Logo
image

ক’ভিডৰ নতুন অৱতাৰক ভয় নকৰে অসমে

আমাৰ অসম,৮ এপ্ৰিলঃ ক’ভিডৰ নতুন ভেৰিয়েণ্টৰ বিৰুদ্ধে যুঁজিবলৈ অসম চৰকাৰ সম্পূৰ্ণৰূপে সাজু৷ ভাৰতত ক’ভিডৰ অতি সংক্ৰামক প্ৰজাতি ‘এক্স-ই’ৰ সন্ধান ওলোৱাৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতে বৃহস্পতিবাৰে এই দাবী কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ মন্ত্ৰীজনে কয় যে ক’ভিডৰ যি ভেৰিয়েণ্টেই নাহক কিয়,অসমে ইয়াক জয় কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ আছে৷ ক’ভিডৰ বিৰুদ্ধে যুঁজ দিবলৈ অসম এতিয়া পূৰ্বতকৈও অধিক শক্তিশালী বুলি মন্তব্য কৰি মন্ত্ৰীজনে সংবাদ মাধ্যমক জনায় যে ইতিমধ্যে ক’ভিডৰ নতুন ভেৰিয়েণ্টৰ সৈতে যুঁজ দিবলৈ  হাস্পতালসমূহক সাজু কৰি ৰখাৰ লগতে পৰ্যাপ্ত পৰিমাণে ভেকচিন মজুত কৰি ৰখা হৈছে৷ উল্লেখ্য যে বুধবাৰে মুম্বাইত ক’ভিডৰ অতি সংক্ৰামক প্ৰজাতি‘এক্স-ই’ত আক্ৰান্ত হোৱা ভাৰতৰ প্ৰথমজন ৰোগীৰ সন্ধান পোৱা বুলি কোৱা হৈছিল৷ এই বাতৰি প্ৰকাশ পোৱাৰ পাছত বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ক’ভিডৰ অতি সংক্ৰামক প্ৰজাতিবিধক লৈ শংকিত হোৱাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে মুম্বাইত বিদেশ ফেৰৎ এগৰাকী মহিলা ক’ভিডত আক্ৰান্ত হোৱা বুলি ধৰা পৰাটো সঁচা৷ কিন্তু বিভিন্ন সংবাদ মাধ্যম আৰু সূত্ৰই দাবী কৰাৰ দৰে মহিলাগৰাকী ক’ভিডৰ কোনো নতুন প্ৰজাতিৰ দ্বাৰা আক্ৰান্ত হোৱা নাই৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ লগতে মহাৰাষ্ট্ৰ চৰকাৰেও এক টুইটযোগে একেই কথা উল্লেখ কৰিছে৷ উল্লেখ্য যে পূৰ্বে প্ৰকাশিত বাতৰিত ভাৰতত ক’ভিডৰ যি এক্স-ই ভেৰিয়েণ্টৰ সন্ধান পোৱা বুলি কোৱা হৈছিল সেই ভেৰিয়েন্টৰ সংক্ৰমণ ক্ষমতা অমিক্ৰণতকৈ দহ শতাংশ অধিক বুলি দাবী কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ কেইমাহমান পূৰ্বে ক’ভিডৰ এইবিধ প্ৰজাতিৰ সন্ধান ওলাইছিল ব্ৰিটেইনত৷ ইপিনে মুম্বাইৰ মহিলাগৰাকী এক্স-ই ভেৰিয়েণ্টত আক্ৰান্ত নহ’লেও ক’ভিডে যাতে নতুনকৈ ভাৰতত সংক্ৰমিত হ’ব নোৱাৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰ সাজু থকা বুলি স্বাস্থ্য মন্ত্ৰণালয়ে দাবী কৰিছে৷