Logo
image

ৰাজপথ পালেহি মূল্যবৃদ্ধিৰ দাৱানল

আমাৰ অসম,৭ এপ্ৰিলঃ দেশজুৰি জনতা নিৰ্বিকাৰ হৈ থাকিলেও অসমত আৰম্ভ হৈছে মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ দাৱানলে অসমত ৰাজপথ স্পৰ্শ কৰিছে৷ খাদ্যবস্তু,ডিজেল,পেট্ৰ’ল,ৰন্ধন গেছ,ইন্ধনজাত সামগ্ৰী,ঔষধ,গৃহনিৰ্মাণৰ সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে দেশৰ জনগণক এক প্ৰকাৰ কোঙা কৰি পেলাইছে৷ যাৰফলত অভিলেখ সৃষ্টি কৰিছে মুদ্ৰাস্ফীতিয়ে৷  অৱশেষত অসমত ৰাজপথলৈ ওলাই আহিছে জনগণ,বিভিন্ন দল সংগঠন৷ বিভিন্ন দল,সংগঠন আৰু সৰ্বসাধাৰণ জনগণে মূল্যবৃদ্ধি বিৰুদ্ধে বুধবাৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ শাসনাধিষ্ঠি বিজেপি চৰকাৰৰ দিনত হোৱা আকাশলংঘী মূল্যবৃদ্ধি,কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ এই জনবিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ অসমত বিক্ষোভেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়৷ সমগ্ৰ অসমৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ এলেকাত বিক্ষোভ প্ৰদৰ্শন কৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদ কৰে৷ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ ব্যৱস্থা নল’লে প্ৰতিবাদ অব্যাহত ৰখা হ’ব বুলি কেন্দ্ৰীয় আৰু অসম চৰকাৰক সদৌ অসম ছাত্ৰ সন্থাই কঠোৰভাৱে সকীয়াই দিয়ে৷ ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এই কাৰ্যসূচীৰ জৰিয়তে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰ মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ হৈছে৷ উভয় চৰকাৰে মূল্যবৃদ্ধিৰে সৰ্বসাধাৰণ ৰাইজক ৰামটাঙোন শোধাইছে৷ সকলো স্তৰতে মূল্যবৃদ্ধি হৈছে৷ খাদ্যবস্তুৰ জুই চাই দাম৷ ডিজেল,পেট্ৰ’ল,ৰন্ধন গেছৰ প্ৰায় নিতৌ দাম বাঢ়িছে৷ ঔষধৰ দাম বাঢ়িছে৷ আনকি গৃহনিৰ্মাণ সামগ্ৰীৰো মূল্যবৃদ্ধি হৈছে৷ জনসাধাৰণৰ জীবন ধাৰা দুৰ্বিষহ হৈ পৰিছে৷ দিল্লী-দিছপুৰৰ বৰ্তমান দলৰ নেতাসকল বিৰোধী পক্ষত থাকোঁতে মূল্যবৃদ্ধি হওঁতে আলু-পিঁয়াজৰ মালা পিন্ধি,গৰু গাড়ী চলাই প্ৰতিবাদ কৰিছিল৷ এতিয়া শাসনত সেই দিল্লী-দিছপুৰৰ চৰকাৰে মূল্যবৃদ্ধিৰে ৰাইজক মাধমাৰ দিছে৷ উভয় চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰক৷ জনবিৰোধী সিদ্ধান্ত বাতিলেৰে জনসাধাৰণক সকাহ দিয়াৰ ব্যৱস্থা কৰক৷’ আনহাতে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰ’টাৰী পইণ্টত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ পেট্ৰ’ল-ডিজেল,ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰী আকাশলংঘী মূল্যবৃদ্ধি বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে এই প্ৰতিবাদ সাব্যস্ত কৰা হয়৷ প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ,ফেষ্টুন লৈ যোগান বিভাগ হায়,হায়,অসম চৰকাৰৰ হায় হায়,হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি বিভিন্ন শ্লোগান দিয়ে৷ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুছেইনে এই কাৰ্য্যসূচীৰ জৰিয়তে কয়– দৈনিক পেট্ৰ’ল-ডিজেলকে ধৰি খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ আছে কিন্তু দিল্লী-দিছপুৰ ঘোৰ নিদ্ৰাত আছে৷ জনতাক শোষণ কৰিছে বিজেপিয়ে কিন্তু ৰাইজে শাসন কৰিবলৈহে ভোট দিছিল৷ মূল্যবৃদ্ধি ৰোধ কৰা বাবে যোগান বিভাগ তথা চৰকাৰে যি ধৰণৰ পদক্ষেপ লব লাগে তেনে পদক্ষেপ পৰিলক্ষিত হোৱা নাই৷ সাধাৰণ জনতাক মূল্যবৃদ্ধিয়ে কোঙা কৰিছে৷ চৰকাৰে অতিশীঘ্ৰে মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে আমি ইয়াতকৈ তীব্ৰতৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ম৷’এই বিক্ষোভ কাৰ্যসূচীত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰাইফউদ্দিন আহমেদ,সদৌ কামৰূপ [ম]জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰজমিল আলি,সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উপদেষ্টা অলকেশ নাথৰ লগতে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ অন্তৰ্গত শাখা,উপশাখা,বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ ইফালে এন.এচ.ইউ.আই অসমৰ উদ্যোগত কামৰূপ মহানগৰ জিলা এন.এচ.ইউ.আইৰ সহযোগত মুখ্যমন্ত্ৰীৰ  এক লাখ শিক্ষিত নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰ বিফলতা,পেট্ৰ’ল,ডিজেল তথা অন্যান্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ‘ছাত্ৰ জাগৰণ যাত্ৰা’কাৰ্যসূচী ৰাজ্যজুৰি গ্ৰহণ কৰা হয়৷  কামৰূপ মহানগৰ জিলা এন.এচ.ইউ.আইয়ে গুৱাহাটীৰ ৰাজীৱ ভৱনত গ্ৰহণ কৰা এই কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ লগতে এন এছ ইউ আইৰ ৰাজ্যিক সভাপতি কৃষানু বৰুৱা,উপ-সভাপতি দ্বীপজ্যোতি দাস,ৰাজ্যিক সাধাৰণ সম্পাদক কৌশিক কাশ্যক আদিৰ লগতে কামৰূপ মহানগৰ জিলা এন.এচ.ইউ.আইৰ সভাপতি,সম্পাদক প্ৰমুখ্যে সদস্য সকল উপস্থিত থাকে৷ এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক [অসমৰ তত্বাবধায়ক]অনুশেষ শৰ্মাই বিজেপি চৰকাৰৰ দিনত হোৱা আকাশলংঘী মূল্যবৃদ্ধি,মিথ্যাচাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰী সকলক ৰাজপথলৈ ওলাই প্ৰতিবাদ সব্যস্ত কৰাত আৰক্ষীয়ে বাধা আৰোপ কৰে আৰু প্ৰতিবাদ কাৰী সকলে বেৰিকেট ভাঙি ওলাই যাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা আৰোপ কৰে৷ উল্লেখ্য,বিজেপি চৰকাৰৰ জনবিৰোধী নীতি আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি জনগণ আৰু দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ ইপিনে,বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত ভাগ লৈ মূল্যবৃদ্ধি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কয়– ‘ইন্ধনৰ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত ভাৰত চৰকাৰে চিন্তা-চৰ্চা কৰি আছে৷ কেন্দ্ৰৰ সৈতে মিলিহে সিদ্ধান্ত ল’ব ৰাজ্যই৷’ইপিনে,বিত্তমন্ত্ৰী অজন্তা নেওগে কয়–‘মূল্যবৃদ্ধিৰ বাবে ৰাইজৰ অসুবিধা আমি অনুভৱ কৰিছোঁ৷ মূল্যবৃদ্ধিৰ যন্ত্ৰণা দেখিলে আমিও বেদনা পাওঁ৷’ইয়াৰ বিপৰীতে মূল্যবৃদ্ধিৰ বিষয়টোক তেনেই উপলুঙা কৰি বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই কয়– ‘মূল্যবৃদ্ধি দুই-তিনি দিন থাকিব,আকৌ নাইকিয়া হ’ব৷’ৰাজ্যৰ প্ৰায়বোৰ জ্বলন্ত সমস্যাৰ ক্ষেত্ৰত অভিমত প্ৰকাশ কৰা জুবিন গাৰ্গেও মূল্যবৃদ্ধি সন্দৰ্ভত তেওঁৰ মন্তব্য প্ৰকাশ কৰি কৈছে– ‘কৰ’না হ’ল,যুদ্ধ হ’ল,মূল্যবৃদ্ধি হ’বই৷ বেছি চিঞৰ-বাখৰ কৰি লাভ নাই৷ দুবছৰমানৰ পাছত লাহে লাহে সকলো ঠিক হ’ব৷’

সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ অন্যতম আঞ্চলিক আন্তঃ মঙলদৈ ছাত্ৰ সন্থাই কালি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ সভাপতি অজয় শইকীয়া আৰু সাধাৰণ সম্পাদক ছাহিল চৌধুৰীৰ নেতৃত্বত অৰ্ধশতাধিক ছাত্ৰকৰ্মীৰ উপস্থিতিত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ আজিৰ এই মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰূপায়ণ কৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশী,ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়া,সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কুমাৰ চহৰীয়া,সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকা,সমাজকৰ্মী শেখৰ মজুমদাৰৰ লগতে কেইবাজনো ছাত্ৰ সন্থাৰ বিষয়ববীয়াই৷

বাগ্‌সা জিলাৰ শালবাৰীৰ চমুৱাগাতিত আজি গাতি আঞ্চলিক ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে ইন্ধনসহ নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আৰু অতিশীঘ্ৰেই মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত এক প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচীত গাতি আঞ্চলিক ছাত্ৰ সন্থাৰ নেতা-কৰ্মীসকলে হাতে হাতে বেনাৰ,প্লে-কাৰ্ড লৈ মিঠাতেল,গেছ চিলিণ্ডাৰ আদি লগত লৈ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰক,নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক,বিজেপি চৰকাৰ হায় হায়,যোগানমন্ত্ৰী ৰঞ্জিত কুমাৰ দাস হায় হায়,সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ আদি ধবনিৰে পৰিৱেশ উত্তাল কৰি তোলে৷

খাদ্য-সামগ্ৰী,অত্যাৱশ্যকীয় সামগ্ৰী,পেট্ৰ’ল,ডিজেল আৰু ৰন্ধন গেছৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদ আৰু মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত সমগ্ৰ ৰাজ্যৰ লগতে দক্ষিণ কামৰূপ ছাত্ৰ সন্থায়ো মামণি ৰয়ছম গোস্বামী,মিৰ্জা চ’কত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷ উক্ত বিক্ষোভ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক নিৰোদ কুমাৰ দাস,সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি ধীৰাজ কুমাৰ দাস,দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি পৃথিৱী দাস,সাধাৰণ সম্পাদক জিতুল কুমাৰকে ধৰি শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷ 

সমগ্ৰ অসমতেই সকলোধৰণৰ সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি শালবাৰীৰ গাতি আৰু বাহবাৰীৰ গধূলি বজাৰত পৃথকে পৃথকে আছুৱে বিক্ষোভ কাৰ্যসূচীৰে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক তীব্ৰ প্ৰত্যাহ্বান জনাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ বিক্ষোভ কাৰ্যসূচীত বিজেপি দল আৰু চৰকাৰক চোকা সমালোচনাৰে বক্তৃতা প্ৰদান কৰে ক্ৰমে - বাগ্‌সা জিলা ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক জুবিন দাস,গাতি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ উজিৰ, সম্পাদক মিণ্টু দাস,শালবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হিৰকজ্যোতি সূত্ৰধৰ, সম্পাদক বিকাশ সূত্ৰধৰে৷ মানাহ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগতো কালি দিনৰ দহ বজাৰ পৰা এঘাৰ বজালৈ গধূলি বজাৰত মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷ বিক্ষোভ কাৰ্যসূচীত বিজেপি দল আৰু চৰকাৰক ভিন্নধৰণে চোকা সমালোচনাৰে বক্তৃতা প্ৰদান কৰে ক্ৰমে - বাগ্‌সা জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি প্ৰাঞ্জল ডেকা,মানাহ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জ্যোতিষ তাঁতি,সম্পাদক হীৰকজ্যোতি পাঠক,আছাৰ বাহবাৰী আঞ্চলিক সমিতিৰ উপ-সভাপতি এচাও হেমব্ৰমে৷ 

পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি কলিয়াবৰতো কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই শাসনাধিষ্ঠিত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ লগতে ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে কুঁৱৰীটোলৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অত্যাৱশ্যকীয় সামগ্ৰী,ইন্ধনজাত সামগ্ৰীৰ পৰা আৰম্ভ কৰি সকলো নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীত আজি পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চামতাত যোগানমন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পুত্তলিকা দাহ কৰে৷ প্ৰতিবাদকাৰীসকলে ৰঞ্জিত দাস মুৰ্দাবাদ,বিজেপি চৰকাৰ হায় হায়,নিত্যব্যৱহাৰ্য সামগ্ৰীৰ দামবৃদ্ধি হ্ৰাস কৰক,আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে৷ অনুষ্ঠানটোত উপস্থিত থাকে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সহঃ সাধাৰণ সম্পাদক নিৰুজ উদ্দিন আহমেদ,কাৰ্যনিৰ্বাহক সদস্য প্ৰাঞ্জল বৰ্মন,পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সুভাষ বৰ্মন,সহঃ সাধাৰণ সম্পাদক নয়ন জ্যোতি বৰ্মন,সদস্য বিজয় বৰ্মন,ৰাহুল বৰ্মন,কুলদ্বীপ তালুকদাৰ,অংকুৰ শৰ্মা,বনদ্বীপ শৰ্মা ইত্যাদি ছাত্ৰ নেতাসকল৷ 

সমগ্ৰ ৰাষ্ট্ৰজুৰি পেট্ৰ’ল-ডিজেল,ৰন্ধন গেছকে ধৰি খাদ্য তথা ঔষধজাতীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে কালি বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ সংগঠনটোৰ সভাপতি নিতু ৰাজবংশী,সাধাৰণ সম্পাদক নৱজিৎ কলিতাৰ নেতৃত্বত ৰূপায়িত কাৰ্যসূচীত কামৰূপ জিলা সমিতিৰ উপ-সভাপতি গোলোক ৰাজবংশী,ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ উপ-সভাপতি ৰূপজ্যোতি কলিতা,প্ৰচাৰ সম্পাদক কমল কলিতাৰ লগতে বৈদ্যগড় আঞ্চলিকৰ উপদেষ্টা মৃণাল কলিতাও উপস্থিত থাকে৷ 

ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পোৱা পেট্ৰ’ল,ইন্ধন আৰু অত্যৱশ্যকীয় খাদ্য-সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশক্ৰমে বাগানপাৰা,বৰমা আৰু ককলাবাৰী– চাপাগুৰী আঞ্চলিক ছাত্ৰ সন্থাই এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷ চৰকাৰে শীঘ্ৰে ইন্ধনজাতীয়,খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ নকৰিলে অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ সহযোগত জংগী আন্দোলন কৰিব বুলি সকিয়াই দিয়ে৷ 

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত কালি আছুৱে দেওমৰনৈ বিক্ষোভ প্ৰদৰ্শন কৰে৷ দেওমৰৈন আঞ্চলিক ছাত্ৰ সন্থাই শ্বহীদ ভৱনৰ প্ৰাংগণত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী৷ চৰকাৰবিৰোধী বিভিন্ন শ্লোগান,মূল্যবৃদ্ধি ৰোধক কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ৷ উল্লেখ্য আছুৰ বিক্ষোভ কাৰ্যসূচীত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি অংশগ্ৰহণ কৰে৷

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত হাটশিঙিমাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ প্ৰতিবাদকাৰী আছুৰ কৰ্মকৰ্তাসকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ বিজেপি চৰকাৰ হায় হায়,নৰেন্দ্ৰ মোদী হায় হায়,অমিত শ্বাহ হায় হায়,হিমন্ত বিশ্ব শৰ্মা হায় হায়,যোগানমন্ত্ৰী ৰঞ্জিত কুমাৰ দাস হায় হায়,যোগান বিভাগ হায় হায় আদি শ্লোগানেৰে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক তীব্ৰ গৰিহণা দি পৰিৱেশ উত্তাল কৰি তোলে৷

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে  কালি টিহু আঞ্চলিক ছাত্ৰ সন্থাই টিহু নগৰত নিতৌ বৃদ্ধি পোৱা খাদ্য-সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷ তাৰ প্ৰতিবাদত টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিমআকাশ কলিতাৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি সাব্যস্ত কৰি খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে৷

অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰী আৰু ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত কালি বিশ্বনাথৰ পাভৈত আছুৰ বিক্ষোভ কাৰ্যসূচী পালন কৰা হয়৷ বিশ্বনাথৰ পাভৈ পাঁচআলিত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতা-কৰ্মীসকলে অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰী আৰু ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাবস্ত কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু যোগানমন্ত্ৰীজনৰ প্ৰতিকৃতি দাহ কৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান প্ৰদৰ্শন কৰি এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে৷

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে কালি চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাই চন্দ্ৰপুৰ বেংক তিনিআলি প্ৰাঙ্গনত অত্যাৱশ্যকীয় সামগ্ৰী,খাদ্য সামগ্ৰী,পেট্ৰ’ল,ডিজেল,ৰন্ধন গেছ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আৰু ৰোধ কৰাৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰতিবাদকাৰীসকলে মূল্য বৃদ্ধি ৰোধ কৰক,পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰক,বিজেপি চৰকাৰ হায় হায়,যোগান মন্ত্ৰী ৰঞ্জিত দাস হায়,অসম চৰকাৰ হায় হায় আদি শ্লোগানৰে চন্দ্ৰপুৰৰ আকাশ বতাহ উত্তোল কৰি তোলে৷ বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক টুটুমনি কলিতাই কয় যে বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মূল্যবৃদ্ধিৰ জৰিয়তে সাধাৰণ জনতাক শোষণ কৰিছে৷ এই কথা ছাত্ৰ সন্থাই সহ্য নকৰে৷ মূল্যবৃদ্ধি ৰোধ নহয় মানে আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব৷ ইপিনে এক প্ৰেছ বিবৃতি জৰিয়তে চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিতুল কলিতা আৰু সাধাৰণ সম্পাদক সৌৰভ দাসে কয় যে-মূল্য বৃদ্ধি ৰোধ কৰাত বিজেপি নেতৃত্বাধীন অসম চৰকাৰ চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে৷ ভোট বেংক সূৰক্ষিত কৰাৰ স্বাৰ্থত বিভিন্ন আচঁনিৰে হিতাধীকাৰী সৃষ্টি কৰাৰ ফল সাধাৰণ জনতাই ভুগিব লগা হৈছে৷ আজিৰ এই বিক্ষোভ কাৰ্যসূচীৰ অসম চৰকাৰলৈ স্পষ্ট সকীয়নি– অতি শীঘ্ৰে মূল্য বৃদ্ধি ৰোধ কৰক অন্যথা ছাত্ৰ সন্থাই পৰবৰ্তী সময়ত ৰাইজৰ লগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব৷ আজিৰ এই বিক্ষোভ কাৰ্যসূচীত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক টুটুমণি কলিতা,উপ-সভাপতি ৰমেন ঠাকুৰীয়া,সহকাৰী সাধাৰণ সম্পাদক বিপজ্যোতি মালাকৰ,শিক্ষা সম্পাদক মৃদুল কুমাৰ দাস,কাৰ্যনিৰ্বাহক সদস্য চানবলী মাহতু,দিপজ্যোতি দাস,চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিতুল কলিতা,সাধাৰণ সম্পাদক সৌৰভ দাসকে প্ৰমুখ্য কৰি দুই শতাধিক ছাত্ৰ সন্থাৰ কৰ্মী অংশগ্ৰহণ কৰে৷