Logo
image

পঞ্চতাৰকা অট্টালিকালৈ বাজপেয়ী ভৱন নেতা-কৰ্মীৰ উলাহ

আজি নতুন কাৰ্যালয়ৰবাকৰিত বিজেপিৰ প্ৰতিষ্ঠা দিৱস

আমাৰ অসম,৬ এপ্ৰিলঃ গুৱাহাটীৰ বশিষ্ঠস্থিত লালমাটিত নিৰ্মিয়মান অৱস্থাত থকা বিজেপিৰ অসম প্ৰদেশৰ কাৰ্যালয়টো দুই-আঢ়ৈমাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব৷ ছমহলীয়া ভৱনটোৰ আন্তঃগাঁথনিৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ ইয়াকে লৈ সম্প্ৰতি দলীয় নেতা-কৰ্মীৰ মাজত উল্লাহ বৃদ্ধি পাইছে৷‘বিজেপিৰ কাৰ্যালয়টো [বাজপেয়ী ভৱন] বশিষ্ঠস্থিত লালমাটিলৈ স্থায়ীভাৱে স্থানান্তৰিত কৰা হ’ব৷ ইয়াৰ বাবে যাবতীয় কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ ইতিমধ্যে ছমহলীয়া ভৱনটোৰ আন্তঃগাঁথনিৰ কাম সম্পুৰ্ণ হৈ উঠিছে৷ এতিয়া ৰং দিয়া  আৰু বিজুলী সংযোগ আদিৰ কাম চলি আছে৷ ২০১৯ চনৰ অক্টোবৰ মাহৰ পৰা এই কাৰ্যালয় নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল৷ এক লাখ স্কুৱেৰ ফিটৰ এই ছয়মহলীয়া কাৰ্যালয়ত বিশেষ সা- সুবিধা থাকিব৷ এই কাৰ্যালয়ত মহিলা, ৮টা যুৱ মৰ্চা, সংবাদ মাধ্যমৰ বাবে সুকীয়া কোঠা, প্ৰেক্ষাগৃহ, ডিজিটেল পুথিভঁৰাল, কেন্দ্ৰীয় প্ৰভাৰীৰ বাবে থকাৰ ব্যৱস্থা, সভা অনুষ্ঠিত কৰাৰ বাবে বিশেষ কোঠা থাকিব৷ এতিয়াৰ পৰা অসমৰ বাহিৰৰ পৰা বিজেপিৰ শীৰ্ষ নেতা-কৰ্মী গুৱাহাটীলৈ আহিলে এই নতুন কাৰ্যালয়ত থাকিব পাৰিব৷ এই কাৰ্যালয়টো সম্পূৰ্ণ হৈ উঠিলে তেওঁলোকে হোটেলত থকাৰ প্ৰয়োজন নহ’ব৷ কাৰ্যালয়ৰ ভূমি মহলাত পাৰ্কিঙৰ সুবিধা থাকিব৷ প্ৰথম মহলত সাংবাদিকৰ বাবে এটা প্ৰেক্ষাগৃহ থাকিব য’ত দলৰ নেতা-কৰ্মীয়ে সংবাদ মেলৰ আয়োজন কৰিব৷ দ্বিতীয় মহলত ডিজিটেল পুথিভঁৰাল আৰু এটা পুথিভঁৰাল থাকিব৷ তৃতীয় মহলত বিজেপিৰ ৮টা মৰ্চাৰ কাৰ্যালয়, চতুৰ্থ মহলত দলৰ সভাপতি, সংগঠনিক বিষয়ববীয়াৰ কাৰ্যালয়, পঞ্চম মহলাত কাৰ্যালয় সচিব সকলৰ কাৰ্যালয় আৰু ষষ্ঠ মহলত দলৰ ৰাষ্ট্ৰীয় নেতা কৰ্মীৰ থকাৰ সুবিধা আদি থাকিব৷ আগন্তক দুই-আঢ়ৈ মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব এই কাৰ্যালয়টো৷ গড়কাপ্তানী বিভাগৰ উদ্যোগত ন’প্ৰফিট ন’লছ হিচাপে এই নিৰ্মাণৰ কাম কৰা হৈছে৷ বিজেপিয়ে ১৯খন জিলাত সাত হাজাৰ স্কুৱেৰ ফিটৰ কাৰ্যালয় নিৰ্মাণ কৰি আছে৷ ইয়াৰে ইতিমধ্যে ১৭টা সম্পূৰ্ণ হৈ উঠিছে৷ বিজেপিৰ প্ৰতিখন জিলাত নিজৰ কাৰ্যালয় থাকিব৷ বিজেপিৰ ৪০খন সাংগঠনিক জিলাত কাৰ্যালয় নিৰ্মাণ কৰা হ’ব৷’এই ভাষ্য ৰাজ্যিক বিজেপিৰ কোষাধ্যক্ষ ৰাজকুমাৰ শৰ্মাৰ৷ উল্লেখ্য, ১৯৮১ চনত গুৱাহাটীৰ উজান বজাৰত এটা ভাৰাঘৰত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বিজেপি কাৰ্যালয় স্থাপন কৰা হৈছিল৷ এই কাৰ্যালয়টো বিজেপি, অসম প্ৰদেশ, উত্তৰ পূৰ্বাঞ্চল, পৰা মণ্ডল, মহানগৰ আদি সকলো আছিল৷ অৱশ্যে, সেই ভূমিডোখৰ পাছত দলে ক্ৰয় কৰি বৰ্তমান নিজাকৈ অট্টালিকা সাজি বিজেপিৰ উত্তৰ-পূৰ্বাঞ্চলৰ কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰি আছে৷ উজান বজাৰৰ পৰা ১৯৯৯-২০০০ চনত বিজেপিৰ অসম প্ৰদেশ কাৰ্যালয়টো ৰাজগড়ৰ ভাৰাঘৰলৈ নিয়া হয়৷ তাৰপাছত ২০০২-০৩ চনত কাৰ্যালয়টো পুনৰ দিছপুৰ নাৰ্ছাৰীলৈ স্থানান্তৰিত কৰা হয়৷ অৱশ্যে, ২০১১-১২ চনত দলীয় কাৰ্যালয়টো হেঙেৰাবাৰীলৈ স্থানান্তৰিত কৰা হয় আৰু সম্প্ৰতি তাতেই কাম-কাজ অব্যাহত ৰাখিছে দলে৷  দুই-আঢ়ৈমাহৰ ভিতৰত বিজেপি অসম প্ৰদেশ কাৰ্যালয়টো বশিষ্ঠস্থিত লালমাটিলৈ স্থায়ীভাবে স্থানান্তৰিত কৰা হ’ব৷ উক্ত স্থানত বিজেপি অসম প্ৰদেশৰ কাৰ্যালয়টো নিৰ্মীয়মান অৱস্থাত আছে৷ সকলো ঠিকে ঠাকে থাকিলে অগন্তক দুই-চাৰিমাহৰ ভিতৰত দলীয় কাৰ্যালয়টো উক্ত স্থানলৈ স্থানান্তৰিত হ’ব৷ মনকৰিবলগীয়া যে এখন পঞ্চতাৰকা হোটেলৰ থকা সুবিধাৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে বিজেপিৰ অসম প্ৰদেশৰ কাৰ্যালয়টো৷ উল্লেখ্য, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস কাইলৈ গুৱাহাটীৰ বশিষ্ট চাৰিআলিত নিৰ্মিয়মান বিজেপি, অসম প্ৰদেশৰ নতুন কাৰ্যালয়টোৰ বাকৰিত পালন কৰা হ’ব৷ এই উপলক্ষে পুৱা জ্ঝ বজাত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই পতাকা উত্তোলন কৰিব৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব৷

আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি ডাঃ প্ৰবীন টোগাডিয়াই দলক অধিক সক্ৰিয়তা বঢ়াবলৈ সোমবাৰে গুৱাহাটীত উপস্থিত হয়৷ ইয়াৰ পাছত ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে ৯ এপ্ৰিললৈ অসমৰ বিভিন্ন জিলাত কিছু কাৰ্যসূচী হাতত লৈ ভ্ৰমণ কৰিব৷ আজি গুৱাহাটী প্ৰেছ ক্লাবত সংবাদ মেলত সভাপতি ডাঃ প্ৰবীন টোগাডিয়াই বাংলাদেশীৰ হাতৰ পৰা অসমৰ সত্ৰ ভূমি মুক্ত কৰা, মাদ্ৰাছা পৰিচালনাৰ বাবে অনুদান আগবঢ়োৱা বন্ধ কৰা আৰু ড্ৰাগছ মুক্ত কৰাক লৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়৷ নেতাগৰাকীয়ে সংবাদ মেলত কয়-ভাৰতৰ এক হাজাৰ ঠাইত দহ হাজাৰ লোকক নিযুক্তি দিয়া হ’ব৷ ইয়াত স্থান পাব অসমৰ গামোচা, মেখেলা, চেলেং আদিয়ে৷ অসমৰ এক হাজাৰ লোকৰ জৰিয়তে এই সমূহ সামগ্ৰী বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হ’ব ভাৰতৰ এশখন ঠাইত৷ অসমৰ পাট মুগা আৰু গামোচা দেশৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰাৰ ব্যৱস্থা কৰিলে, নিবনুৱাৰ সংখ্যা হ্ৰাস পাব৷ ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ এনআৰচি পুনৰীক্ষন কৰি অসমক বাংলাদেশী মুক্ত কৰিব লাগে আৰু ৫০ লাখ বাংলাদেশী বাংলাদেশলৈ প্ৰেৰণ কৰিব লাগে৷ প্ৰতিখন জিলাত বাংলাদেশীৰ তেজৰ নমুনা পৰীক্ষাৰ বাবে লেব স্থাপন কৰিব লাগে৷ ডিএনএ পৰীক্ষাৰ জৰিয়তে বাংলাদেশী মুক্ত কৰিব লাগে অসম৷ বাংলাদেশী চৰকাৰে লব নিবিচাৰিলে মাটি দখল কৰি উক্ত ঠাইত বহাব লাগিব৷ অবৈধ বিদেশী কোনো দেশতে থাকিব নালাগে৷ লাচিতৰ আদৰ্শৰে আগবাঢ়ি ১ বছৰৰ ভিতৰত অসমত এটাও বাংলাদেশী মুছলমান থাকিবলৈ দিব নালাগে৷ নিবনুৱা ৰোধ নকৰিলে দেশজুৰি আন্দোলন গঢ়ি তোলা হ’ব৷ প্ৰতিজন ই শ্ৰম কাৰ্ড থকা ব্যক্তিক বছৰি ৬০০০ টকাকৈ দিব লাগে৷ নেশ্বনেল ছেল্‌ফ এম্প্‌লইমেণ্ট ফৰমে এপ্ৰিলৰ শেষৰ ফালৰ পৰা লাখ লাখ নিবনুৱাক চাকৰি দিয়াৰ বাবে অভিযান আৰম্ভ কৰিব৷ দেশত দুখীয়াই দুখীয়া হৈ গৈ আছে আৰু ধনীসকল ধনী হৈ গৈ আছে৷ দেশত ১ শতাংশ জিডিপি বৃদ্ধি হ’লে ১ কোটি চাকৰি হ’ব লাগে৷ ভাৰতৰ শেহতীয়া ৩২ বছৰৰ কেন্দ্ৰীয় বিফলতাৰ চাৰ্টিফিকেট হৈছে কাশ্মীৰ ফাইলছ৷ যদি ‘অসম ফাইলছ’বনাব নালাগে তেনেহ’লে ৰ বছৰৰ ভিতৰত ১৯৫১ ক ভিত্তিবৰ্ষ হিচাপে লৈ এনআৰচি পুনৰীক্ষণ কৰি ৫০ লাখ বাংলাদেশী চিনাক্ত কৰিব লাগে৷