Logo
image

হাস্পতালত বেডৰ অভাৱ

কৰ’নাৰ ফলত চীনৰ ছাংহাইৰ পৰিস্থিতি শোচনীয়

আমাৰ অসম, ৬ এপ্ৰিলঃ কৰ’নাই জুৰুলা কৰা চীনৰ কোনো কোনো আগশাৰীৰ চহৰৰ পৰিস্থিতি এতিয়া অতি শোচনীয়৷ কৰ’নাৰ বাবে বিশ্বৰ বিভিন্ন দেশত যি শোচনীয় পৰিস্থিতি সৃষ্টি হৈছিল, এতিয়া চীনত তেনে অৱস্থা হৈছে৷ কঠোৰ লকডাউন আৰু নীতি-নিয়মেও চীনত কৰ’নাৰ সংক্ৰমণ হ্ৰাস কৰিব পৰা নাই৷ শেহতীয়াকৈ এই কথা পোহৰলৈ আহিছে যে চীনৰ ছাংহাইৰ অৱস্থা অতি শোচনীয়৷ কৰ’নাই ইমান বেয়াকৈ সংক্ৰমণ আৰম্ভ কৰিছে যে চিকিৎসালয়ত ঠাইৰ অভাৱ হৈছে৷ চিকিৎসালয়ত বেডৰ বাবে হাহাকাৰ কৰিছে ৰোগীয়ে৷ বেডৰ অভাৱত চিকিৎসালয়ৰ বাহিৰত ৰোগীৰ দীঘলীয়া শাৰী হৈছে৷ এম্বুলেন্সৰো নাটনি হৈছে৷ গতিকে কৰ’নাত আক্ৰান্ত হোৱা একাংশ লোকক বেলেগ বেলেগ স্থানলৈ লৈ যোৱা হৈছে৷ ছাংহাইত কৰ’নাৰ বাবে কঠোৰ লকডাউন বলৱৎ হোৱাৰ ফলত প্ৰায় ডেৰ কোটি লোক ঘৰৰ ভিতৰতে আৱদ্ধ হৈ পৰিবলগীয়া হৈছে৷ ঘৰৰ ভিতৰতে আৱদ্ধ হোৱাৰ ফলত আহাৰ-পানীৰ নাটনিত ভুগিছে জনতা৷ বিনা কাৰণত ঘৰৰ পৰা কোনো লোকক বাহিৰলৈ ওলাবলৈ দিয়া হোৱা নাই৷ কেৱল চিকিৎসা সম্পৰ্কীয় কাৰণতহে কোনো লোকক ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ দিয়া হৈছে৷ এনেদৰে থকাৰ ফলত নাখাই-নবৈ বহু লোকৰে মৃত্যু হ’ব বুলি আশংকা কৰা হৈছে৷