Logo
image

শ্বিলঙতকৈও ঠাণ্ডা পৰিছে লখিমপুৰ,যোৰহাট,ডিব্ৰুগড়ত

আমাৰ অসম,৮এপ্ৰিলঃ পূবৰ স্কটলেণ্ডস্বৰূপ শীতল চহৰ হিচাপে পৰিচিত শ্বিলঙতকৈ এতিয়া বেছি ঠাণ্ডা পৰিছে অসমৰ কেইবাখনো চহৰ-নগৰত৷ বিশেষকৈ বতৰৰ কেতবোৰ পৰিঘটনা,বংগোপ সাগৰ আৰু দক্ষিণ-পূব মধ্য প্ৰদেশৰ আকাশত সৃষ্টি হোৱা ঘূৰ্ণীয়মান বতাহৰ বাবে যোৱা ৩০ মাৰ্চৰ পৰা অসম,অৰুণাচল প্ৰদেশ,মেঘালয়কে ধৰি উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে বেছিভাগ ঠাইত পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ আৰু কেতবোৰ ঠাইত গাজনী-ঢেৰেকনীৰ সৈতে প্ৰৱল বৃষ্টিপাত হৈছে৷ আনকি অৰুণাচল প্ৰদেশত স্বাভাৱিকতকৈ অত্যাধিক পৰিমাণৰ বৰষুণ হোৱা বাবে উজনি অসম আৰু উত্তৰ অসমৰ বেছিভাগ নৈ-উপনৈৰ লগতে ব্ৰহ্মপুত্ৰ নদীৰো জলপৃষ্ঠ বৃদ্ধি পাইছে৷ সমান্তৰালভাৱে ডাৱৰীয়া বতৰৰ লগতে পশ্চিমৰ পৰা ৰিবৰিবকৈ বতাহ অহৰহ বলি থকা বাবে বিগত প্ৰায় এটা সপ্তাহ ধৰি ৰাজ্যৰ বেছিভাগ ঠাইতে নিশাৰ ভাগত আৱতৰীয় শীতৰ লগত ৰাইজে সহাৱস্থান কৰিবলগীয়া হৈছে৷ আনকি স্বাভাৱিকতকৈ তাপমাত্ৰা ২০ ৰ পৰা ৭০ ছেলছিয়াছ পৰ্যন্ত হ্ৰাস পোৱাত উজনি অসম আৰু উত্তৰ অসমৰ বেছিভাগ ঠাইতে বৃহস্পতিবাৰৰ দিনটোত শ্বিলঙতকৈ বেছি শীত অনুভূত হৈছে৷ অৰ্থাৎ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহৰ শেষ দিনটোত শ্বিলঙতকৈ বেছি ঠাণ্ডা পৰিছে অসমৰ কেইবাখনো নগৰ-চহৰত৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি বৃহস্পতিবাৰৰ দিনটোত শ্বিলং চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল ২৫.৩০ ছেলছিয়াছ৷ কিন্তু ইয়াৰ বিপৰীতে ডিব্ৰুগড়ত সৰ্বাধিক ২০.৩০,তেজপুৰত সৰ্বাধিক ২৩.৯০,যোৰহাটত সৰ্বাধিক ২২.০০,উত্তৰ লখিমপুৰত সৰ্বাধিক ২১.১০ আৰু ধুবুৰীত সৰ্বাধিক ২৫.২০ ছেলছিয়াছ আছিল৷ অৱশ্যে সৰ্বাধিক যান-বাহন চলাচল কৰা প্ৰদূষিত চহৰ হিচাপে পৰিচিত গুৱাহাটীত বৃহস্পতিবাৰৰ দিনটোত সৰ্বাধিক তাপমাত্ৰা আছিল ২৭.৫০ ছেলছিয়াছ৷ আনহাতে,বতৰ বিজ্ঞান কেন্দ্ৰই অহা দেওবাৰ পৰ্যন্ত আগন্তুক তিনিটা দিনতো বতৰ অপৰিৱৰ্তিনীয় হৈ থকাৰ লগতে ঠাইবিশেষে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ আৰু দুই এঠাইত গাজনী,ঢেৰেকনী, ধুমুহাৰ সৈতে প্ৰৱল বৃষ্টিপাত হ’ব পাৰে বুলি আগতীয়া সতৰ্কতা জাৰি কৰিছে৷ ইফালে,গ্ৰীষ্মকাল তথা গৰমৰ আৰম্ভণি মাহ হিচাপে পৰিচিত এপ্ৰিল মাহৰ প্ৰথম সপ্তাহটোত শ্বিলঙতকৈ অসমৰ কেইবাখনো চহৰত বেছিকৈ ঠাণ্ডা পৰা বিষয়টোৱে ৰাইজক শীতৰ আমেজ দিলেও কেইবাজনো পৰিৱেশ বিজ্ঞানীয়ে ইয়াক জলবায়ুৰ পৰিৱৰ্তন আৰু গোলকীয় উত্তাপৰ আগজাননী বুলি আশংকা ব্যক্ত কৰিছে৷ উল্লেখ্য,বিগত তিনি-চাৰিদিন ধৰি উত্তৰ অসম আৰু উজনি অসমৰ বিভিন্ন অঞ্চলৰ ৰাইজে আবতৰীয়া বান আৰু আবতৰীয়া শীতৰ সৈতে সহাৱস্থান কৰিবলগীয়া হৈছে৷ আনকি অৰুণাচল প্ৰদেশৰ লগতে ভূটান সীমান্তৱৰ্তী জিলাকেইখনত বিগত তিনি-চাৰিদিন ধৰি অভিলেখ পৰিমাণৰ বৰষুণ হৈ আছে৷ বতৰ বিজ্ঞানৰ ভাষাত ৬৫ মিঃমিঃতকৈ অধিক পৰিমাণৰ বৰষুণ হ’লে তাক প্ৰৱল বৃষ্টিপাত বুলি কোৱা হয়৷ বৃহস্পতিবাৰ সন্ধিয়া পৰ্যন্ত বিগত ২৪ ঘণ্টাত বাগ্‌সাত ১০০ মিঃমিঃ,তামুলপুৰত ৭০ মিঃমিঃ,বৰপেটাত ৯০ মিঃমিঃ,ধুবুৰীত ১৫০ মিঃমিঃ,উত্তৰ লখিমপুৰত ১০০ মিঃমিঃ পৰিমাণৰ বৰষুণ হৈছে৷ এই সময়চোৱাত অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত উত্তৰ-পূবৰ ভিতৰতে সৰ্বাধিক ১৮০ মিঃমিঃ পৰিমাণৰ বৰষুণ হৈছে৷