Logo
image

এপিএছচি-প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী

আমাৰ অসম,৫এপ্ৰিলঃ দেশ কঁপোৱা অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰিৰ ন্যায়িক আয়োগৰ প্ৰতিবেদনে  এতিয়া দিছপুৰৰ বাহিৰে-ভিতৰে ধুমুহাৰ সৃষ্টি কৰিছে৷ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ প্ৰতিটো পৃষ্ঠাতে কুখ্যাত ৰাকেশ পালে ৰাজনৈতিক পৃষ্ঠপোষকতাত কিদৰে জালিয়াতিৰে অযোগ্য প্ৰাৰ্থীক যোগ্য বিবেচিত কৰিছিল তাৰ তথ্য-প্ৰমাণসহ বিৱৰণ দাঙি ধৰিছে৷ শনিবাৰে আয়োগৰ পৰা ৰাজ্য চৰকাৰৰ গৃহ বিভাগে প্ৰতিবেদন গ্ৰহণ কৰিলে যদিও বৰ্তমানলৈ দিছপুৰে প্ৰতিবেদনৰ পৰামৰ্শৰ ভিত্তিত ব্যৱস্থা গ্ৰহণৰ কোনো নিৰ্দেশনা জাৰি কৰা নাই৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ সেউজ সংকেত দিলেই অচিৰেই ৩৪জন ৰাজপত্ৰিত বিষয়াৰ গ্ৰেপ্তাৰ নিশ্চিত হৈ পৰিছে৷ আয়োগে দুৰ্নীতিৰে চাকৰি লোৱাৰ তথ্য-প্ৰমাণৰ ভিত্তিত আইনী ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰা ২০১৩ বৰ্ষৰ বিষয়াকেইজন হৈছে ক্ৰমে– স্বৰূপ কুমাৰ ভট্টাচাৰ্য, অনলজ্যোতি দাস, ফাৰুক আহমেদ, ধ্ৰুৱজ্যোতি হাতীবৰুৱা, আকাশী দুৱৰা, ত্ৰিদীপ ৰয়, জগদীশ ব্ৰহ্ম, নন্দিতা হাজৰিকা, ধীৰাজ কুমাৰ জৈন, ডাঃ হীতেশ মজুমদাৰ, বিক্ৰমাদিত্য বৰা, কল্যাণ কুমাৰ দাস, দীপাংকৰ দত্ত লহকৰ, নৱনীতা শৰ্মা, কুলপ্ৰদীপ ভট্টাচাৰ্য, নীলাঞ্জল গগৈ, নিতুমণি দাস, সুকন্যা দাস, ৰুমী তেৰাংপি, পুষ্কল গগৈ, সৌৰভপ্ৰাণ শৰ্মা, বিকাশ শৰ্মা, বৰকিৰি তেৰাং, জয়ন্ত দলে, অসীমা কলিতা, অমৃতৰাজ চৌধুৰী, ছাহজাহান সৰকাৰ, ঐশ্বৰ্যজীৱন বৰুৱা, গীতাৰ্থ বৰুৱা, ৰাকেশ দাস, প্ৰিয়ংকা ডেকা, ৰাকেশ ডেকা আৰু ঋতুৰাজ দলে৷ ইপিনে এপিএছচি কেলেংকাৰিৰ ন্যায়িক তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী জনাইছে ফাইট এগেইনষ্ট ইনজাষ্টিছ অৱ এপিএছচি নামৰ সংস্থাটোৱে৷ এটা বিবৃতিত সংস্থাটোৰ এডমিন মানসপ্ৰতীম বৰুৱাই কয়– সুদীৰ্ঘ ৮ বছৰৰ এক জটিল আইনী পৰিক্ৰমাৰ মাজেৰে ন্যায়িক তদন্ত আয়োগখনে যোৱা ২১ ফ্ৰেৱুৱাৰীত তদন্ত সমাপ্ত কৰে৷ আমি আশা কৰিছিলো যে ৰাজ্যত এজন উচ্ছ শিক্ষিত মুখ্যমন্ত্ৰী থকা অৱস্থাত মেধা আৰু শিক্ষাৰ মূল্য চৰকাৰখনে বুজিব আৰু ঠগ প্ৰৱঞ্চনাৰে বাছনিভুক্ত পাল সেনাৰ বিষয়াসকলৰ বিৰুদ্ধে অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব৷ কিন্তু অত্যন্ত দুখৰ কথা যে অসম চৰকাৰে বিগত প্ৰায় দুসপ্তাহ ধৰি তদন্ত আয়োগে প্ৰতিবেদন গ্ৰহণ কৰিবৰ বাবে ২খনকৈ পত্ৰ প্ৰেৰণ কৰাৰ পিছতো কোনো উত্তৰ নিদি নাটকীয়ভাৱে ২০১৩ বৰ্ষৰ কলংকিত প্ৰায় ভাগ [মুঠ ৬৩জন] এচিএছ বিষয়াক ৰ এপ্ৰিলৰ দিনা পদোন্নতি দি ২ এপ্ৰিলৰ দিনা আয়োগৰ প্ৰতিবেদন সংগ্ৰহ কৰে৷ যাৰ বাবে চৰকাৰৰ দুৰ্নীতি বিৰোধী স্থিতিৰ প্ৰতি এক বৃহৎ প্ৰশ্নবোধক চিহ্ন আহি পৰিছে৷ মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত ২এপ্ৰিলৰ দিনা সংবাদ মাধ্যমৰ আগত কৈছে যে– ন্যায়িক আয়োগৰ প্ৰতিবেদন ন্যায়িক আয়োগৰ পথত চলিব আৰু চৰকাৰী কাম চৰকাৰী পথত চলিব৷ ন্যায়িক আয়োগে প্ৰতিবেদনৰ ভিতৰত কি লিখিছে আমিতো আগত ধৰি ল’ব নোৱাৰো৷ গতিকে ন্যায়িক আয়োগৰ প্ৰতিবেদনত যদি কাৰোবাৰ বিপক্ষে কিবা কথা আছে, চৰকাৰে তাক পৰীক্ষা কৰি চাব৷ লগতে মুখ্যমন্ত্ৰীয়ে এই বুলিও কয় যে– প্ৰত্যেকটো বিষয়ৰ ওপৰতেই নীতি নিয়ম আছে৷ যিহেতু এই গোটেই কেইজন প্ৰাৰ্থীৰ চাকৰি বহু আগতেই নিশ্চিতকৰণ কৰি থোৱা আছে৷ গতিকে তেওঁলোকৰ প্ৰমোচনৰ সময় হ’লে আমি বঞ্চিত কৰিব নোৱাৰো৷ এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছো– অসম লোকসেৱা আয়োগৰ দৰে এটা সাংবিধানিক সংস্থাক মাছৰ বজাৰতকৈও বহু নিম্ন খাপৰ এক চাকৰিৰ [তাকো ৰাজপত্ৰিত বিষয়াৰ চাকৰিৰ] দালালিৰ বজাৰলৈ পৰ্যবসিত কৰা এই ২০১৩ বৰ্ষৰ পৰীক্ষাৰ দ্বাৰা কেৱল ৪২,০০০ প্ৰাৰ্থীয়েই ভুক্তভোগী হোৱা নাছিলো ভুক্তভোগী হৈছিল গোটেই সমাজখন৷ গতিকে যিসময়ত ন্যায়িক আয়োগে স্পৰ্শকাতৰ বিষয়ৰ তদন্ত শেষ কৰিছিল, সেইসময়ত এইসকল কলংকিত আৰু দুৰ্নীতিগ্ৰস্ত পাল সেনাৰ বিষয়াক পদোন্নতি দি চৰকাৰে প্ৰকৃততে সেই পৰীক্ষাৰ ৪২,০০০ প্ৰাৰ্থীকেই নহয় বৰং গোটেই সমাজখনকেই বঞ্চিত নকৰিলেনে? আনহাতে মুখ্যমন্ত্ৰীয়ে এই বুলিও কয় যে- প্ৰত্যেকটো বিষয়ৰ ওপৰতেই নীতি নিয়ম আছে৷ গতিকে আমি প্ৰশ্ন কৰিব খোজো যে- বিগত প্ৰায় আঠ-ন মাহ ধৰি সংবাদ মাধ্যমত যেতিয়া তদন্ত আয়োগৰ তদন্তত এটাৰ পাছত আনটো ২০১৩ বৰ্ষৰ পৰীক্ষাৰ ভয়ংকৰ জালিয়াতিৰ তথ্য উৎঘাটন হোৱাৰ বাতৰি প্ৰকাশ পাইছিল, তেতিয়া অসম চৰকাৰে আয়োগৰ পৰা সেই তথ্যসমূহ সংগ্ৰহ কৰি পুলিচক ব্যৱস্থা গ্ৰহণ কৰিব দিব নোৱৰিলেহেঁতেননে? কিয়নো গৃহ আৰু ৰাজনৈতিক বিভাগৰ দ্বাৰাই এই আয়োগখন গঠন হৈছিল আৰু আয়োগৰ বহু বিষয়া এই বিভাগৰ দ্বাৰাই পৰিচালিত৷ আনকি তদন্ত আয়োগৰ সচিবজনো গৃহ আৰু ৰাজনৈতিক বিভাগৰ এজন উচ্ছ পদস্থ বিষয়া৷ গতিকে সদিচ্ছা থাকিলে এয়া নিয়ম অনুসৰি অসম্ভৱ নাছিল৷ তদুপৰি অসম পুলিছে বিগত জ্জ বছৰৰ তদন্তত উৎঘাটন কৰিব নোৱাৰা বহু তথ্য অতি কম সময়তেই এই ক’ভিডসৃষ্ট পৰিবেশৰ মাজতো আয়োগে উৎঘাটন কৰিছিল৷ ন্যায়িক আয়োগৰ প্ৰতিবেদন গ্ৰহণ কৰাৰ পাছতো এই কলংকিত বিষয়াসকলক পদোন্নতি দিলে কিবা নিয়ম ভংগ হলহেঁতেন নেকি? তদন্ত আয়োগৰ দুখনকৈ পত্ৰ যোৱা ১৫ মাৰ্চৰ পৰা পোৱা সত্বেও চৰকাৰে কোনো উত্তৰ নিদিলে আৰু শেষত এই কলংকিত বিষয়াসকলক পদোন্নতি দি, পিছদিনা আয়োগৰ প্ৰতিবেদন গ্ৰহণ কৰা কাৰ্য নিয়মৰ মাজেৰে হৈছিল নেকি? অসম চৰকাৰে প্ৰকৃততে আয়োগৰ কেলেংকাৰিৰ ক্ষেত্ৰত এচাম ন বিজেপি বা পূৰ্ব কংগ্ৰেছীৰ পৰা হেঁচা পাইছে নেকি? কিয়নো গৌতম ৰয়, সুমিত্ৰা পাটিৰকে ধৰি আয়োগৰ কেলেংকাৰিত নাম সাঙোৰ খাই পৰা কেইবাজনো পূৰ্ব কংগ্ৰেছী এতিয়া ন বিজেপি৷ গতিকে কংগ্ৰেছৰ দিনৰ কেলেংকাৰিৰ ক্ষেত্ৰত তেওঁলোকক এতিয়া বিজেপি দলত এজন উদ্ধাৰকাৰীৰ হয়তো বৰ প্ৰয়োজন৷ যদি এয়াই সত্য হয় তেন্তে এপিএছচি কেলেংকাৰিৰ ক্ষেত্ৰত কংগ্ৰেছ এতিয়া পবিত্ৰ হৈ গৈছে৷ তদুপৰি, আয়োগে জাননী দিয়া বিষয়াসকলৰ উপৰিও কয়লা কেলেংকাৰি, ভূমি-বালি কেলেংকাৰি ইত্যাদি বহু দুৰ্নীতিত নাম সাঙোৰ খাই থকা বিষয়াইও এই তালিকাত পদোন্নতি পোৱা দেখা পাইছোঁ৷ শেহতীয়াকৈ, অসম চৰকাৰে কৈছে যে ন্যায়িক আয়োগৰ প্ৰতিবেদন গুৰুত্বসহকাৰে লম৷ কিন্তু খুব দুখেৰে  কও যে চৰকাৰে এই বিষয়াসকলক এইদৰে পদোন্নতি দিয়া কাৰ্যই এপিএছচি কেলেংকাৰিৰ ক্ষেত্ৰত ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই চৰকাৰৰ সদিচ্ছাৰ প্ৰতি এক বৃহৎ প্ৰশ্নচিহ্ন দাঙি ধৰে৷ তথাপিও আমি কও অসম চৰকাৰে যদি এই কেলংকাৰিৰ ক্ষেত্ৰত সবল স্থিতি গ্ৰহণ কৰে আমি সদায় স্বাগতম জনাম৷ লগতে শীঘ্ৰে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা তদন্ত আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ লগতে এই আয়োগৰ প্ৰতিবেদন আখৰে আখৰে কাৰ্যকাৰী কৰিবলৈ আমি মুখ্যমন্ত্ৰীক আহ্বান জনালোঁ৷