Logo
image

ৰাছিয়াৰ বিৰুদ্ধে নৰসংহাৰৰ অভিযোগ

ৰাষ্ট্ৰসংঘত ভাৰতৰো উদ্বেগ

আমাৰ অসম,৭এপ্ৰিলঃ ইউক্ৰেইনত অব্যাহত আছে ৰাছিয়াৰ আগ্ৰাসন৷ ৰুছ সেনাৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে এতিয়া দেশখনৰ সাধাৰণ নাগৰিকসকলো৷ কিয়েভ চহৰখন ৰুছ সেনাৰ গোলাবৰ্ষণত থানবান হৈ পৰাৰ পাছত এতিয়া বুচা চহৰত দেখা গৈছে মৃতদেহৰ দম৷ চহৰখনৰ য’তে ত’তে এতিয়া মৃতদেহ৷ গুলীবিদ্ধ মৃতদেহসমূহ পচিবলৈ আৰম্ভ কৰাত চহৰখনত বিয়পি পৰিছে দুৰ্গন্ধ৷ এনে পৰিস্থিতিত ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেইনে নৰসংহাৰৰ অভিযোগ উত্থাপন কৰিছে৷ সংবাদ প্ৰতিষ্ঠানসমূহে পৰিৱেশন কৰা বাতৰি মতে কিয়েভৰ পৰা কিছু নিলগৰ বুচা চহৰখন এতিয়া মৃত্যুপুৰীত পৰিণত হৈছে৷ এই চহৰখনত এতিয়া যিফালেই চোৱা যায় সেইফালেই মাথোঁ মৃতদেহ৷ এই ভয়ংকৰ পৰিস্থিতি দেখি ৰাছিয়াৰ বিৰুদ্ধে সমগ্ৰ বিশ্ব ক্ষুব্ধ হৈ পৰিছে৷ এনে পৰিস্থিতিত যুদ্ধৰ বিৰোধিতা কৰা দেশসমূহৰ ৰাষ্ট্ৰনেতাসকলৰ এটাই প্ৰশ্ন– পাঁচ সপ্তাহৰো অধিক সময় ধৰি চলি থকা ৰাছিয়াৰ এই আগ্ৰাসনৰ শেষ কেতিয়া?মঙলবাৰে যুদ্ধবিধবস্ত বুচা চহৰ পৰিদৰ্শন কৰে আন্তঃৰাষ্ট্ৰীয় সাংবাদিকৰ এটা দলে৷ সেই সময়ত চহৰখনৰ পথৰ দাঁতিত থকা এখন খেলপথাৰত সমবেত হৈ আছিল কিছুসংখ্যক লোক৷ ৰুছ সেনাৰ আগ্ৰাসনৰ পৰা বাচিবলৈ তেওঁলোকে সহায় বিচাৰিছিল৷ সেই স্থানৰ নিচেই কাষতে থকা এটা অট্টালিকাৰ সন্মুখত সাংবাদিকৰ দলটোৱে প্ৰত্যক্ষ কৰে সাধাৰণ নাগৰিকৰ কেইবাটাও মৃতদেহ৷ কাৰোবাৰ যদি চকুত গুলী লাগিছিল,আন কাৰোবাৰ সৰ্বশৰীৰ গুলীয়ে থকা-সৰকা কৰি পেলাইছে৷ মুঠৰ ওপৰত ৰুছ সেনাই অতি বৰ্বৰভাৱে হত্যা কৰিছিল লোকসকলক৷ সাংবাদিকৰ দলটোৰ লগতে বুচা চহৰ পৰিভ্ৰমণ কৰা ইউক্ৰেইনৰ গৃহমন্ত্ৰী ডেনিচ মোনাস্তিৰস্কীয়েও এই ভয়ংকৰ দৃশ্য দেখি শিয়ৰি উঠে৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কীয়ে ৰাছিয়াৰ এই ভয়ংকৰ বৰ্বৰতাক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত দাঙি ধৰে৷ ভাৰ্ছুৱেল মাধ্যমৰ জৰিয়তে ৰাষ্ট˜পতি জেলেনস্কীয়ে কয়– এনে বৰ্বৰতাৰ পাছতো ৰাষ্ট্ৰসংঘ নীৰৱ হৈ থকাৰ মানে কি? ইপিনে,বুচা চহৰত হোৱা নৰসংহাৰৰ ঘটনাক ভাৰতে নিন্দা কৰাৰ লগতে এই সন্দৰ্ভত স্বাধীন তদন্তৰ বাবে জনোৱা আহ্বানক সমৰ্থন জনাইছে৷ বুধবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ ৰাষ্ট্ৰদূত টি এছ তিৰুমূৰ্তিয়ে এক বিবৃতিত কয়– ‘বুচাত অসামৰিক লোকৰ ওপৰত চলা হত্যালীলা অতি উদ্বেগজনক৷ আমি দ্ব্যৰ্থহীনভাৱে এই হত্যালীলাৰ নিন্দা কৰোঁ আৰু এই ক্ষেত্ৰত স্বাধীন তদন্তৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সমৰ্থন আগবঢ়াইছোঁ৷’ আনহাতে,ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়ে নিৰাপত্তা পৰিষদত দিয়া ভাষণত উত্থাপন কৰা ‘নৰসংহাৰ’ৰ অভিযোগ ৰাছিয়াই পোনছাটেই অস্বীকাৰ কৰিছে৷ ৰাছিয়াই দাবী কৰা মতে এই হত্যালীলা ইউক্ৰেইনে সংঘটিত কৰিছে৷ বিশ্বৰ আগত ৰাছিয়াক হেয় কৰাৰ বাবেই ইউক্ৰেইনে এনে ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি উল্লেখ কৰিছে ৰাছিয়াই৷