Logo
image

হঠাতে মাস্কৰ ব্যৱহাৰ বন্ধ কৰি ভুল কৰা নাইতো!

যোৱা দুবছৰে প্ৰায়ভাগ লোকৰ দৈনন্দিন জীৱনৰ সংগী হৈ পৰিছিল মাস্কখন৷ মাস্ক অবিহনে বাহিৰলৈ ওলোৱাটো একপ্ৰকাৰ অসম্ভৱ হৈ পৰিছিল৷ পাৰ হৈ অহা এই দিনসমূহত চৌদিশে কৰ’নাৰ সংক্ৰমণ আৰু মৃত্যু ভয়ৰ আতংকই মাস্ক পৰিধান কৰিবলৈ মানুহক বাধ্য কৰাইছিল৷ কিন্তু কিছুদিনৰ পৰা মানুহবোৰে মাস্কখন এৰাই চলা পৰিলক্ষিত হৈছে৷ এপিনে প্ৰচণ্ড গৰম আৰু তাৰ মাজতে দেশৰ কিছু কিছু অঞ্চলত মাস্কৰ ব্যৱহাৰ এতিয়াৰে পৰা বাধ্যতামূলক নহয় বুলি কোৱা হৈছে৷ এনেক্ষেত্ৰত প্ৰশ্ন উত্থাপন হৈছে যে ইমান লৰালৰিকৈ মাস্কৰ ব্যৱহাৰ বন্ধ কৰি ভুল কৰা নাইতো? বহু চিকিৎসকৰ মতে এই সময়তো মাস্কৰ প্ৰয়োজন আছে৷ কিয়নো কৰ’নাৰ সংক্ৰমণেই নহয়, এই সময়ত বিভিন্ন ভাইৰেল ফিভাৰ তথা ইনফ্লুৱেঞ্জা বা ছোৱাইন ফ্লু আদিয়ে দেখা দিব পাৰে৷ তদুপৰি অত্যধিক ভিৰ বা ৰে’ল-বাছ আদিৰে যাতায়াত কৰোতে মাস্ক পৰিধান কৰি থকাটো উচিত৷ এই ক্ষেত্ৰত চিকিৎসকসকলৰ মন্তব্য– ধূলি-বালি আৰু সাধাৰণ ক’ল্ড বা অন্যান্য ভাইৰাছৰ প্ৰভাৱে মানুহক ক্ষতি কৰিব পাৰে৷ কিন্তু মাস্কখন পিন্ধি থকাৰ অভ্যাসে এনে সমস্যাসমূহৰ পৰা মানুহক আঁতৰাই ৰখাত সহায় কৰে৷ সেয়ে বিশেষকৈ কিডনী বা হূদযন্ত্ৰৰ সমস্যা থকা লোকসকলে মাস্কখন পিন্ধি থকা উচিত৷ 

ৰবি শেখৰ ঝা নামৰ এজন চিকিৎসা বিশেষজ্ঞৰ মতে মাস্কৰ ব্যৱহাৰ বন্ধ কৰাটো মুঠেই উচিত হোৱা নাই৷ সকলোৱে মনত ৰখা উচিত যে কৰ’নাৰ দ্বিতীয় ঢৌৰ সময়ত কেনেদৰে মানুহ আক্ৰান্ত হৈছিল আৰু মৃত্যুমুখত পৰিবলগীয়া হৈছিল৷ এই ক্ষেত্ৰত তেওঁ আনকি সকলোকে সতৰ্কও কৰি দিয়ে যে এই সময়ত কৰ’নাৰ ভয়াৱহতা নাথাকিলেও ইয়াৰ পৰৱৰ্তী প্ৰভাৱ কিন্তু সাংঘাতিক হ’ব পাৰে৷ ভেকচিন লোৱাৰ পাছত মাস্কখন আৰু পিন্ধি থকাৰ প্ৰয়োজন নাই বুলি যদি কোনোবাই ভাবিছে তেন্তে সেয়া ভুল৷ 

এই সময়ত কৰ’নাৰ সংক্ৰমণ কমিলেও সাধাৰণ জ্বৰৰ মাত্ৰা আৰু ছোৱাইন ফ্লু বাঢ়িছে৷ সেয়ে মাস্কখন পিন্ধি থকাটো বুধিয়কৰ কাম বুলি একাংশ স্বাস্থ্য বিশেষজ্ঞই উল্লেখ কৰিছে৷ আন এগৰাকী স্বাস্থ্য বিশেষজ্ঞ অক্ষয় বুধাৰ্যাৰ মতে যিসকল লোক শাৰীৰিকভাৱে দুৰ্বল তেওঁলোকে আজিৰ পৰিস্থিতিত কৰ’নাৰ ভয়াৱহতা নাথাকিলেও মাস্কখন পৰিধান কৰি থকা উচিত৷