Logo
image

চৰকাৰী অনুদানৰ পাছত দাম বাঢ়িল গায়ক-গায়িকাৰো

বিহু মঞ্চত এমহীয়া সূচী ৰাখিছে বহু শিল্পীয়ে

আমাৰ অসম, ৬ এপ্ৰিলঃ হেঁপাহৰ ৰঙালি বিহু জপনামুখত৷ ইতিমধ্যে ঢোল-পেঁপাৰ শব্দত ৰজনজনাইছে বিহুতলী বাকৰি৷ ঢুলীয়া-নাচনীৰ ঢোলৰ চেও, নাচৰ গিৰিপনি, জাউৰীয়ে জাউৰীয়ে বিহুনামৰ আখৰাৰে মুখৰ হৈ পৰিছে শদিয়া-ধুবুৰী৷ এনে এক ধামখুমীয়াতে মঞ্চত বিহু পৰিৱেশনৰ বাবে কঁকালত টঙালি বান্ধিছে শিল্পীসকলে৷ ৰাজ্যৰ বজাৰত আকাশলংঘী মূল্যবৃদ্ধি হোৱাৰ দৰে এইবাৰ শিল্পীসকলে ধাৰ্য কৰা বাজেটতো মূল্যবৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ বিশেষকৈ‘বেনাৰ আৰ্টিষ্ট’সকলে ধাৰ্য কৰা বাজেটত আকাশলংঘী মূল্যবৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ আমাৰ খাটিখোৱা শিল্পীসকলে দুপইচা অৰ্জন কৰাটো ভাল কথা, কিন্তু সেই অনুপাতে লোকসংগীতৰ শিল্পী বা বিহু-হুচঁৰি দলসমূহৰ মাননি তেনেই কম হোৱা বুলি সততে অভিযোগ শুনা যায়৷ বেনাৰ আৰ্টিষ্টসকলে যি হাৰত মাননি পাই সেইদৰে হুঁচৰি, বিহু, লোকনৃত্য আদি কৃষ্টি-সংস্কৃতি পৰিৱেশন কৰা দলসমূহে উপযুক্ত মাননি নাপায়৷ বিহু মঞ্চত নিজৰ মন পছন্দৰ শিল্পীজনক পাবলৈ হ’লে বিহু আয়োজক কমিটীসমূহে দিব লাগিব মোটা অংকৰ ধন৷ জুবিন-পাপনৰ পৰা ৰিদীপ ৰংকিতলৈকে সকলোৰে এইবাৰ ৰেট বাঢ়িছে৷ প্ৰতিজন শিল্পীয়ে ধাৰ্য কৰিছে নিজৰ নিজৰ বাজেট৷ ছাউণ্ড ছিষ্টেম, যাতায়াতৰ খৰচ, বাদ্যযন্ত্ৰীসকলৰ মূল্যবৃদ্ধিৰ বাবে শিল্পীৰ বাজেট বৃদ্ধি হোৱা বুলি মত ব্যক্ত কৰিছে একাংশ শিল্পীয়ে৷ জুবিন, পাপন, নীল আকাশ, কুসুম কৈলাস, ভৃগু কাশ্যপ, আচু্যৰ্য বৰপাত্ৰ গোহাঁই, মণ্টুমণি শইকীয়া, বিপিন চাউদাং, ৰিদীপ ৰংকিত, বাবু বৰুৱা, দীক্ষু, কৃষ্ণমণি নাথ, বৰ্ণালী কলিতা, নিৰ্মালী দাস, দিপলীনা ডেকা, প্ৰিয়ংকা ভৰালী, গীতালী দেৱী, সুবাসনা দত্ত,  নাহিদ আফ্ৰিন, ময়ূৰী শইকীয়া প্ৰমুখ্যে ৰাজ্যৰ শিল্পীসকলে মঞ্চত বিহু পৰিৱেশনৰ বাবে কঁকালত টঙালি বান্ধিছে৷ ইতিমধ্যে তেওঁলোকে আখৰাও আৰম্ভ কৰিছে৷ ইফালে, জনপ্ৰিয় গায়ক ভৃগু কাশ্যপে নামানে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান৷ বিহুমঞ্চত এমহীয়া সূচী ৰাখিছে জনপ্ৰিয় গায়কজনে৷ ইতিমধ্যে ১৫ এপ্ৰিলৰ পৰা ২৪ এপ্ৰিললৈ প্ৰথম দহখন বিহু মঞ্চত সংগীতানুষ্ঠান পৰিৱেশনৰ সময়সূচী গায়কজনে ফেচবুক পোষ্টত প্ৰকাশ কৰিছে৷ গায়কজনে গুৱাহাটী, নগাঁও, লিডু, হাওৰাঘাট, হাজো, দুধনৈ, চাংসাৰি, কাৰ্বি আংলঙকে ধৰি প্ৰথম দহখন বিহু মঞ্চত সংগীতানুষ্ঠান পৰিৱেশন কৰিব বুলি ফেচবুকত প্ৰকাশ কৰিছে৷  ইফালে, এইবাৰ অসমবাসীয়ে ভিতালী দাস আৰু অপূৰ্ব বেজবৰুৱা অবিহনেই ব’হাগ বিহু পালন কৰিব লাগিব৷ এইবাৰ বিহু মঞ্চত গীতেৰে জগত জিনিবলৈ  বা ৰঙালীৰ ৰং বিলাবলৈ অপূৰ্ব-ভিতালী নাহে৷ আহকচোন এইবাৰ বিহু মঞ্চত কাৰ ৰেট কিমান হ’ব তাৰে গম লওঁ৷ জুবিন গাৰ্গ –প্ৰায় ৮-১০ লাখ টকা, অংগৰাগ পাপন  মহন্ত–প্ৰায় ৮-১০ লাখ টকা, নীলআকাশ– ৪-৫ লাখ টকা, কুসুম কৈলাশ- ৩-৩.৫০ লাখ টকা, আচুৰ্য বৰপাত্ৰগোহাঁই- ৩.৫০-৪.৫০ লাখ টকা, ভৃগু কাশ্যপ– ৩.৫০-৪.৫০ লাখ টকা, মণ্টুমণি শইকীয়া- ২.৫০-৩ লাখ  টকা, বিপিন চাউদাং– ২-৩ লাখ টকা, ৰিদীপ ৰংকিত- ২-২.৫০ লাখ টকা, দীপলিনা ডেকা- ২.৫০-৩ লাখ টকা, প্ৰিয়ংকা ভৰালী- ২.৫০-৩ লাখ টকা, গীতালী দেৱী- ২-৩ লাখ টকা, সুবাসনা দত্ত- ২-৩ লাখ টকা, নাহিদ আফ্ৰিন- ২-২.৫০ লাখ টকা৷