Logo
image

পুটিনৰ দুই প্ৰাপ্তবয়স্ক কন্যাক কিয় ‘টাৰ্গেট’কৰিছে আমেৰিকাই!

আমাৰ অসম,৮ এপ্ৰিলঃ ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই অব্যাহত ৰখা যুদ্ধই ৪২ দিন অতিক্ৰম কৰিছে৷ কিন্তু এই ৪২ দিনত ৰাছিয়াই কৰা নৰসংহাৰে বিশ্বজুৰি চাঞ্চল্য সৃষ্টি কৰিছে৷ কিয়েভ, বুচা,মাৰিউপল আদিত উদ্ধাৰ হোৱা মৃতদেহে সকলোৰে হূদয় কঁপাই গৈছে৷ গতিকে ৰাছিয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণৰ দাবী উঠিছে৷ তেনে সময়তে আমেৰিকাই ৰাছিয়াৰ বিৰুদ্ধে নতুনকৈ নিষেধাজ্ঞা আৰোপ কৰিছে৷ এই নিষেধাজ্ঞাৰ ভিতৰত আছে ৰাষ্ট্ৰপতি পুটিনৰ দুই প্ৰাপ্তবয়স্ক কন্যাও৷ আমেৰিকাই পুটিনৰ দুই প্ৰাপ্তবয়স্ক কন্যা কেটেৰিনা আৰু মাৰিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰে৷ আমেৰিকাই নিষেধাজ্ঞা আৰোপ কৰাৰ কাৰণ হৈছে এয়ে যে পুটিনৰ সম্পত্তিৰ বৃহৎ অংশ কেটেৰিনা আৰু মাৰিয়াৰ ওচৰত মজুত আছে বুলি সন্দেহ কৰা হৈছে৷ পুটিনৰ কন্যা কেটেৰিনা হৈছে কাৰিকৰী বিশেষজ্ঞ,যিয়ে ৰাছিয়া চৰকাৰক সহায় কৰাৰ বাবে কাম কৰি আহিছে৷ লগতে ৰাছিয়াৰ প্ৰতিৰক্ষা উদ্যোগৰ বাবেও কাম কৰি আহিছে তেওঁ৷ পুটিনৰ আনগৰাকী কন্যা মাৰিয়াই ৰুছ চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা জেনেটিক গৱেষণাৰ প্ৰকল্পৰ কামৰ সৈতে জড়িত হৈ আছে৷ এই গৱেষণাত ৰাছিয়াৰ চৰকাৰে যথেষ্ট ধন ব্যয় কৰি আহিছে৷ আমেৰিকাই বিশ্বাস কৰে যে পুটিন আৰু ৰাছিয়াৰ আগশাৰীৰ নেতা,ব্যৱসায়ী,তেল ব্যৱসায়ীয়ে নিজ নিজ সম্পত্তি লুকুৱাই ৰাখিছে৷ এইবোৰ পৰিয়ালৰ সদস্যৰ নামতো লুকুৱাই ৰখা বুলি আমেৰিকাই বিশ্বাস কৰে৷ গতিকে পুটিনৰ দুই কন্যাৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰে আমেৰিকাই৷ ইয়াৰ ফলত পুটিনৰ বৃহৎ পৰিমাণৰ সম্পত্তি বিকল হ’ব পাৰে বুলি ধৰি লোৱা হৈছে৷