Logo
image

হিম’গ্লবিন কমিছে? খাদ্য তালিকাত এইবিধ ৰাখক

বিভিন্ন পুষ্টিগুণৰে ভৰপূৰ এবিধ পাচলি হৈছে পালেং শাক৷ বছৰৰ প্ৰতিটো দিনতে পালেং শাক বজাৰত উপলব্ধ৷ যাৰ শৰীৰত হিমোগ্ল’বিনৰ মাত্ৰা কমিছে তেওঁলোকে প্ৰতিদিনে খাদ্যৰ তালিকাত ৰখা উচিত পালেং শাক৷ পালেং শাকৰ কেঁচাপাত হৈছে পুষ্টিকৰ উপাদানৰ সম্ভাৰ৷ পালেং শাকত ভিটামিন এ,চি,কেৰ,ফলিক এছিড,আইৰণ আৰু কেলচিয়াম থাকে৷ সেয়েহে পালেং শাকে শৰীৰত হিমোগ্ল’বিনৰ মাত্ৰা বৃদ্ধিত বহু পৰিমাণে সহায় কৰে৷ পালেং শাকে কেন্সাৰ ৰোধ কৰাটো সহায় কৰে৷ পালেং শাকত এমজিডিজি আৰু এছকিউডিজিৰ দৰে যৌগ থাকে,যিয়ে কেন্সাৰ বৃদ্ধিৰ গতি ৰোধ কৰে৷ সমীক্ষাত দেখা গৈছে যে শৰীৰত টিউমাৰৰ আকৃতি হ্ৰাস কৰাত এই যৌগবিধে যথেষ্ট সহায় কৰে৷ একেদৰে পুৰুষসকলৰ প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনাও বহুখিনি কমায় পালেং শাকে৷ পালেং শাকত প্ৰচুৰ পৰিমাণে নাইট্ৰেট থাকে,যিয়ে ৰক্তচাপৰ ভাৰসাম্য বজাই ৰাখে আৰু হৃদৰোগ হোৱাৰ পৰা ৰক্ষা কৰে৷ যিসকলে উচ্ছ ৰক্তচাপৰ সমস্যাত ভুগিছে তেওঁলোকৰ কাৰণে পালেং শাক অত্যন্ত উপকাৰী৷ পালেং শাকত পৰ্যাপ্ত পৰিমাণে পটাচিয়াম থাকে আৰু ছডিয়ামৰ পৰিমাণ কম থাকে৷ বিশেষজ্ঞসকলৰ মতে পালেং শাক খালে ৰক্তচাপৰ স্তৰ কমি থাকে আৰু হৃদযন্ত্ৰ ভালে থাকে৷ চৰ্দি-কাহৰ সমস্যা থাকিলে পালেং শাক খাবলৈ পৰামৰ্শ দিছে বিশেষজ্ঞসকলে৷ কাৰণ পালেং শাকে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু ইয়াত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিজেন থাকে৷ যদি শৰীৰত হিমোগ্ল’বিনৰ মাত্ৰ কমি যায় তেতিয়া প্ৰতিদিনে পালেং শাক খাব লাগে৷ কাৰণ পালেং শাকে লোহিত ৰক্ত কণিকা বৃদ্ধিত সহায় কৰে৷ অৱশ্যে অতিৰিক্ত পালেং শাক খোৱাটো স্বাস্থ্যৰ পক্ষে  ক্ষতিকাৰক৷ কিয়নো পালেং শাকে ৰক্ত কনিকা ঘন হোৱাত বাধা দিয়ে৷