Logo
image

‘প্লিজ সহায় কৰক, আমাৰ মাতৃভূমিক ৰক্ষা কৰক’

 চীনৰ সলনি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ কাতৰ অনুৰোধ শ্ৰীলংকাৰ বিৰোধী নেতাৰ

আমাৰ অসম,৫ এপ্ৰিলঃ ভয়ংকৰ আৰ্থিক নাটনিত ভোগা শ্ৰীলংকাৰ পৰিস্থিতি এতিয়া শোচনীয়৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱত লঘোণে-ভোকে থাকিবলগীয়া হৈছে দেশখনৰ জনতাই৷ এই ভয়ংকৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই শ্ৰীলংকা চৰকাৰ৷ চীনৰ ওপৰত অধিক নিৰ্ভৰশীল, উচ্চ সুদৰ হাৰত চীনৰ পৰা ধাৰ লৈ এতিয়া চৰম আৰ্থিক নাটনিত জুৰুলা হৈছে দেশখন৷ কিন্তু শ্ৰীলংকাৰ এই বিপদৰ সময়ত সম্পূৰ্ণ পিঠি দিছে চীনে৷ ভাৰতেহে ডিজেল, চাউলকে ধৰি আন আন সামগ্ৰী দি সহায় কৰিছে৷ গতিকে নিজৰ ভুল বুজি পাইছে শ্ৰীলংকাৰ চৰকাৰে৷ শ্ৰীলংকাৰ এই ভয়ংকৰ পৰিস্থিতিত ভাৰতৰ পৰা সহায় বিচাৰি কাতৰ অনুৰোধ জনাইছে দেশখনৰ বিৰোধী দলৰ নেতা সাজিথ প্ৰেমদাছাই৷ তেওঁ এটা ভিডিঅ’ৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আহ্বান জনায় সহায়ৰ হাত আগবঢ়াইবলৈ৷ যিমান পাৰে সিমান সহায় কৰিবলৈ তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰীক অনুৰোধ জনায়৷ লগতে তেওঁ শ্ৰীলংকাৰ নিজউ এজেন্সীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ জৰিয়তেও ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ অনুৰোধ জনায়‘প্লিজ, আমাক যিমানদূৰ সম্ভৱ সিমান সহায় কৰক৷ এয়া আমাৰ বাবে অতি ভয়ংকৰ সময়৷ আমাৰ মাতৃভূমিক ৰক্ষা কৰিবলৈ আগবাঢ়ি আহক...৷’গোটাবায়া চৰকাৰে শ্ৰীলংকাক ভয়ংকৰ বিপদৰ মাজলৈ লৈ যোৱা বুলিও তেওঁ অভিযোগ কৰে৷ গোটাবায়া চৰকাৰে ভাৰতৰ পৰা শ্ৰীলংকাক আঁতৰাই নি চীনৰ অধিক কাষ চপাই নিয়াৰ ফলতে আজি দেশখনৰ অৱস্থা ইমান বেয়া হোৱা বুলি ব্যাপক চৰ্চা চলিছে৷