Logo
image

মেকাৰ্ছ হাবৰ উদ্যোগত কলাক্ষেত্ৰত বিশেষ প্ৰদৰ্শনী

আমাৰ অসম, ৮ এপ্ৰিলঃ চিত্ৰকলা, হস্তনিৰ্মিত সামগ্ৰী চাল-চুলিৰ যতন, খাদ্য-সামগ্ৰী, বিহুৰ পিঠা-পনা আৰু দীৰ্ঘস্থায়ী কাপোৰলৈকে, উত্তৰ-পূৰ্বাঞ্চলৰ উদীয়মান যুৱক-যুৱতীয়ে নিজে প্ৰস্তুত কৰা সামগ্ৰী সম্ভাৰেৰে সন্মিলিত প্ৰচেষ্টাৰে গুৱাহাটীত শুকুৰবাৰৰ পৰা অনুষ্ঠিত হৈছে এখন বিশেষ আকৰ্ষণীয় প্ৰদৰ্শনী তথা বিক্ৰীৰ কাৰ্যসূচী। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তিনিদিনিয়াকৈ ৮,৯,১০ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা প্ৰদৰ্শনী তথা বিক্ৰীৰ কাৰ্যসূচী ১০ এপ্ৰিল অহা দেওবাৰে সামৰণি পৰিব। এই প্ৰদৰ্শনীত ২০ গৰাকী উদিয়মান প্ৰতিভাসম্পন্ন শিল্পীয়ে একক বৈশিষ্টপূৰ্ণ সৃষ্টিৰাজি প্ৰদৰ্শন কৰিছে। প্ৰদৰ্শনীখনৰ আয়োজক মেকাৰ্ছ হাব গোষ্ঠীৰ সুন্দৰ পৰিচালনাৰে চাৰিগৰাকী সাহসী তথা উদ্যোগী মহিলা যথাক্ৰমে প্লাবিতা গগৈ, নুচৰত শইকীয়া, সোণীক্ষা  আগৰৱাল আৰু অনিন্দিতা বৰগোহাঁইৰ প্ৰচেষ্টাত আয়োজন কৰা হৈছে এই কাৰ্যসূচীৰ। আজি ৮ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা প্ৰদৰ্শনথলী উদ্বোধন কৰে জনপ্ৰিয় নেচাৰেল অনুৰাধা ফেব্ৰিক ব্ৰেণ্ড খ্যাত অনুৰাধা কুলীয়ে। কলাক্ষেত্ৰলৈ আহি শিল্পীসকলৰ সামগ্ৰীসমূহৰ সৌন্দয্য উপভোগ কৰাৰ লগতে সুলভ মূল্যত ক্ৰয় কৰিব পাৰিব বুলি জনাইছে আয়োজকসকলে।