Logo
image

৭০ শতাংশ বাছভাৰা বৃদ্ধিৰ প্ৰস্তুতি

আমাৰ অসম,৮ এপ্ৰিলঃ দেশৰ লগতে ৰাজ্যতো এতিয়া এফালে পেট্ৰ’ল-ডিজেলৰ অত্যধিক মূল্যবৃদ্ধিৰ লগতে আনফালে নিত্যব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়েও ৰাইজক কোঙা কৰি পেলাইছে৷ ইপিনে যদি নিৰ্মাণ সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে ফ্লেটৰ দাম বৃদ্ধি পাইছে একেদৰে আকৌ ঔষধৰ মূল্যবৃদ্ধিয়েও দুখীয়া ৰোগীক জ্বলা-কলা খুৱাইছে৷ ইয়াৰ মাজতে ইন্ধনৰ ব্যাপক হাৰত দাম বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অচিৰেই ৰাজ্যত যাত্ৰীবাহী বাহনৰ ভাৰা বৃদ্ধি পোৱাৰ আশংকা প্ৰৱল হৈ পৰিছে৷ কিয়নো পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত যাত্ৰীবাহী বাহনৰ ৭০ শতাংশ ভাৰা বৃদ্ধিৰ প্ৰস্তাৱেৰে ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছে সদৌ অসম মটৰ পৰিবহণ সন্থাই৷ বৃহস্পতিবাৰে মটৰ পৰিবহন সংস্থাটোৱে পৰিবহণ আয়ুক্তলৈ ৭০ শতাংশ বাছভাৰা বৃদ্ধিৰ সন্দৰ্ভত বিজ্ঞানসন্মত ভাৰা নিৰ্ধাৰণৰ সূত্ৰ আগবঢ়াইছে৷ ইন্ধনৰ মূল্যবৃদ্ধিৰ ফলত বাণিজ্যিক বাহনৰ মালিকপক্ষৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাই নহয়,একাংশই লোকচানত গাড়ী চলোৱা বুলিও অভিযোগ কৰিছে৷ ইন্ধনৰ মূল্যবৃদ্ধিৰ সমান্তৰালভাৱে আন যান্ত্ৰিক সা-সৰঞ্জামৰ লগতে বীমা মাচুল বৃদ্ধি পোৱাত বাহনৰ মালিকসকল ভয়ংকৰ সমস্যাৰ মুখামুখি হোৱা বুলিও প্ৰকাশ কৰিছে৷ দুটা বছৰ ক’ভিডে বিধবস্ত কৰাৰ পাছত পৰিবহণ উদ্যোগটো পুনৰ ঠন ধৰি উঠাৰ সময়তে পৰিবহণ বিভাগে ‘অপাৰেছন ছাৰখাৰ’নামৰ গেৰেজত থকা বাণিজ্যিক বাহনৰ পৰাও কৰ-কাটল সংগ্ৰহ কৰাত ভাৰা বৃদ্ধি নকৰিলে ৰাজপথত চকা ঘূৰোৱাটো অসম্ভৱ বুলিও পৰিবহণ সংস্থাটোৱে আক্ষেপ কৰিছে৷ ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে চৰকাৰে পৰিবহণ সংস্থাটোৰ দাবী অনুসৰি ৭০ শতাংশ বাছ ভাৰা বৃদ্ধিৰ যদিহে সিদ্ধান্ত কাৰ্যকৰী কৰে  তেনেহ’লে দূৰণিবটীয়া বাছ যাত্ৰাৰ ভাৰা এতিয়া আকাশলংঘী হোৱাটো খাটাং৷ আনকি গুৱাহাটী মহানগৰীত চিটীবাছত উঠিলেই যাত্ৰীয়ে ভৰিব লাগিব নূ্যনতম ১৭টকা ভাৰা৷ এই সন্দৰ্ভত সদৌ অসম মটৰ পৰিবহণ সংস্থাৰ সচিব প্ৰধান প্ৰদীপ দাসে এটা বিবৃতিযোগে কয় –দেশৰ চালিকা শক্তি ইন্ধনৰ মূল্যবৃদ্ধিয়ে সৰ্বত্ৰ মূল্যবৃদ্ধিত অৰিহণা যোগোৱাৰ লগতে ক’ভিডসৃষ্ট পৰিৱেশৰ লোকচানৰ পৰিপূৰক নীতিও মূল্যবৃদ্ধিৰ কাৰকৰূপে পৰিগণিত হৈছে৷ কেন্দ্ৰীয় চৰকাৰ কিম্বা ৰাজ্য চৰকাৰ উভয়ে কৰ-কাটল সংগ্ৰহৰ লক্ষ্য বৃদ্ধি কৰিছে৷ ৰ এপ্ৰিলৰ পৰা Central Motor Vehicle Rule১৪৭ সংশোধনৰ ঘটাই পৰিবহণ ব্যৱসায়ীৰ ওপৰত সকলো ধৰণৰ মাচুল বৃদ্ধি কৰি  অতিৰিক্ত কৰৰ বোজা জাপি দিলে৷ ১ এপ্ৰিলৰ পৰা ইতিমধ্যে ১৩ গুণ বৃদ্ধি হোৱা থাৰ্ড পাটৰ্ী প্ৰিমিয়াম পুনৰাই বৃদ্ধি কৰি ধাৰাবাহিকতা বাহাল ৰাখিছে৷ পৰিবহণ ব্যৱসায়ৰ অপৰিহাৰ্য উপাদান টায়াৰ, বেটাৰী  লুব্ৰিকান্ত, স্পেয়াৰ পাৰ্টছ, সকলোতে লেকামবিহীনভাৱে মূল্যবৃদ্ধি হৈছে৷ দেশৰ বজাৰত আজি সকলো ধৰণৰ নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্য তৰিৎ গতিত বৃদ্ধি ঘটিছে৷ মূল্যবৃদ্ধিৰ এনে এক পৰিৱেশত আজি দেশৰ পৰিবহণ উদ্যোগ জৰ্জৰিত তথা মৃতপ্ৰায় অৱস্থাত উপনীত৷ ৰাজ্যৰ ৰাজকোষৰ ৩৫ শতাংশ কৰ-কাটল আগবঢ়োৱা ৰুগ্ন পৰিবহণ উদ্যোগটোৰ সংকটমোচনৰ অৰ্থে বলিষ্ঠ পদক্ষেপৰ তাৎক্ষণিক প্ৰয়োজনীয়তা আহি পৰিছে৷ ২০১২ চনত অসম চৰকাৰে জাৰি কৰা  যাত্ৰীবাহী বাহনৰ ভাৰা পুনৰ নিৰ্ধাৰণৰ বাবে ২০১৭ চনৰ পৰা ৭০ শতাংশ ভাৰা বৃদ্ধিৰ দাবী জনোৱাৰ লগতে ভাৰা বৃদ্ধিৰ এক বিজ্ঞানসন্মত সূত্ৰও চৰকাৰক প্ৰদান কৰিছিলো৷ এই ধাৰাবাহিক আবেদন-নিবেদন নিষ্ফল হোৱাত জীয়াই থকাৰ তাড়নাত আন্দোলনৰ পথ গ্ৰহণ কৰিছিল সংস্থাটোৱে৷ আমাৰ দাবীৰ ন্যায্যতাৰ ওপৰত ভিত্তি কৰি ২০১৯ চনত অসম চৰকাৰে পূৰ্বৰ ভাৰাৰ ওপৰত ২৫ শতাংশ ভাৰা বৃদ্ধিৰ জাননী জাৰি কৰিলে৷ চৰকাৰৰ এই ভাৰা বৃদ্ধিৰ জাননীখন এপাচি শাকত এটা জালুকৰ লেখিয়া হ’ল৷ ইতিমধ্যে কেইটামান মাহ পেট্ৰ’ল,ডিজেলৰ মূল্যবৃদ্ধিত স্থবিৰতা অহাত জোৰা-টাপলি মাৰি ব্যৱসায়টো কাৰ্যক্ষম কৰি ৰাখিছিলো৷ কিন্তু পেট্ৰ’ল,ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত যাত্ৰীবাহী বাহনসমূহ পথত চলাই থাকি জীৱিকা নিৰ্বাহ কৰাৰ উপৰি যাত্ৰীসকলক সেৱা আগবঢ়াই যোৱাত যথেষ্ট কঠিন হৈ পৰিছে৷ সেয়েহে পৰিবহণ উদ্যোগটোক জীয়াই ৰখাৰ স্বাৰ্থত চৰকাৰ যি ধৰণে দায়ৱদ্ধ সেই ধৰণে যাত্ৰীবাহী বাহনৰ ভাৰা বৃদ্ধিৰো প্ৰয়োজন হৈ পৰিছে৷ পৰিবহণ উদ্যোগৰ এনে এক ৰুগ্ন অৱস্থাৰ পৰা গতিশীল কৰাৰ স্বাৰ্থত অসমৰ যাত্ৰীবাহী বাহনৰ ভাৰা কমপক্ষেও ৭০ শতাংশ অতিশীঘ্ৰে বৃদ্ধি কৰক৷ নতুবা সৰ্বজনগৃহীত বিজ্ঞানভিত্তিত ভাৰা নিৰ্ধাৰণৰ সূত্ৰ প্ৰয়োগ কৰি সমস্যাটোৰ দীৰ্ঘকালৰ বাবে সমাধানৰ পথ সুগম কৰি লাগে৷ পৰিবহণ সংস্থাটোৱে চৰকাৰক দিয়া ভাৰা নিৰ্ধাৰণ সূত্ৰটো হৈছেঃ–FN০.৪[FPn-FP০] ০.৩ [CPIN-CPIO]+০.৩[ANCN-ANCO] +Fo৷ অৰ্থাৎ ইয়াৰ অৰ্থ হৈছে   FNমানে New Fare, FOমানে Old Fare, FP০ মানে New Fuel Price, FP০ মানে Old Fuel Price, CPIn মানে New Consumer Price Index, CPIO মানে Old Consumer Price Index, AMCN মানে AMC Rate/km আৰু AMCO মানে Old AMC Rate/km