Logo
image

উপায়ুক্তক ৰাইজৰ সৈতে ‘আৱেগিক সংযোগ’ৰ দিহা মুখ্যমন্ত্ৰীৰ

আমাৰ অসম,৬ এপ্ৰিলঃ ৰাজ্যৰ বিভিন্ন জিলাৰ উপায়ুক্তসকলক ৰাইজৰ সৈতে আবেগিক সংযোগ স্থাপনৰ দিহা দিলে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মঙলবাৰে খানাপাৰাৰ প্ৰশাসনিক পদাধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ত অনুষ্ঠিত জিলা উপায়ুক্ত সন্মিলনত ভাষণ দি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে জনসাধাৰণৰ লাভালাভ আৰু সুবিধা জিলা প্ৰশাসনৰ প্ৰশাসন প্ৰণালীৰ আধাৰ হ’ব লাগিছিল৷ জিলা প্ৰশাসনে জনসাধাৰণৰ সৈতে এক আবেগিক সংযোগ স্থাপন কৰি নিজ নিজ জিলাত জিলা দিৱস উদ্‌যাপন কৰিব লাগিব৷ মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ সমস্যাসমূহ হূদয়ংগম কৰাৰ অৰ্থে আৰু লগতে চিকিৎসালয় আৰু বিদ্যালয়সমূহত চিকিৎসক আৰু শিক্ষকৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰিবলৈ এক বিস্তৃত ক্ষেত্ৰ পৰিদৰ্শনৰ প্ৰযোজনীয়াতাৰ কথাও দোহাৰে৷ উল্লেখ্য যে চলিতবৰ্ষৰ মে’মাহত তেজপুৰত অনুষ্ঠিত হ’বলগীয়া‘উপায়ুক্ত সন্মিলন’ৰ এক প্ৰস্তুতি সভা হিচাপে আজিৰ সভাখন অনুষ্ঠিত হয়৷ পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা সভাখন নিশা ৮ বজালৈকে চলা বুলি জানিব পৰা গৈছে৷ সভাত মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী ৰঞ্জিত দাসকে ধৰি কেইবাজনো মন্ত্ৰীও উপস্থিত আছিল৷ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কয় যে–আজিৰ বৈঠকত মুখ্যতঃ মিছন বসুন্ধৰাৰ কাম-কাজ, স্কুলতে ক্লাছ ৯-১০ ল’ৰা ছোৱালীক জাতিগত প্ৰমাণপত্ৰ যোগান ধৰা, জল-জীৱন মিছন, ধানক্ৰয় আঁচনিৰ কাম-কাজ, অসম মালা আঁচনিৰ অধীনত ভূমি অধিগ্ৰহণ কাম-কাজ, বান পৰিস্থিতিৰ প্ৰস্তুতি, আৰোহন আঁচনিৰ কাম-কাজৰ লগতে  অসমত মুকলি কৰিবলগীয়া জ্জখন কেন্সাৰ হাস্পতালৰ কাম-কাজৰ পৰ্যালোচনা কৰা হয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কেন্সাৰ হাস্পতালসমূহ উদ্বোধন কৰিব৷ ৰাজ্যৰ ৮টা স্থানত নতুনকৈ ৮খন কেন্সাৰ হাস্পতালৰ আধাৰশিলা  স্থাপন কৰা হ’ব৷ অহা ২৮ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই শুভ কামৰ আৰম্ভণি কৰিব৷