Logo
image

১.৬ কোটি টকা বিতৰ্কত‘তলা’লগালে ৰাজীৱ ভৱনে

আমাৰ অসম,৫ এপ্ৰিলঃ ৰাজ্যসভাৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব লাভৰ বাবে কংগ্ৰেছ প্ৰাৰ্থীয়ে কাকো ধন দিয়া নাই বুলি দাবী কৰিলেও প্ৰদেশ কংগ্ৰেছৰ অন্যতম কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্থৰ বক্তব্যই যে দলটোক শ’লঠেকত পেলাইছে সেইটো স্পষ্ট৷ এই প্ৰসংগত কংগ্ৰেছ প্ৰাৰ্থী ৰিপুণ বৰা, প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই বাৰম্বাৰ স্পষ্টীকৰণেও ৰাজ্যবাসীক সৈমান কৰাব পৰা নাই কংগ্ৰেছে৷  উল্লেখ্য, কমলাক্ষ দে’পুৰকায়স্থই দাবী কৰিছিল যে ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে ৰিপুণ বৰাই ইউডিএফ দলক ১.৬ কোটি টকা দিছিল৷ ইয়াৰ বিনিময়ত ইউডিএফ দলে ৰিপুণ বৰাক সমৰ্থন জনোৱাৰ প্ৰতিশ্ৰুতি দিছিল৷ ৰাজ্যসভাৰ নৱনিৰ্বাচিত দুই প্ৰাৰ্থী পৱিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌড়া নাৰ্জাৰীয়ে ইতিমধ্যে সাংসদৰূপে শপত ল’লে৷ এনে সময়ত প্ৰাৰ্থিত্ব লাভৰ বাবে আন দলক ধন দিয়া নাই বুলি লিখিতভাৱে দলৰ স্থিতি প্ৰকাশ কৰিবলগীয়া হৈছে কংগ্ৰেছে৷ কোনে কাক টকা দিলে, কোনে কাৰ পৰা টকা ল’লে তাক লৈ কংগ্ৰেছৰ কন্দল চৰম সীমা পাইছে৷ বাধ্য হৈ ৰাজ্যসভাৰ নিৰ্বাচনক লৈ দলীয় নেতা-বিধায়কৰ মুখ বন্ধ কৰিলে প্ৰদেশ কংগ্ৰেছে৷ দলৰ কোনো বিধায়ক-নেতাই ৰাজ্যসভাক লৈ মন্তব্য কৰিব নোৱাৰিব বুলি কোৱা হৈছে৷ ইতিমধ্যে বিধায়ক কমলাক্ষৰ মন্তব্য সন্দৰ্ভত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বক প্ৰতিবেদন দিছে ৰিপুণ বৰাই৷ সোমবাৰে কংগ্ৰেছৰ অনুশাসন কমিটীৰ অধ্যক্ষ ভৰত চন্দ্ৰ নৰহে কংগ্ৰেছৰ সকলো বিধায়কক উদ্দেশ্যি এটা বিজ্ঞপ্তিত কয়– ‘ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাৰ্থিত্ব আৰু ভোটৰ বাবে ধন দিয়া বুলি আমাৰ কিছু জ্যেষ্ঠ নেতা-বিধায়কে কৰা মন্তব্যই দলৰ ভাবমূৰ্তি ম্লান কৰিছে৷ এনেবোৰ কথাই দলত ইতিবাচক প্ৰভাৱ নেপেলায়৷ এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সৈতে আলোচনা কৰা হৈছে৷ এনে অবাঞ্চিত ঘটনাক লৈ তীব্ৰ অসন্তুষ্টি অনুভৱ কৰিছোঁ৷ আমাৰ দলৰ নেতা বা বিধায়কৰ এনে মন্তব্য দলৰ অনুশাসনৰো বিৰুদ্ধ৷ এনে প্ৰসংগৰ পৰা দলৰ সকলো সদস্যক এৰাই চলিবলৈ আহ্বান জনাইছোঁ৷’ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে’পুৰকায়স্থৰ বক্তব্যক লৈ প্ৰদেশ কংগ্ৰেছৰ মাজতে কাজিয়াৰ সূত্ৰপাত হৈছে৷ কাছাৰত দুটা ফৈদৰ মাজত লাগিছে খণ্ডযুক্ত৷ তাৰ মাজতে প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাই ৰিপুণ বৰাৰ বিৰুদ্ধে দিছে বিস্ফোৰক মন্তব্য৷ তেওঁ কয়– ৰিপুণ বৰাৰ বাবে দল শেষ হৈছে৷ বিধানসভা নিৰ্বাচনত টকাৰ বিনিময়ত প্ৰাৰ্থিত্ব দিছিল ৰিপুণ বৰাই৷ নেতাৰ মাজত সততাৰ অভাৱ হৈছে৷ কংগ্ৰেছৰ ভৱিষ্যত কি ক’ব নোৱাৰা হৈছে৷ কংগ্ৰেছৰ নেতাৰ মাজত আদৰ্শ নোহোৱা হৈছে৷ দিল্লীৰ পৰা কিছুমান এজেণ্ট আহি তাজ, ৰেডিচন ব্লুত থাকি টকা সংগ্ৰহ কৰে৷ ছিদ্দিক বা কমলাক্ষই  কোৱা কথা নুই নকৰো৷ ৰিপুণ বৰাই দলৰ ৫০ লাখ টকা হৰলুকি কৰিছে৷ জিতেন্দ্ৰ সিঙে প্ৰাৰ্থিত্বৰ বাবে ছিদ্দিক আহমেদৰ পৰা ৫ কোটি টকা বিচৰাটো সঁচা৷ বিধানসভা নিৰ্বাচনত ৫০জন প্ৰাৰ্থীৰ পৰা ধন লৈছিল জীতেন্দ্ৰ সিং,পৃথীৰাজ সাথেই৷

বিধায়ক কমলাক্ষ দে পুৰকায়স্থক কাছাৰৰ দায়িত্বৰ পৰা আঁতৰোৱাৰ দাবীত সোমবাৰে শিলচৰ কংগ্ৰেছ কাৰ্যলয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ইন্দিৰা ভৱনত যুব কংগ্ৰেছ কৰ্মীসকলৰ মাজত সৃষ্টি হয় ৰণক্ষেত্ৰ৷ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যৰ সন্মুখতে কংগ্ৰেছী সকল লিপ্ত হয় হতাহতিত৷ পৰিস্থিতি ইমানেই উত্তপ্ত হয় যে এটা সময়ত হাতত বাঁহৰ টুকুৰা লৈ একাংশ কংগ্ৰেছ কৰ্মীয়ে অপূৰ্ব ভট্টাচাৰ্যকো আক্ৰমণ কৰিবলৈ চোঁচা লয়৷ শিলচৰ পৌৰ নিগম নিৰ্বাচন সংক্ৰান্তত অপূৰ্ব ভট্টাচাৰ্যৰ উপস্থিতিত আহ৩ান কৰা হৈছিল এখন বৈঠক৷ ইয়াৰ পূৰ্বে কৰিমগঞ্জৰ পল্লৱ সিং নামৰ এজন যুৱ নেতাক শিলচৰ যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত কৰিবলৈ প্ৰদেশ কংগ্ৰছৰ উপ সভাপতি কমলাক্ষ দে পুৰকায়স্থই উঠিপৰি লগা বিষয়টো অপূৰ্ব ভট্টাচাৰ্যৰ দৃষ্টি আকৰ্ষণ কৰিছিল শিলচৰৰ কংগ্ৰেছ কৰ্মী সকলে৷ পল্লৱ সিঙক কোনো ক্ষেত্ৰতে যুৱ কংগ্ৰেছৰ সভাপতি মানি নলয় বুলি স্পষ্ট কৰি দিছিল ক্ষুব্ধ কংগ্ৰেছী সকলে৷  ইয়াৰ দুটা ফৈদৰ মাজত সৃষ্টি হয় হতাহতি লাগে অৱশেষত ৰণক্ষেত্ৰৰ সৃষ্টি হয় ৷ পৰিস্থিতি ইমানেই উত্তপ্ত হয় যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰক্ষী বাহিনী লৈ উপস্থিত হয়৷ ইপিনে, পেট্ৰল, ডিজেল, ৰন্ধন গেছ সহ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মুল্যবৃদ্ধিৰ প্ৰতিবাদত সোমবাৰে শিলচৰতো ধৰ্ণা কাৰ্যসূচী পালন কৰে জিলা কংগ্ৰেছে৷ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা কাছাৰৰ দায়িত্ব প্ৰাপ্ত কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্যৰ নেতৃত্বত শিলচৰ জিলা কংগ্ৰেছ কাৰ্যলয়ৰ পৰা এটা প্ৰতিবাদী সমদল উলিওৱা হয়৷ হাতে হাতে প্লেকাৰ্ড লৈ কংগ্ৰেছ কৰ্মী সকলে পেট্ৰল, ডিজেল সহ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি পৰিস্থিতি উত্তাল কৰে৷ পাছত প্ৰতিবাদী সমদলটো ক্লাৱৰোডৰ ক্ষুদিৰাম বসুৰ মূৰ্তিৰ তলত সমবেত হৈ ধৰ্ণা বিক্ষোভ প্ৰদৰ্শন কৰে৷ মুল্যবৃদ্ধিৰ বাবে বিজেপিক তীব্ৰ সমালোচনা কৰে অপূৰ্ব ভট্টাচাৰ্য, প্ৰাক্তন মন্ত্ৰী অজিত সিং সহ জিলা কংগ্ৰেছ নেতৃত্বই৷  প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশত ৰাজ্যজুৰি আয়োজন কৰা এই ধৰ্ণা কাৰ্যসূচীত অংশ গ্ৰহণ কৰি এপিচিচিৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে৷ বৰাকৰ উন্নয়নৰ শ্লোগান দিয়া মুখ্যমন্ত্ৰীৰ ছত্ৰছায়াত বৰাকত কয়লা, চুপাৰি সহ বিভিন্ন চিণ্ডিকেট চলা বুলিও অভিযোগ কৰে অপূৰ্ব ভট্টাচাৰ্যই ৷ 

দেৱব্ৰত শইকীয়াই কি কি অধিকাৰ আছে আগতে জানি লওক৷ তাৰ পাছত হে বিশেষ অধিকাৰ ভংগৰ কথা আহি পৰিব প্ৰথমে অধিকাৰখিনি জানি লওক৷ প্ৰথমে আইনৰ কথাখিনি শিকি লওক৷ অহা নিৰ্বাচনত অসমৰ পৰা এ আই ইউ ডি এফ ধূলিসাৎ হোৱাটো নিশ্বিত বিৰোধীৰ দুৰ্বল হোৱাৰ বাবে অসমৰ পৰা হয়তো এ আই এউ ডি এফ  দল শূন্য হব পাৰে৷ লগতে চিৰাজুদ্দিন আজমলে কেতিয়াবা অসমীয়াৰ বাবে, কেতিয়াবা মাত মাতি পাইছে নে বিদেশীক সুৰক্ষা দিয়া দলৰ নেতা সদায় অসমীয়া বিৰোধীয়ে হ’ব বদৰুদ্দিন আজমলৰ দৰে অসমে একো আশা কৰাটো উচিত নহয়৷ এই ভাষ্য চতিয়া সমষ্টিৰ বিজেপি বিধায়ক পদ্ম হাজৰিকাৰ৷ চৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চাৰিদুৱাৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত ৯.৫২৬২৪ টকা ব্যয় সপাক্ষে নিৰ্মাণ হ’বলগীয়া এটা পুখুৰীৰৰ আধাৰশিলা অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ প্ৰশ্নৰ উওৰত এনেদৰে কয় বিধায়কজনে লগতে ভূপেন বৰাৰ নতুন কবিতা সন্দৰ্ভত কতাক্ষ কৰি কয় যে মানুহৰ হতাশা আৰু দুখত ভাগি পাৰি আকৌ কবিতা লিখিছে কিন্তু এই কবিতাই কিমান প্ৰভাৱ পেলাৱ সেইটো এটা ডাঙৰ প্ৰশ্নবোধক৷