Logo
image

চাৰ্টাৰ্ড ফ্লাইটেৰে বিধবস্ত ফ’ৰলেন চাবলৈ আহি প্ৰতিবাদৰ মুখত দিল্লীৰ শীৰ্ষ আমোলা

আমাৰ অসম,৮ এপ্ৰিলঃ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ে পুঁজি আবণ্টন দিয়াৰ সুদীৰ্ঘ ৭ বছৰ অতিক্ৰম কৰিলে যদিও  আজি পৰ্যন্ত উজনি অসমৰ চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ সম্পূৰ্ণ নহ’ল৷ যোৰহাটৰ জাঁজিৰ পৰা ডিব্ৰুগড়ৰ বগীবিললৈ সমগ্ৰ পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাই এতিয়া ৰাইজক জলা-কলা খুৱাইছে৷ নেচনেল হাইৱে এণ্ড ইনফাষ্ট্ৰাকচাৰ ডেভলপমেণ্ট ক’ৰ্পৰেচন চমুকৈ এনএইছআইডিচিএলৰ অধীনত কেইবাটাও ঠিকাদাৰী প্ৰতিষ্ঠানে শামুকীয়া গতিৰে নিৰ্মাণকাৰ্য অব্যাহত ৰখাত বছৰ বছৰ ধৰি উজনিৰ ৰাইজে যাতায়াতত দুৰ্ভোগ ভুগি আহিছে৷ কিন্তু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণত অৱহেলাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল হোৱাৰ পাছতেই ৩৫ লাখ টকাৰে চাৰ্টাৰ্ড ফ্লাইট ভাৰা কৰি ততাতৈয়াকৈ ডেৰ দিনীয়া ভ্ৰমণসূচীয়ে বিধবস্ত ৰাজপথ পৰিদৰ্শনৰ বাবে উজনি অসমলৈ আহিল কেন্দ্ৰীয় পৰিবহণ সচিব গিৰিধৰ আৰমান আৰু  এনএইচআইডিচিএলৰ পৰিচালন সঞ্চালক চঞ্চল কুমাৰ৷ কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ আমোলাদ্বয়ে অতি সংগোপনে বৃহস্পতিবাৰে নুমলিগড়ৰ পৰা ডিব্ৰুগড়লৈ  ডি চি আৰু এছ পিৰ বিশাল কনভয় লৈ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকৃত ৰূপ পৰিদৰ্শন কৰে৷ কিন্তু আমোলাদ্বয়ৰ শিৱসাগৰত এই ভ্ৰমণ সুখকৰ নহ’ল৷ কিয়নো কিনকিনীয়া বৰষুণৰ মাজতে শিৱসাগৰত ক্ষুব্ধ কেইবাটাও স্থানীয় সংগঠনৰ প্ৰতিবাদত সন্মুখীন হ’ব লগীয়া হয় কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰণালয়ৰ সচিবজনে৷ উল্লেখ্য, এনএইচআইডিচিএলৰ লগতে চৰকাৰক উজনি অসমৰ চাৰিলেনযুক্ত  ৰাষ্ট্ৰীয় ঘাইপথটোৰ নিৰ্মাণ কাৰ্য ক্ষিপ্ৰতৰ কৰাৰ বাবে বাৰম্বাৰ অভিযোগ দিয়াৰ পাছতো কোনো গুৰুত্ব নিদিয়াত ডিব্ৰুগড়ৰ যুৱ চিকিৎসক তথা সমাজকৰ্মী ভাস্কৰ পাপুকণ গগৈয়ে বিগত ৩ মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল৷ উক্ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখনত চিকিৎসক গগৈয়ে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণকো পক্ষ কৰি উজিন অসমৰ জৰাজীৰ্ণ ঘাইপথটোৰ নিৰ্মাণকাৰ্য ক্ষিপ্ৰতৰ কৰাৰ আৰ্জি দিয়ে উচ্ছ ন্যায়ালয়ক৷ এই গোচৰৰ পাছতেই চাৰ্টাৰ্ড ফ্লাইট ভাৰা কৰি বুধবাৰে উজিন অসমত উপস্থিত হয়  কেন্দ্ৰীয় পৰিবহণ সচিবজনৰ লগতে এনএইচডিচিএলৰ পৰিচালন সঞ্চালক৷ আশ্বৰ্যজনকভাৱে সাৰথি এয়াৰৱেজ প্ৰাইভেট লিমিটেডৰ চাৰ্টাৰ্ড ফ্লাইট ৩৫লাখ টকাত ভাৰা কৰি ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শন কৰিবলৈ অহা আমোলাদ্বয়ে এছকৰ্ট বাহনত উজনি অসমৰ খলা-বমা ঘাইপথেদি ভ্ৰমণ কৰে যদিও স্থানীয় ৰাইজ তথ দল-সংগঠনৰ অভাৱ-অভিযোগ বুজ লোৱাৰ পৰা বিৰত থাকে৷ এই সন্দৰ্ভত উচ্ছ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ ৰুজু কৰা ডাঃ ভাস্কৰ পাপুকণ গগৈয়ে কয়– বহু দিন ধৰি যোৰহাট-ডিব্ৰুগড়ৰ মাজত নিৰ্মীয়মান চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুৰৱস্থাই ৰাইজক বাৰুকৈয়ে জ্বলা-কলা খুৱাই আহিছে৷ বিভিন্ন সময়ত কতৃৰ্পক্ষক বহু উজৰ আপত্তি কৰা পাছতো একো ফল নাপালোঁ৷ অতিষ্ঠ হৈ গুৱাহাটী উচ্ছ ন্যায়ালয়ত এখন পিআইএল ৰুজু কৰোঁ৷ এই পিআইএল দাখিল কৰাৰ পিছতে এনএইছআইডিচিএলে মোক ই-মেইলযোগে কিছু ব্যাখ্যা আগবঢ়ায়৷ লগতে জানিব পাৰো যে এপ্ৰিল মাহৰ ৬ আৰু ৭ তাৰিখে ভাৰত চৰকাৰৰ পৰিবহণ সচিব আৰু এনএইছআইডিচিএলৰ পৰিচালন সঞ্চালকে নুমলিগড়ৰ পৰা ডিব্ৰগড়লৈকে ৰাষ্ট্ৰীয় ঘাইপথটোৰ চৰ জমিন তদন্ত কৰিব৷ অত বছৰে এলাগী হৈ থকা এই পথচোৱা হঠাৎ এনে গুৰুত্ব পোৱাটো নিশ্চয়কৈ পিআইএলৰ প্ৰভাৱ৷ যি কি নহওক তেওঁলোক আহি উজনি অসমবাসীৰ দুখ বুজিব বুলি ভাবিছো৷ আজি তেওঁলোকে ভ্ৰমণ সম্পূৰ্ণ কৰি দিল্লী লৈ উৰা মাৰে৷ আচৰিত কথা এয়ে যে এই আমোলাসকলে কিন্তু দিল্লীৰ পৰা অসম আহিবৰ বাবে চাৰ্টাৰ্ড ফ্লাইটহে ব্যৱহাৰ কৰিলে৷ গুৱাহাটী আৰু ডিব্ৰুগড়ত দিল্লীলৈ বহু কেইখন বাণিজ্যিক বিমান থকা স্বত্বেও কিয় প্ৰায় ৩৫ লাখ টকা খৰচ কৰি এই সময়ত চাৰ্টাৰ্ড বিমান ব্যৱহাৰ কৰিলে সেয়া এক সাঁথৰ৷ ইপিনে পৰিবহণ সচিব গিৰিধৰ আৰমানে ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শনৰ সময়ত  বৃহস্পতিবাৰে ৰাইজৰ দলৰ নেতৃত্বত শিৱসাগৰৰ দৰিকাপাৰত কেইবাটাও সংগঠনে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ বিষয়াজনক স্মাৰক-পত্ৰ প্ৰদানৰ চেষ্টা চলায়৷ কিন্তু,এই প্ৰতিবাদক নিয়ন্ত্ৰণৰ নামত শিৱসাগৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰিফ আহমেদে ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ জিলা নেতা পৰাশৰ কোঁৱৰক ৰাজহুৱাভাৱে অপদস্থ কৰা পৰিলক্ষিত হয়৷ আৰক্ষী বিষয়াজনে প্ৰতিবাদকাৰী নেতাজনক প্ৰহাৰ কৰা দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত স্মাৰ্ট অসম আৰক্ষীৰ গুণ্ডাগিৰি বুলিও বিভিন্নজনে সমালোচনা কৰিছে৷

উজনি-নামনিৰ মাজত জীৱন-ৰেখাস্বৰূপ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক চাৰিলেন যুক্ত পথলৈ ৰূপান্তৰিত কৰাৰ নামত বিগত ৬টা বছৰে সাধাৰণ ৰাইজক যমৰ যন্ত্ৰণা ভোগাইছে জিডিচিএল নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে৷ অত্যাধুনিক পথ নিৰ্মাণৰ নামত পাইকাৰী হাৰত মৃত্যুক নিমন্ত্ৰণ জনোৱা প্ৰকাণ্ড প্ৰকাণ্ড খাৱৈসদৃশ চাৰিলেনযুক্ত পথৰ গাঁতত পৰি ইজনৰ পাছত সিজন পথচাৰীৰ অকাল মৃত্যুৰ ঘটনাই ৰাইজৰ মাজত সৃষ্টি কৰা ক্ষোভৰ আজি বহিঃপ্ৰকাশ ঘটিল৷ দীৰ্ঘসময় ধৰি জাতি-জনগোষ্ঠীয় দল-সংগঠনৰ ধাৰাবাহিক প্ৰতিবাদ আন্দোলনৰ পাছতো জৰাজীৰ্ণ ঘাইপথচোৱা উন্নীতকৰণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ঠিকাদাৰী প্ৰতিষ্ঠান জিডিচিএলক বাধ্য কৰাব নোৱাৰিলে৷ পৰিণতিত ধৈৰ্যৰ বান্ধ সোলোকা ৰাইজৰ দলকে ধৰি কেইবাটাও সংগঠনৰ কৰ্মকৰ্তাই ঘাইপথ দপ্তৰৰ সচিবজন উজনি অসমৰ দিশে আহি থকাৰ তথ্য লাভ কৰি দৰিকাপাৰত বিষয়াজনক আবদ্ধ কৰি জৱাবদিহি কৰে৷ শ শ প্ৰতিবাদী ৰাইজে বিষয়াজনক আবদ্ধ কৰি অভিযোগ সম্বলিত স্মাৰক-পত্ৰ প্ৰদান আৰু জিডিচিএলক ব্লেকলিষ্টেড কৰাৰ বাবে দাবী উত্থাপন কৰাৰ সময়তেই হঠাৎ পৰিস্থিতি উত্তপ্ত হৈ পৰে প্ৰতিবাদৰত নেতা-কৰ্মীসকলক আৰক্ষীয়ে বাধা দিবলৈ বল প্ৰয়োগ কৰাৰ সময়তেই পৰিস্থিতি হঠাৎ উত্তপ্ত হৈ পৰাৰ লগতে আৰক্ষীৰ সৈতে খণ্ডযুদ্ধত এজন প্ৰতিবাদকাৰী আহত হোৱাৰ বাতৰি পোৱা গৈছে৷ স্মৰ্তব্য যে,জাঁজীৰ পৰা শিৱসাগৰ জিলাৰ ডিমৌপৰ্যন্ত ৪৪কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিলেনযুক্ত কৰাৰ কাম ক্ষিপ্ৰগতিত সম্পূৰ্ণ কৰাৰ দাবীত আজি শিৱসাগৰত ৰাইজৰ দলে ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰ সচিব গিৰিধৰ আৰামানেক এখন স্মাৰক-পত্ৰ প্ৰদান কৰিবৰ বাবেই দৰিকাপাৰ অঞ্চলত শ শ প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ঘাইপথ দপ্তৰ সচিবজনৰ অপেক্ষাত ৰৈছিল৷ লক্ষণীয়ভাৱে বিশাল আৰক্ষীৰ কনভয়ৰ লগতে খোদ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশ্বনে নিৰাপত্তা দি আনিছিল বিষয়াজনক৷ কিন্তু নিৰীহক যমৰ যাতনা আৰু অজস্ৰজনক নিয়মিত মৃত্যুৰ মুখলৈ ঠেলি দিয়া জৰাজীৰ্ণ পথচোৱাৰ সন্দৰ্ভত ৰাইজে দাখিল কৰা অভিযোগ-পত্ৰখন ল’বলৈ সৌজন্যমূলক আচৰণ প্ৰদৰ্শন নকৰি বিষয়াজন নামি নাহিল গাড়ীৰ পৰা৷ মূৰৰ ওপৰত বৰষুণ,বিষয়াৰ অহংকাৰ,ক্ষোভিত ৰাইজৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ মূৰ্দাবাদ, জিডিচিলক ব্লেকলিষ্টেড কৰক,জিডিচিএল গ’বেক,শীৰ্ষক ধবনি দি স্মাৰক-পত্ৰ প্ৰদানৰ সময়তেই আৰক্ষীৰ সৈতে প্ৰতিবাদী ৰাইজৰ ঠেলা-হেঁচাৰ সৃষ্টি হয়৷ সেই সময়তেই উভয়পক্ষৰ ঠেলা-হেঁচাৰ মাজতেই ৰাইজৰ দলৰ এজন জিলা পৰ্যায়ৰ নেতা আহত হয়৷ অৱশ্যে প্ৰতিবাদত অংশ লোৱা জাতীয় সংগ্ৰামী সেনাৰ সভাপতি চিতু বৰুৱাই পৰাশৰ কোঁৱৰ নামৰ ছাত্ৰ নেতাজনক আৰক্ষীয়ে বৰ্বৰভাৱে আক্ৰমণ চলোৱাৰ অভিযোগ কৰে৷ ইফালে ঘাইপথ দপ্তৰৰ সচিবজনক প্ৰদান কৰা স্মাৰক-পত্ৰত ৰাইজৰ দলে ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্য লেহেমীয়া হোৱাৰ লগতে নিৰ্মাণ অতিশয় নিম্নমানৰ হোৱা বুলি অভিযোগ তোলে৷ বিশেষকৈ জাঁজীৰ পৰা শিৱসাগৰ জিলাৰ ডিমৌপৰ্যন্ত ৪৪ কিলোমিটাৰ পথ নিৰ্মাণৰ কাম গেমন দাংকালি কোম্পানী লিমিটেড চমুকৈ জিডিচিএল নামৰ এটা প্ৰতিষ্ঠানে ঠিকাভিত্তিক কাম কৰি আছে৷ বছৰ বছৰ জুৰি চাৰিলেনযুক্ত পথ নিৰ্মাণৰ নামত প্ৰতিষ্ঠানটোৱে শিৱসাগৰ জিলাত সংঘটিত কৰিছিল নজিৰবিহীন অনিয়ম৷ জিডিচিএল নামৰ প্ৰতিষ্ঠানটোৱে পথ নিৰ্মাণৰ নামত ভয়ংকৰ দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ ৰাইজৰ দল,আছুৰ লগতে একাধিক সংগঠনে উত্থাপন কৰি আহিছিল৷ মেটেকা,বোকাভৰ্তি প্ৰকাণ্ড প্ৰকাণ্ড খাৱৈ চাফ-চিকুন,বোকা নুঠোৱাকৈয়ে মাটি পেলাই পুতি পথ নিৰ্মাণ কৰাৰ ফল এতিয়া আধাতেই ভোগ কৰিছে ৰাইজে৷ আধুনিক কাৰিকৰী বিজ্ঞানৰ সকলো স্বত্ত্ব,সংজ্ঞা ভৰিৰে মোহাৰি নিৰ্মাণৰ নামত ভয়াৱহ অনিয়ম সংঘটিত কৰি অহা প্ৰতিষ্ঠানটোক অতিশীঘ্ৰে ব্লেকলিষ্টেড কৰাৰ দাবী উত্থাপন কৰি ৰাইজৰ দলে পথচোৱাৰ কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ দাবী কৰে৷ এই কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, জাতীয় সংগ্ৰামী সেনা নামৰ সংগঠনকেইটাই ৰাইজৰ দলক সহযোগ কৰে৷ আনহাতেদি জিডিচিএলৰ বিৰুদ্ধে থকা অভিযোগসম্বলিত স্মাৰক-পত্ৰ প্ৰদান কৰিবলৈ যোৱা ৰাইজক দৰিকাপাৰত আজি শিৱসাগৰ আৰক্ষীয়ে বাধাপ্ৰদান কৰাক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ প্ৰতিবাদী ৰাইজে দৰিকাপাৰ হৈ যাবলগীয়া ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ সচিব গিৰিধৰ আৰামানেক তেওঁলোকৰ দাবী সম্বলিত স্মাৰক-পত্ৰ প্ৰদান কৰাৰ বাবে কিছুসময়ৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল৷ কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে এই সময়তে শিৱসাগৰ আৰক্ষীৰ এটা দলে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি স্মাৰক-পত্ৰ প্ৰদান কৰিবলৈ অহা ৰাইজৰ ওপৰত বল প্ৰয়োগ কৰি মাৰপিট কৰাৰ অভিযোগ তুলিছে ৰাইজৰ দল আৰু অন্য প্ৰতিবাদী জনতাই৷ আৰক্ষীৰ আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা হতাহতিত ৰাইজৰ দলৰ নেতা পৰাশৰ কোঁৱৰ গুৰুতৰভাৱে আহত হয়৷ অভিযোগ অনুসৰি,আৰক্ষীয়ে ডিঙিত ধৰি চোঁচৰাই কোঁৱৰক বেয়াকৈ মাৰপিট কৰি আহত কৰে৷ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত নেতৃত্ব প্ৰদান কৰা ছাত্ৰ নেতা ধৈৰ্য কোঁৱৰ,পৰাশৰ কোঁৱৰ,বেদান্ত লস্কৰে শিৱসাগৰ আৰক্ষীৰ এই বৰ্বৰ কাৰ্যক একেমুখে গৰিহণা দিয়াৰ লগতে আৰক্ষীৰ দমনমূলক নীতিয়ে কেতিয়াও জাতীয় সংগঠনক ৰাইজৰ কাষৰ পৰা আঁতৰাব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে৷