Logo
image

প্ৰধানমন্ত্ৰীৰ পৰিয়ালৰ পলায়ন

আমাৰ অসম,৫ এপ্ৰিলঃ চৰম আৰ্থিক সংকটৰ মাজত দেশত বিদ্ৰোহসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাত শ্ৰীলংকা শাসন কৰি থকা ৰাজাপাক্ষে পৰিয়ালে দেশ এৰি পলায়ন কৰিব বুলি বাতৰি প্ৰকাশ পাইছে৷ সেই বাতৰি শুনি ক্ষোভিত হৈ পৰিছে বিগত কিছুদিন ধৰি সামান্য খাদ্য সামগ্ৰীও কিনিব নোৱাৰা শ্ৰীলংকাৰ জনতা৷ দেশখনত প্ৰচাৰিত বাতৰি অনুসৰি ৰাজাপাক্ষেৰ পৰিয়ালে পলায়ন কৰাৰ বাবে শ্ৰীলংকাৰ দুটাকৈ বায়ুসেনাবাহিনীৰ ঘাটি ক্ৰমে কাটুনায়কে আৰু ৰথমালানাত পৃথকে পৃথকে দুখন বিশাল বিমান সাজু কৰি থৈছে৷ ইতিমধ্যে প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপাক্ষেৰ বোৱাৰী লিমিনী ৰাজাপাক্ষেই তেওঁৰ পিতৃ আৰু মাতৃক লগত লৈ দেওবাৰে গোপনে শ্ৰীলংকাৰ পৰা আন কোনো ৰাষ্ট্ৰলৈ পলায়ন কৰিছে৷ প্ৰধানমন্ত্ৰীৰ আন দুগৰাকী বোৱাৰীৰ খবৰো নাই৷ দেশত প্ৰচাৰিত খবৰ অনুসৰি তেওঁলোকেও ইতিমধ্যে দেশ এৰি পলায়ন কৰিছে৷ জনতাৰ ৰোষৰ পৰা ৰক্ষা পৰাৰ উদ্দেশ্যে আৰু দেশৰ আৰ্থিক সংকটৰ সময়ত দেশবাসীক সংগ দিয়াৰ পৰিৱৰ্তে নিজে সুখত থাকিবলৈ ৰাজাপাক্ষে পৰিয়ালৰ সদস্যই পলায়ন কৰিছে৷ উল্লেখ্য, ৰাজাপাক্ষেৰ পৰিয়ালেই বিগত বহুবছৰ ধৰি শ্ৰীলংকাৰ শাসন ক্ষমতা নিজৰ হাতত ৰাখিছে৷ মাহিন্দা ৰাজাপাক্ষে দেশৰ প্ৰধানমন্ত্ৰী৷ পূৰ্বে তেওঁ ৰাষ্ট্ৰপতি আছিল৷ একেৰাহে দীৰ্ঘ কাৰ্যকাল ৰাষ্ট্ৰপতি হৈ থকাৰ অনুমতি সংবিধানে নিদিয়াৰ বাবে তেওঁক প্ৰধানমন্ত্ৰী হৈ ভায়েক গোটাবায়া ৰাজাপাক্ষেক ৰাষ্ট্ৰপতিৰ আসনত বহুৱাই থৈছে৷ মাহিন্দাৰ পুত্ৰ নামাল ৰাজাপাক্ষেও দেশখনৰ মন্ত্ৰী৷ তেওঁ সোমবাৰে পদত্যাগ কৰিছে৷ এই নামাল ৰাজাপাক্ষেৰ পত্নী লিমিনীয়েই ইতিমধ্যে দেশ এৰি পলায়ন কৰিছে৷ দেশখনৰ বিত্তমন্ত্ৰী আছিল একে পৰিয়ালৰ বাছিল ৰাজাপাক্ষে৷ সোমবাৰে তেওঁক বিত্তমন্ত্ৰীৰ দায়িত্বৰ পৰা অপসাৰণ কৰা হৈছে৷ যিহেতু ৰাজাপাক্ষেৰ পৰিয়ালৰ ককাই-ভাই, পুত্ৰ-ভতিজাই সমগ্ৰ দেশখন শাসন কৰি আছিল সেয়ে  এতিয়া দেশখনৰ আৰ্থিক সংকটৰ বাবে জনতাই ৰাজাপাক্ষে পৰিয়ালকে জগৰীয়া কৰিছে৷ স্বাভাৱিকভাৱে দেশৰ উন্নতি আৰু অৱনতি উভয়ৰ ক্ষেত্ৰতে ৰাজাপাক্ষে পৰিয়ালেই দায়বদ্ধ৷ শ্ৰীলংকাত আজিৰ দিনটোত চাউলৰ দাম প্ৰতি কিলোত ২২০ টকা হৈছে আৰু গাখীৰৰ গুড়িৰ দাম হৈছে প্ৰতিকিলোত ১৯০০ টকা৷ একো খাদ্য সামগ্ৰী ক্ৰয় কৰিব নোৱাৰি জনতাই বিদ্ৰোহ কৰিছে৷ ৰাষ্ট্ৰপতি ৰাজাপাক্ষেই দেশত জৰুৰী অৱস্থা আৰু সান্ধ্য আইন ঘোষণা কৰিলেও সেয়া উলংঘা কৰি জনতা ৰাজপথলৈ ওলাই আহি চৰকাৰৰ পদত্যাগ দাবী কৰিছে৷ দেশৰ বিভিন্ন ঠাইত চৰকাৰী বাহিনীৰ সৈতে জনতাৰ ঠায়ে ঠায়ে সংঘৰ্ষ হৈছে আৰু চৰকাৰী বাহিনীয়ে প্ৰতিবাদকাৰীক ধৰি বন্দী কৰি থৈছে৷ এনেদৰে ইতিমধ্যে বিগত কেইদিনত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে৷ জনতাৰ ক্ষোভ দেখি ৰাজাপাক্ষে চৰকাৰৰ সকলো মন্ত্ৰীয়ে সোমবাৰে পদত্যাগ কৰে৷ ৰাষ্ট্ৰপতি গোটাবায়ায়ো পদত্যাগ কৰিব বুলি জল্পনা-কল্পনা চলিলেও নিশাৰ ভাগলৈ তেওঁ পদত্যাগ নকৰি দেশৰ পৰিস্থিতি চম্ভালিব বুলি ঘোষণা কৰিছে৷ পিছে কেইদিন তেওঁৰ গাদী জনতাৰ ক্ষোভৰ সন্মুখত স্থায়ী হয় আৰু কোনদিনা সাজু কৰি ৰখা বিমানত উঠি দেশ এৰি পলায়ন কৰিবলগীয়া হয় তাৰ নিশ্চয়তা নোহোৱা হৈছে৷