Logo
image

‘আমাৰ অসম’ৰ সপক্ষে আদালতৰ ৰায়, খণ্ড বিষয়াৰ গোচৰ খাৰিজ

আমাৰ অসম, ৬ এপ্ৰিলঃ সুদীৰ্ঘ ৮ বছৰ পাছত এটা গোচৰত জয়লাভ কৰিবলৈ সক্ষম হ’ল ‘আমাৰ অসম’৷ এজন খণ্ড উন্নয়ন বিষয়াই ‘আমাৰ অসম’ৰ বিৰুদ্ধে প্ৰায় ৮ বছৰ পূৰ্বে তৰা এটা গোচৰত আজি জয়লাভ কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰাৰ লগতে কাকতখনৰ সত্যনিষ্ঠতাকে প্ৰমাণ কৰি দেখুৱালে৷ উল্লেখ্য, ‘আমাৰ অসম’কাকতত আজিৰ পৰা প্ৰায় আঠ বছৰ পূৰ্বে নলবাৰী জিলাৰ মধুপুৰ উন্নয়ন খণ্ডত সংঘটিত বিয়াগোম কেলেংকাৰি সন্দৰ্ভত এটা বাতৰি প্ৰকাশ হৈছিল৷ উন্নয়ন খণ্ডটোত ইন্দিৰা আৱাস যোজনা, এম জি এনৰেগা,এন আৰ এল এম আদি আঁচনি ৰূপায়ণৰ নামত সংঘটিত ব্যাপক দুৰ্নীতি,অনিয়ম,কেলেংকাৰি সন্দৰ্ভত ‘আমাৰ অসম’ৰ কৈঠালকুছিৰ স্থানীয় সংবাদদাতা উদ্ধৱ ঠাকুৰীয়াৰ দ্বাৰা প্ৰেৰিত‘ভেঁকো-ভাৱনাত পৰিণত মধুপুৰ ব্লকৰ জনমুখী আঁচনি’শীৰ্ষক এটা বাতৰি ২০১৪ চনৰ ২৪ জুনৰ সংখ্যাত প্ৰকাশ হৈছিল৷ পাছত উক্ত বাতৰি অসত্য বুলি উন্নয়ন খণ্ডটোৰ তদানীন্তন বিডিঅ’নৱৰত্ন পাটোৱাৰীয়ে‘আমাৰ অসম’কাকতৰ বিৰুদ্ধে উক্ত বৰ্ষৰে ১৬ ছেপ্টেম্বৰত নলবাৰী আদালতত এটা গোচৰ তৰে৷ কাকতখনৰ তদানীন্তন মুখ্য সম্পাদক হোমেন বৰগোহাঞি [প্ৰয়াত], তদানীন্তন কাৰ্যবাহী সম্পাদক প্ৰশান্ত ৰাজগুৰু আৰু সংবাদদাতা উদ্ধৱ ঠাকুৰীয়াক অভিযুক্ত কৰি তৰা উক্ত গোচৰৰ ভিত্তিত ৫১৯/১৪ নম্বৰত এটা গোচৰ পঞ্জীয়ন হয়৷ নলবাৰী আদালতত সুদীৰ্ঘ আঠ বছৰে চলি থকা উক্ত গোচৰৰ আজি চূড়ান্ত ৰায়দান কৰে অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে৷ সেইমৰ্মে নলবাৰীৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ জয়ন্ত শইকীয়াই উক্ত গোচৰত‘আমাৰ অসম’কাকত গোষ্ঠীয়ে জয়লাভ কৰা বুলি ঘোষণা কৰে৷ আদালতত আচামীৰ হৈ অধিবক্তা ড॰ গৌতম বৰ্মনৰ নেতৃত্বত অধিবক্তা জেনিউল আজিজ, ৰাজীৱ কুমাৰ নাজিৰ আৰু নজমুল হকে যুক্তি দৰ্শোৱাৰ বিপৰীতে গুচৰীয়াৰ সপক্ষে অধিবক্তা নিৰ্মল ভড়ালীয়ে যুক্তি প্ৰদৰ্শন কৰে৷