ঠানত অসমৰ বাৰেৰহণীয়া জনগোষ্ঠীয় থলুৱা নৃত্যৰ দলে অনুষ্ঠান পৰিৱেশন কৰিব৷ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুছেইন আৰু সাধাৰণ সম্পাদক নয়নজ্যোতি নাথে মুকলি বিহুৰ অনুষ্ঠানত সকলোৰে সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে৷

বিহু আয়োজনৰ নামত ৰাজকোষৰ ধন অবাবত ব্যয় কৰাটো কেতিয়াও সু-শাসকৰ নীতি হ’ব নোৱাৰে এইদৰে কয় দুৰ্নীতি বিৰোধী যুৱশক্তি অসমে৷ দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে সংবাদ মাধ্যমক কয় -অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাজকোষটো ব্যক্তিগত চন্দুক বা গড্‌ৰেজ বুলি ভবাটো ভুল৷ কাৰণ এই অদৰকাৰী আৰু অপ্ৰয়োজনীয় ব্যয় বিলাকে ৰাজ্যৰ অৰ্থনীতি দুবোৱাৰ বাদে আন একো কৰিব নোৱাৰে৷ নিৱনুৱাৰ আবেদন মাছুল বিনামূলীয়া নকৰি বিহু সমিটি সমূহক টকা বিতৰণ কৰা বিষয়টো কেতিয়াও গ্ৰহণযোগ্য নহয়৷ শাসকে এনেধৰণৰ অপ্ৰয়োজনীয় ব্যয় কৰাটো গণতান্ত্ৰিক পৰম্পৰাত কেতিয়াও গ্ৰহণযোগ্য নহয়৷ ১৮ কোটিতকৈও অধিক ধন ৰঙালী বিহু আয়োজনৰ নামত চৰকাৰী ৰাজকোষৰ পৰা ব্যয় কৰাটো- ঋণ লৈ ঘিঁউ খোৱাৰ দৰে হৈছে৷ গতিকে ৰাজহুৱা ধনৰ এনে অপচয় ৰোধ কৰিবলৈ আমি চৰকাৰৰ ওচৰত দাবী জনাইছো৷