Logo
image

শৰ্মা প্ৰতিবেদনত অভিযুক্ত ১৬ এপিএছৰ পদোন্নতিৰ ফাইল সাজু

এপিএছচি কেলেংকাৰি

আমাৰ অসম, ৬ এপ্ৰিলঃ ৰাজনৈতিক ছত্ৰছায়াত কুখ্যাত ৰাকেশ পালৰ আমোলত অসম লোকসেৱা আয়োগত সংঘটিত নিযুক্তি কেলেংকাৰিৰ কথা কৈ থাকিলেও যেন ওৰকে নপৰে৷ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ ন্যায়িক তদন্ত আয়োগে এ পি এছ চিৰ ২০১৩ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ অনিয়ম-কেলেংকাৰিৰ প্ৰতিবেদনত বক্ৰ পথেৰে চাকৰি লোৱাত একাংশ ৰাজপত্ৰিত বিষয়াৰ স্বৰূপ উন্মোচন কৰিছে৷ লক্ষণীয়ভাৱে বিগত সপ্তাহৰ শনিবাৰে আয়োগৰ পৰা গৃহ বিভাগে ন্যায়িক তদন্তৰ প্ৰতিবেদন গ্ৰহণ কৰিলে যদিও প্ৰতিবেদনক লৈ এই পৰ্যন্ত দিছপুৰে কোনো স্থিতি স্পষ্ট কৰা নাই৷ লক্ষণীয়ভাৱে আয়োগৰ পৰা আনুষ্ঠানিকভাৱে প্ৰতিবেদন গ্ৰহণ কৰাৰ এদিন পূৰ্বেই দিছপুৰে জালিয়াতিয়ে চাকৰি লাভ কৰাৰ ৮ জন এ চি এছ বিষয়াক অতিৰিক্ত উপায়ুক্তৰ পদলৈ পদোন্নতি দিয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ ন্যায়াধীশ বি কে শৰ্মা আয়োগে প্ৰায় এপষেক আগৰে পৰা প্ৰতিবেদন গ্ৰহণৰ বাবে দুবাৰকৈ গৃহ বিভাগলৈ পত্ৰ প্ৰেৰণ কৰাৰ পাছতো চৰকাৰে প্ৰতিবেদন গ্ৰহণৰ প্ৰাকমুহূৰ্তত আয়োগে কলংকিত বিষয়া হিচাপে চিহ্নিত কৰা ৮ এ চি এছ বিষয়াক পদোন্নতি দিয়াত চৰকাৰৰ সদিচ্ছাক লৈও প্ৰশ্ন উত্থাপন হৈছে৷ কিন্তু অতি আশ্চৰ্যজনকভাৱে কলংকিত এ চি এছ বিষয়াসকলৰ পদাংক অনুসৰণ কৰি আয়োগৰ প্ৰতিবেদনত নাম থকা অভিযুক্ত এ পি এছ বিষয়াকো পদোন্নতি দি পুৰষ্কৃত কৰিবলৈ সাজু হৈছে দিছপুৰ৷ বক্ৰ পথেৰে চাকৰি লৈ গৃহ বিভাগত দপদপাই থকা পাল সেনা হিচাপে পৰিচিত দাগী ডি এছ পিক পদোন্নতি দিয়াৰ বাবে ফাইলৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে গৃহ বিভাগে৷ উল্লেখ্য বি কে শৰ্মাৰ ন্যায়িক আয়োগৰ প্ৰতিবেদনত মুঠ ৩৪জন এ চি এছ, এ পি এছ তথা সংলগ্ন সেৱাৰ বিষয়াই জালিয়াতিৰে চাকৰি লোৱাৰ তথ্য প্ৰমাণ সন্নিবিষ্ট কৰিছে৷ প্ৰতিবেদনখনত উল্লেখ থকা অনুসৰি এইসকল বিষয়াৰ ভিতৰত ১৭ জনেই হৈছে এ পি এছ বিষয়া৷ ৰাকেশ পাল বাহিনীয়ে উত্তৰ বহী আৰু টেবুলেশ্বন শ্বীটত নম্বৰ বৃদ্ধি এ পি এছ পদত সংস্থাপিত কৰা দাগী বিষয়া কেইজন হৈছে ক্ৰমে–স্বৰূপ কুমাৰ ভট্টাচাৰ্য, কুলপ্ৰদীপ ভট্টাচাৰ্য, পুষ্কল গগৈ, অসীমা কলিতা, অমৃতৰাজ চৌধুৰী, ঐশ্বৰ্যজীৱন বৰুৱা, ঋতুৰাজ দলে, নীলাঞ্জল গগৈ, কল্যাণ কুমাৰ দাস, ফাৰুক আহমেদ, অনলজ্যোতি দাস, দীপাংকৰ দত্ত লহকৰ, নৱনীতা শৰ্মা, নিতুমণি দাস, সুকন্যা দাস, ৰুমী তেৰাংপি আৰু ছাহজাহান সৰকাৰ৷ লক্ষণীয়ভাৱে ইয়াৰে এপিএছৰ প্ৰথম স্থানত বাছনি কৰা স্বৰূপ কুমাৰ ভট্টাচাৰ্যই  ডিএছপিৰ চাকৰিত যোগদান কৰা নাছিল যদিও ন্যায়িক আয়োগৰ চমনৰ সন্মুখীন হৈছিল৷ দিছপুৰৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে গৃহ বিভাগে আয়োগৰ প্ৰতিবেদনত নাম থকা পাল সেনাৰ মাৰ্কা মৰা বাকী ১৬ জন ডি এছ পিক এতিয়া শীৰ্ষ পদলৈ পদোন্নতিৰ যো-জা চলাইছে৷ যি সময়ত একে অপৰাধতে একাংশ এপিএছ, এচিএছ বিষয়াই জে’লৰ ভাত খাব লগা হ’ল, সেই একে অপৰাধ সংঘটিত কৰা আন একাংশ দাগী বিষয়াক এতিয়া চৰকাৰে ৰাজকোষৰ পৰা দৰমহা ভোগ কৰিবলৈ সুবিধা দিয়াৰ লগতে পদোন্নতি দি পুৰষ্কৃত কৰিব বিচৰা কাৰ্যই চৰকাৰ দুৰ্নীতি বিৰোধী স্থিতিক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ লক্ষণীয়ভাৱে আয়োগৰ প্ৰতিবেদনত উল্লেখ্য কৰা অনুসৰি এপিএছ বাছনি লাভ কৰা পুষ্কল গগৈ নামৰ বিষয়াজনে জেনেৰেল ষ্টাডিজত ১৩০ নম্বৰ লাভ কৰিছিল৷ কিন্তু ৰাকেশ পাল বাহিনীয়ে টেবুলেশ্বন শ্বীটত ৫০ নম্বৰ যোগ কৰি ১৮০ কৰিছিল৷ একেদৰে ইংৰাজী উত্তৰ বহীত ১৪৩ নম্বৰ লাভ কৰিছিল যদিও এই নম্বৰ ১৯৩ নম্বৰলৈ বৃদ্ধি কৰিছি৷ ৰাজনীতি বিজ্ঞানৰ প্ৰথম প্ৰশ্ন কাকতৰ উত্তৰ বহীত মাত্ৰ ৮০ নম্বৰ লাভ কৰিছিল পুষ্কলে৷ কিন্তু পাল বাহিনীয়ে এই নম্বৰ ১২০লৈ বৃদ্ধি কৰিছিল৷ আনহাতে ঋতুৰাজ দলে নামৰ প্ৰাৰ্থীজনে বুৰঞ্জীত ১৩০ নম্বৰ লাভ কৰিছিল যদিও টেবুলেশ্বন শ্বীটত ১৫০ নম্বৰলৈ বৃদ্ধি কৰিছিল৷  একেদৰে এপিএছ সুকন্যা দাসৰ ৮খন উত্তৰ বহী লাভ কৰা বুলি প্ৰতিবেদনত প্ৰকাশ কৰিছিল৷ অথচ এপিএছচিৰ মূল পৰীক্ষাত  মাত্ৰ ৬টা বিষয়ৰহে প্ৰশ্নোত্তৰ লিখিবলগা হৈছিল৷ অৰ্থাৎ দুখন জাল উত্তৰ বহী উদ্ধাৰ হৈছিল সুকন্যা দাসৰ৷ আনহাতে এপিএছ কল্যাণ কুমাৰ দাসৰ ২৭০ নম্বৰ বৃদ্ধি কৰিছিল টেবুলেশ্বন শ্বীটত৷ দাসে উত্তৰ বহীত ৫৮৬ নম্বৰ লাভ কৰিছিল যদিও পাল বাহিনীয়ে টেবুলেশ্বন শ্বীটত এই নম্বৰ ৮৫৬ লৈ বৃদ্ধি কৰিছিল৷ আনহাতে এপিএছ অমৃতৰাজ চৌধুৰীয়ে প্ৰকৃত নম্বৰ লাভ কৰিছিল ৭১৪৷ কিন্তু টেবুলেশ্বন শ্বীটত চৌধুৰীৰ নম্বৰ ৮৫৪ পোৱা দেখুওৱা হৈছিল৷ একেদৰে অনলজ্যোতি দাস, স্বৰূপ কুমাৰ ভট্টাচাৰ্য আৰু ফাৰুক আহমেদৰ টেবুলেশ্বন শ্বীটতো নম্বৰ বৃদ্ধি কৰা হৈছিল৷ ৰাকেশ পালে এনেদৰে নম্বৰ বৃদ্ধি কৰি এপিএছ পদত বাছনি কৰা  এইসকল দাগী বিষয়াই এতিয়া গৃহ বিভাগক শুৱনি কৰাই নহয়, আয়োগে  অভিযুক্ত কৰা বিষয়াসকলক অজ্ঞাত কাৰণত পদোন্নতি দি পুৰষ্কৃত কৰিবলৈহে প্ৰস্তুতি চলাইছে চৰকাৰে৷ স্বাভাৱিকতেই চৰকাৰে ‘খেনোক দেখি ৰান্ধে বাঢ়ে, খেনোক দেখি দুৱাৰ বান্ধে’ –নীতি ল’ব নেকি বুলিও চৰ্চা লাভ কৰিছে৷

অসম চৰকাৰ ব’ৰ্ড অৱ স্প’ৰ্টছৰ এটা গুৰুত্বপূৰ্ণ ফাইলৰ নথি হৰলুকি গোচৰত আৰক্ষীৰ জেৰাৰ সন্মুখীন হ’ব লগা হয় অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া নিত্যানন্দ বৰকাকতি৷ ২০ বছৰ পুৰণি চৰকাৰী লীজ নথি হৰলুকি গোচৰত মঙলবাৰে গুৱাহাটীৰ কাহিলীপাৰাৰ বাসগৃহৰ পৰা আটক কৰি  পল্টন বজাৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ব’ৰ্ড অৱ স্প’ৰ্টছৰ তদানীন্তন সচিব নিত্যানন্দ বৰকাকতিক৷ উল্লেখ্য, অসম চৰকাৰৰ ব’ৰ্ড অৱ স্প’ৰ্টছৰ অন্তৰ্গত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ চৌহদত থকা লেণ্ডমাৰ্ক হোটেলখন ২০২০ চনতে লীজত দিছিল মেচাৰ্ছ বৰুৱা এণ্ড কোম্পানী প্ৰাইভেট লিমিটেডক৷ এই লীজ চুক্তিৰ ফাইলৰ পৰা গুৰুত্বপূৰ্ণ এটা পৃষ্ঠা চুৰি হোৱা ঘটনাৰ সন্দৰ্ভতে  পল্টন বজাৰ থানাত গোচৰ ৰুজু কৰিছিল ক্ৰীড়া বিভাগে৷ এই সন্দৰ্ভত পল্টনবজাৰ থানাই ভাৰতীয় দণ্ডবিধিৰ ১২০ [বি]/৩৭৯ ধাৰা অধীনত ৪৮২/২০২০ নম্বৰত  এটা গোচৰ ৰুজু কৰিছিল৷ উক্ত গোচৰত তদানীন্তন ব’ৰ্ড অৱ স্প’ৰ্টছৰ সচিব নিত্যানন্দ বৰকাকতিয়ে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল যদিও আৰক্ষীৰ তদন্তত সহযোগ নকৰাত মঙলবাৰে  পল্টন বজাৰ থানা আৰক্ষীয়ে কাহিলীপাৰাৰ বাসগৃহৰ পৰা আটক কৰে অৱসৰী বিষয়াজনক৷ বাতৰি লিখা পৰলৈকে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ২০১৪ চনতে চাকৰিৰ পৰা অৱসৰ লোৱা বৰকাকতিক৷