Logo
image

কংগ্ৰেছৰ মোহভংগ ইউডিএফক অসমৰ পৰা উৎখাতৰ সংকল্প

আমাৰ অসম, ৬ এপ্ৰিলঃ ‘মই সভাপতি হৈ থকালৈকে এ আই ইউ ডি এফৰ সৈতে কোনোধৰণৰ মিত্ৰতা নহ’ব৷ অসমৰ মাটিৰ পৰা উৎখাত কৰা হ’ব এ আই ইউ ডি এফক৷’– এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ৷ মঙলবাৰে সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰি বৰাই কয়–‘প্ৰয়াত তৰুণ গগৈ ছাৰৰ পথটোৰ পৰা আঁতৰি আহি কংগ্ৰেছে যি পাপ কৰিছিল, সেই পাপৰ পায়চিত্তৰ দায়িত্ব মই লৈছো৷ এটা পৰিয়ালৰ ব্যৱসায়িক স্বাৰ্থত ৰাজনীতি কৰা এটা দলক কংগ্ৰেছে সাৰ-পানী দিয়াটো ভুল আছিল৷ এই পাপ আমি নকৰো৷ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ কংগ্ৰেছক আৰু এ আই ইউ ডি এফক ধন্যবাদ জনাইছে৷ এ আই ইউ ডি এফক অনিচ্ছা সত্ত্বেও ধন্যবাদ জনাইছে৷ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক কিয় ধন্যবাদ জনাইছে সকলোৱে দেখিছে৷ কিন্তু এ আই ইউ ডি এফক কিয় ধন্যবাদ জনালে? মুখ্যমন্ত্ৰীক মই প্ৰত্যাহ্বান জনাইছো– সাহস আছে যদি আজমল পৰিয়ালৰ বিদেশী পুঁজিৰ এন আই এ তদন্ত কৰক৷ আমি সিদ্ধান্ত লৈছো যে যেতিয়ালৈকে অসমৰ মাটিৰ পৰা এ আই ইউ ডি এফৰ ৰাজনীতি নিৰ্মূল কৰিব নোৱাৰিম, তেতিয়ালৈকে আৰএছএছ-বিজেপিৰ বিৰুদ্ধে যুদ্ধখন দুৰ্বল হ’ব৷ শত্ৰু আমি চিনাক্ত কৰিছো৷ শত্ৰু আগতেই চিনাক্ত হৈছিল কিন্তু বহুত দোধোৰমোধোৰত আছিল৷ এতিয়া মই সুখী যে কেইদিনমানৰ আগতে এটা বিশেষ চেনেলত আমাৰ প্ৰাৰ্থী ৰিপুণ বৰা ডাঙৰীয়াই সাক্ষাৎকাৰ দিওঁতে কৈছে যে যোৱাবাৰ মহাজোঁটৰ সিদ্ধান্তটো ভাল সিদ্ধান্ত নাছিল৷ গতিকে ৰাইজে বুজি উঠিছে কংগ্ৰেছ দলৰ ভিতৰচ’ৰাত আলোচনা কি হৈছে৷ ৰমজান মাহ শেষ হোৱাৰ লগে লগে এ আই ইউ ডি এফৰ দখলত থকা সমষ্টিবিলাকত আমাৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে, ভৱিষ্যত দিনত দলটোক নেতৃত্ব দিব পৰা নেতা সৃষ্টিৰ বাবে আমি কাম-কাজ আৰম্ভ কৰিম৷ ২০১৪ চনতে এ আই ইউ ডি এফৰ সভাপতিয়ে হেলিকপ্টাৰ লৈ মোৰ বিৰুদ্ধে মিটিং কৰিছিল৷ মই এ আই ইউ ডি এফৰ পলিটিকেল কনছেপ্টটো কোনো দিনে সমৰ্থন কৰা নাই৷ দলে যেতিয়া সিদ্ধান্তলয় দলৰ নিষ্ঠাৱান কৰ্মী হিচাপে মনে মনে থাকো৷ এতিয়া যিহেতু দলৰ মূল দায়িত্বত আছো, এতিয়া আগৰ পৰা মোৰ যিটো বিৰোধ আছিল, সেই বিৰোধিতা তীব্ৰতৰ হ’ব৷ ইফালে, কংগ্ৰেছৰ বহু জ্যেষ্ঠ আৰু কনিষ্ঠ নেতাই হকে বিহকে কিছুমান মন্তব্য কৰি আহিছে, যিয়ে দলৰ ক্ষতি কৰিছে বুলি মন্তব্য কৰি ভুপেন বৰাই কয়– পৰৱৰ্তী সময়ত কোনোবাই এনে মন্তব্য কৰিলে অনুশাসনমূলক ব্যৱস্থা লোৱা হ’ব৷ কাৰোবাৰ কিবা অভিযোগ থাকিলে দলৰ মজিয়াত অভিযোগ উত্থাপন কৰিব লাগে৷ মুখ্যমন্ত্ৰীক গীতা ভালদৰে পঢ়াৰ আহ্বান জনাই ভূপেন বৰাই কয়– ‘আজি যি তোমাৰ, কাইলৈ সেয়া আমাৰ’গীতাত উল্লেখ আছে৷