Logo
image

অহা নিৰ্বাচনত ৮৪ লাখ ভোট পাব আমাৰ দলে

বিজেপি দলে সদায় প্ৰমূল্যবোধৰ ৰাজনীতি আৰু গণতন্ত্ৰত বিশ্বাস কৰে৷ আছু বা যাৰেই ৰাজনৈতিক দল নহওঁক কিয় আমি সকলোকে আদৰণি জনাইছো৷ গণতন্ত্ৰত নতুন নতুন ৰাজনৈতিক দল গঠন শুভ লক্ষণ৷ ‘কা’ৰ সন্দৰ্ভত অসমৰ ৰাইজক বুজোৱাত বিজেপি দল সফল হৈছে৷ অসমৰ ৰাইজ আৰু আৱেগৰ ঢৌত উটি নাযায়৷ কেবক ‘কা’ লৈ ৰূপান্তৰিত কৰাৰ কথা আমি লোকসভাৰ নিৰ্বাচনী ইস্তাহাৰত স্পষ্টকৈ উল্লেখ কৰিছিলো৷ সকলো কথা খোলাখোলিকৈ জনাই আমি নিৰ্বাচনী যুঁজত আগবাঢ়িছিলো৷ বিজেপি দলৰ সততা আৰু স্পষ্টতাক অসমৰ ৰাইজে বিশ্বাস কৰে৷ সেয়েহে আমি লোকসভাৰ নিৰ্বাচনত ৬৪ লাখ ভোট লাভ কৰিবলৈ সক্ষম হ’লো৷ ‘কা’বিৰোধী আন্দোলনৰ পিছতো আমি পঞ্চায়ত নিৰ্বাচনতো প্ৰথম স্থান লাভ কৰিছিলো৷ আমাৰ দলৰ ৪২ লক্ষ কাৰ্যকৰ্তা আছে৷ দলৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই যদিহে নিজাববীয়াকৈ এটাকৈও ভোট আমাৰ পক্ষত আনে, তেন্তে ২০২১ৰ বিধানসভাৰ নিৰ্বাচনত আমি অনায়াসে ৮৪ লক্ষ ভোট পাবলৈ সক্ষম হম৷  কংগ্ৰেছ-এ আই ইউ ডি এফ বা বিজেপি বিৰোধী যি দলৰে মিত্ৰতা নহওঁক কিয় আমি কাৰো মহাজোঁটক লৈ শংকিত নহয়৷ যিমানেই বিজেপি বিৰোধী দল বা জোঁট গঠন হ’ব, সিমানেই বিজেপিৰ লাভ হ’ব৷ মিছন ১০০ৰ লক্ষ্যত আমি অনায়াসে উপনীত হ’ম৷ অসমত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটেই একমাত্ৰ বিকল্প৷ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসম আৰু অসমীয়াৰ জাতীয় জীৱন সুৰক্ষিত৷ বিগত চাৰে চাৰিটা বছৰে আমাৰ চৰকাৰে অসম আৰু অসমীয়াৰ জাতীয় জীৱন আৰু অধিক সমৃদ্ধিশালী কৰিবলৈ বিভিন্ন পদক্ষেপ লৈছে৷ ৰাজ্য চৰকাৰৰ সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপি আঁচনিৰ দ্বাৰা ৰাজ্যৰ কৃষক, চাহ বাগিছাৰ শ্ৰমিক, বিধৱা মহিলা, অ-বিবাহিত মহিলা, ৰোৱনি-দাৱনি-শিপিনিকে ধৰি সকলো স্তৰৰ লোক উপকৃত হৈছে৷ অৰুন্ধতী, সৌভাগ্য, অৰুণোদয় আদি আঁচনিয়ে অসমৰ গ্ৰামাঞ্চলৰ কোটি কোটি দৰিদ্ৰ লোকৰ মুখত হাঁহি বিৰিঙাইছে৷ অসমৰ দুখীয়া আৰ্তজনৰ কাষত আমাৰ চৰকাৰে সাহসেৰে থিয় দিছে আৰু সকলোৰে অন্তৰ চুবলৈ সক্ষম হৈছে৷ এক মিছনৰ আদৰ্শেৰে আমাৰ চৰকাৰে কাম-কাজ কৰি গৈছে৷ অসমৰ সৰ্বাংগীন বিকাশ ত্বৰান্বিত হৈছে৷ ৰাজ্যখনৰ ভৱিষ্যত প্ৰজন্মৰ উত্তৰণৰ স্বাৰ্থত, সামগ্ৰিক বিকাশৰ লগতে অসমৰ দীৰ্ঘদিনীয়া অমীমাংসিত সমস্যাসমূহৰ সমাধানৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ বাহিৰে কোনো বিকল্প নাই৷ আমাৰ চৰকাৰে  অসমৰ ভূমিপুত্ৰ জনগোষ্ঠীৰ ৪৬,০০০ কৃষকক মাটিৰ পট্টা প্ৰদান কৰা লগতে অহা পাঁচ অক্টোবৰত ৰাজ্যখনৰ আৰু ৬০,০০০ ভূমিপুত্ৰ জনগোষ্ঠীৰ কৃষকক ভূমিপট্টা দিয়াৰ যোগেদি অসমৰ মাটিত যুগ যুগ ধৰি বঞ্চিত হৈ অহা ভূমিপুত্ৰসকলক মাটিৰ অধিকাৰ প্ৰদান কৰি এক ঐতিহাসিক দায়িত্ব সম্পন্ন কৰিব৷ অসম চুক্তি স্বাক্ষৰিত হোৱাৰ তিনিটা দশকৰ পাছত গঠন হোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন আমাৰ চৰকাৰেহে অসমৰ জাতীয় জীৱনৰ লগত জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ক্ষেত্ৰত দায়িত্ব সহকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে৷ অসম চুক্তি ৰূপায়ণৰ এটা স্থায়ী কাৰ্যালয় স্থাপনৰ পাছত এতিয়া এই সঞ্চালকালয়ৰ পৰা চুক্তি ৰূপায়ণৰ কাম কাজ ত্বৰান্বিত হৈছে৷ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰেহে অসম চুক্তিৰ ছয় নং দফা কাৰ্যকাৰী কৰাৰ ক্ষেত্ৰত এই ঐতিহাসিক দায়িত্ব পালন কৰিছে৷ আমাৰ চৰকাৰেই পোন প্ৰথমবাৰৰ বাবে অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ কাগজ-পত্ৰ সংসদৰ মজিয়ালৈ আনিছে৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী স্থানে স্থানে আমি ২০ৰ পৰা ১০ শতাংশ পুনৰীক্ষণৰ দাবী জনাইছোঁ৷ যদিহে এই পুনৰীক্ষণত কিবা অশুদ্ধ তথ্য ওলায় তেতিয়াহ’লে আমি পুনৰ নতুনকৈ এন আৰ চি কৰাৰ বাবেও প্ৰস্তুত আছোঁ৷ ইতিমধ্যে অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ প্ৰতিবেদন চৰকাৰৰ বিবেচনাধীন হৈ আছে৷ অসমীয়া মানুহৰ সাংবিধানিক ৰক্ষাকৱচৰ বাবে বিজেপি চৰকাৰ দায়বদ্ধ, প্ৰতিশ্ৰুতিবদ্ধ৷ ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কাম-কাজো ইতিবাচক দিশত আগবাঢ়ি আছে৷ ৰাজ্যখনৰ বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ ভৈয়ামত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ভাষী ৰাইজৰ মাজত ঐক্য-সম্প্ৰীতি, ভাতৃত্ববোধৰ এনাজৰীডাল শক্তিশালী কৰি বৰ অসমৰ ভেটিত অসমীয়া স্বাভিমান শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ বাবে আমাৰ চৰকাৰেই প্ৰতিটো জনগোষ্ঠীৰ সাংস্কৃতিক প্ৰমূল্যসমূহৰ সংৰক্ষণ তথা সংবৰ্ধন কৰাৰ ব্যৱস্থা কৰিছে৷ প্ৰতিটো জনগোষ্ঠীৰ জাতীয় বীৰ বীৰাংগনাসকলৰ আদৰ্শ তথা কৃতি, মৰ্যাদা অসমৰ জাতীয় জীৱনত, নতুন প্ৰজন্মৰ মাজত প্ৰতিষ্ঠা কৰাৰ বাবে ব্যৱস্থা লোৱা হৈছে৷ চৰকাৰীভাৱে জাতীয় বীৰ-বীৰাংগনাসকলৰ দিৱসসমূহ অনুষ্ঠিত কৰাৰ লগতে নতুনকৈ বহুকেইটা ৰাজ্যিক বঁটা প্ৰদান কৰি সমাজৰ উপযুক্তজনক এই মৰ্যাদাসমূহ প্ৰদান কৰা হৈছে৷ বিভিন্ন জনগোষ্ঠীয় উৎসৱসমূহ ৰাজ্যিক মৰ্যাদাৰে অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰি বাৰেৰহণীয়া সাংস্কৃতিক পৰম্পৰাসমূহক সমৃদ্ধিশালী কৰাৰ ব্যৱস্থা কৰা হৈছে৷ ৰাজ্যৰ শিল্পী-সাহিত্যিকসকলক যথোপযুক্ত সন্মান দিয়া হৈছে৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে পৰিচালিত সত্ৰ অনুষ্ঠানসমূহৰ সংবৰ্ধনৰ বাবে বৃহৎ পুঁজিৰ আৱণ্টনৰ লগতে ৰাজ্যখনৰ অৰ্ধশতিকা গৰকা বৰনামঘৰসমূহ আৰু অন্যান্য ধৰ্মীয় অনুষ্ঠানসমূহলৈ অনুদান বৃদ্ধি কৰি আমাৰ চৰকাৰে অসমীয়া জাতীয় জীৱনক সমৃদ্ধিশালী কৰাৰ ঐতিহাসিক দায়িত্ব পালন কৰিছে৷ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ লগতে সকলো সত্ৰৰ ভূমি বেদখলমুক্ত কৰি উক্ত ভূমিত বিশ্বমানৰ প্ৰকল্প গঢ়ি তোলাৰ বাবে কাম আৰম্ভ কৰিছে৷ অসমৰ ঐতিহ্যমণ্ডিত বিভিন্ন অনুষ্ঠান আৰু কীতিচিহ্নসমূহ সংৰক্ষণৰ লগতে সমৃদ্ধিশালী কৰাৰ বাবে বিধানসভাত আইন প্ৰণয়ন কৰা হৈছে৷ অসমীয়া আৰু জনগোষ্ঠীয় ভাষাসমূহ সমৃদ্ধিশালী কৰাৰ বাবে ইতিমধ্যে ‘ভাষা গৌৰৱ আঁচনি’ৰ যোগেদি অসম সাহিত্য সভাক দহ কোটি আৰু বড়ো সাহিত্য সভাক পাঁচ কোটি আৰু অন্যান্য জনগোষ্ঠীয় সাহিত্য সভাসমূহক তিনি কোটিকৈ টকা আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে৷ ইয়াৰোপৰি অসমৰ সৰ্ববৃহৎ ধৰ্মীয় তথা সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘকে ধৰি বিভিন্ন অনুষ্ঠানসমূহক তেওঁলোকৰ উদ্যোগত পৰিচালিত শিক্ষানুষ্ঠান তথা সাংস্কৃতিক অনুষ্ঠানসমূহলৈ আৰ্থিক বৰঙণি বৃদ্ধি কৰি আমাৰ চৰকাৰে ঐতিহাসিক দায়িত্ব পালন কৰিছে৷ পূৰ্বৰ চৰকাৰসমূহৰ দিনত এনে হোৱাৰ নজিৰ নাই৷ আমাৰ চৰকাৰৰ দিনতে ভাৰত-বাংলাদেশ সীমান্ত ছীল সম্পূৰ্ণ হ’ল৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বেদখলমুক্ত কৰি গড়হত্যা ৰোধ কৰা হ’ল৷ অসমীয়া জাতিৰ গৌৰৱ বৰ অসমৰ নিৰ্মাতা মহামতি স্বৰ্গদেউ চাওলুং চ্যুকাফা, নৰনাৰায়ণ-চিলাৰায়ৰ আদৰ্শৰে অসমৰ সকলো জাতি-জনগোষ্ঠীৰ ভাষা, কৃষ্টি, সংস্কৃতি বিকাশৰ বাবে, জনগোষ্ঠীসমূহৰ সমৃদ্ধিৰ বাবে প্ৰত্যেকখন স্বায়ত্তশাসিত পৰিষদলৈ পুঁজিৰ আৱণ্টন বৃদ্ধি কৰা হৈছে৷ অসমৰ মৰাণ, মটক আৰু কোঁচ ৰাজবংশীসকলৰ তিনিখন নতুন স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰা হৈছে৷ অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক মাটিৰ ম্যাদিপট্টা প্ৰদান কৰা হৈছে৷ অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত বৰাগাঁৱত শ্বহীদ স্মাৰক উদ্যান স্থাপন কৰাৰ লগতে প্ৰতিটো পৰিয়ালক পাঁচ লাখ টকাকৈ এককালীন সাহায্য আৰু সেই আন্দোলনত নিৰ্যাতিত পৰিয়ালসমূহলৈ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে৷ অসমৰ চুক্তিৰ আধাৰত স্থাপিত গেছ ক্ৰেকাৰ প্ৰকল্পলৈ ৰাজসাহায্য বৃদ্ধি কৰাৰ লগতে নুমলীগড় শোধনাগাৰৰ শোধন ক্ষমতা তিনি মিলিয়ন মেট্ৰিকটনৰ পৰা ন মিলিয়ন মেট্ৰিকটনলৈ বৃদ্ধি কৰা হ’ল৷ পূৰ্বতে ৰাজ্যত তেল শোধনাগাৰৰ বাবে ‘তেজ দিম তেল নিদিওঁ’ শ্লোগান দিবলগা হৈছিল৷ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰে কোনোধৰণৰ আন্দোলন নকৰাকৈয়ে নুমলীগড় তেল শোধনাগাৰৰ সম্প্ৰসাৰণৰ বাবে ২,৩০০ কোটি টকাৰ আঁচনি গ্ৰহণ কৰিছে৷ ইয়াৰে ১,৫০০  কোটি টকাৰে বায় ৰিফাইনেৰী নিৰ্মাণৰ কাম চলি আছে৷ আমাৰ চৰকাৰৰ দিনত মাত্ৰ চাৰি বছৰতে ১৪,৬০০ কিলোমিটাৰ নতুন পথৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে৷ দহটা নতুন ৰাষ্ট্ৰীয় প্ৰকল্পৰ কাম চলি আছে৷ আন্তঃগাঁথনিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে নতুনকৈ প্ৰায় বাৰ হাজাৰ কোটি টকা বিনিয়োগ কৰিব৷ নতুন নতুন ফ্লাই অ’ভাৰ, ৰ’প ৱে’, হাইৱে কৰিডৰ নিৰ্মাণ, অভিলেখ সময়ৰ ভিতৰত অত্যাধুনিক ফুট ব্ৰীজ নিৰ্মাণ আদি অসমৰ ৰাইজৰ কাৰণে এতিয়া বাস্তৱ৷ ৰাজ্যৰ প্ৰায় বাৰ লাখ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া নামভৰ্তিৰ সুযোগ দিছে চৰকাৰে৷ এক লাখ ৫৩ হাজাৰ দিব্যাংগ ব্যক্তিক মাহে এক হাজাৰ টকাকৈ বছৰত বাৰ হাজাৰ টকাৰ পেঞ্চন দিয়া হৈছে৷ এইখন চৰকাৰৰ উদ্যোগতে নতুন নতুন বিমান বন্দৰ উন্নীতকৰণৰ লগতে ৰে’লপথসমূহ বৈদ্যুতিকীকৰণ আৰু দ্বৈত ৰে’লপথ নিৰ্মাণৰ কাম আৰম্ভ হৈছে৷ বৰাক ব্ৰহ্মপুত্ৰৰ বুকুত আন্তঃৰাষ্ট্ৰীয় জাহাজ চলাচল আৰম্ভ হৈছে৷ অসমৰ কৃষকৰ উৎপাদিত সামগ্ৰী লোকপিয়ল গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা ডুবাই, ছিংগাপুৰ, হংকঙলৈকে ১৫ানি আৰম্ভ হৈছে৷ যুগ যুগ ধৰি শোষিত, বঞ্চিত, নিষ্পেষিত চাহ শ্ৰমিক ৰাইজৰ কল্যাণৰ বাবে কেইবাখনো অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছে৷ ৰাজ্যত আঠখন নতুন মেডিকেল কলেজ, ৯ খন মহিলা কলেজ, ৬ খন ডিগ্ৰী কলেজকে ধৰি নতুন নতুন শিক্ষানুষ্ঠান স্থাপন কৰা হৈছে৷ শিক্ষাখণ্ডত কেইবা হাজাৰ শিক্ষকৰ চাকৰি নিয়মীয়া কৰা হ’ল আৰু কেইবাহাজাৰ শিক্ষকক নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে৷ অসমৰ চহৰ-নগৰ গাঁৱে-ভূঞে উন্নয়নৰ নতুন জোৱাৰ আৰম্ভ হৈছে৷ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ চৰকাৰখনে অতি নিষ্ঠাসহকাৰে অসমৰ জাতীয় জীৱনক সমৃদ্ধিশালী কৰাৰ বাবে নিৰৱচ্ছিন্ন প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ এতিয়া আমাৰ হিচাপ দিয়াৰ সময়৷ আমি সম্পূৰ্ণ তথ্যপাতিসহ ৰাজ্যখনৰ তিনি কোটি ত্ৰিশ লাখ ৰাইজৰ সন্মুখত যোৱা পঞ্চাশটা মাহৰ খতিয়ান দাঙি ধৰিম৷ আমাৰ বিশ্বাস, ৰাইজে পুনৰ আমাৰ মিত্ৰজোঁটকে আদৰি ল’ব৷ কাৰণ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ-ভৈয়ামৰ সকলো অংশৰ ৰাইজ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত সুৰক্ষিত আৰু তেখেতৰ নেতৃত্বতে ভাৰতবৰ্ষৰ পাঁচখন আগশাৰীৰ ৰাজ্যৰ স্থানলৈ দ্ৰুত গতিত অসম আগুৱাই গৈ আছে৷ ২০২১ৰ বিধানসভাৰ নিৰ্বাচনত বিজেপি দলে কাকো মুখ চাই টিকট নিদিয়ে৷ চাৰিটা পৰ্যায়ৰ চাৰ্ভেৰ অন্ততহে টিকট দিয়া হ’ব৷ ইয়াৰে তিনিটা দলৰ ৰাষ্ট্ৰীয় সমিতিয়ে কৰাৰ লগতে এটা চাৰ্ভে ৰাজ্যিক সমিতিয়ে কৰিব৷ জানুৱাৰীতহে দলৰ প্ৰাৰ্থী সন্দৰ্ভত চিন্তা কৰা হ’ব৷ কোনোবাই যদি মোৰ ওচৰত টিকট বিচাৰি আবেদন কৰে তেন্তে তেওঁ টিকট নোপোৱাটো নিশ্চিত৷ সম্প্ৰতি তিনি লাখ বিশ হাজাৰ দলৰ পৃষ্ঠা প্ৰমুখক সক্ৰিয় কৰাৰ কাম চলি আছে৷ ৫০ লাখ পৰিয়ালৰ সৈতে দলীয় কাম-কাজ লৈ জনসম্পৰ্ক অভিযান সম্পন্ন কৰা হৈছে৷ সেৱা সপ্তাহৰ জৰিয়তে দুখীয়া, দিব্যাংগজনক সন্মান জনোৱা হৈছে৷