Logo
image

৭০% ভাৰাবৃদ্ধি নাকচ মন্ত্ৰীৰ পৰিবহণ সংস্থাৰ প্ৰত্যাহ্বান

আমাৰ অসম, ৯ এপ্ৰিলঃ ইন্ধনৰ মূল্যবৃদ্ধিৰ অচিলাৰে মটৰ পৰিবহণ সংস্থাই বাণিজ্যিক বাহনৰ ৭০ শতাংশ ভাৰা বৃদ্ধিৰ বাবে চৰকাৰক প্ৰস্তাৱ দিয়াৰ পাছতেই সৰ্বসাধাৰণ নাগৰিকৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ লগতে গাড়ীৰ যন্ত্ৰাংশ, বীমাৰ প্ৰিমিয়াম আৰু টোলগেটৰ মাচুল বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বাছ তথা আন বাণিজ্যিক বাহনৰ মালিকসকল ভীষণ সমস্যাৰ সন্মুখীন হৈছে৷ ইপিনে ৰাজপথত পৰিবহণ বিভাগে ‘অপাৰেছন ছাৰখাৰ’ নাম দি কৰ সংগ্ৰহত নামি পৰাত জুৰুলা হৈ পৰিছে পৰিবহণ ব্যৱসায়ত জড়িত লোকসকল৷ ইয়াৰ পৰিত্ৰাণ হিচাপে ৭০ শতাংশ ভাৰা বৃদ্ধিৰ প্ৰস্তাৱেৰে বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগৰ আয়ুক্তক স্মাৰক-পত্ৰ প্ৰদান কৰিছে সদৌ অসম মটৰ পৰিবহণ সংস্থাই৷ ইপিনে মটৰ পৰিবহণ সংস্থাই ৭০ শতাংশ বাছ ভাৰা বৃদ্ধি বাবে কৰা দাবী কোনো কাৰণতে মানি লোৱা নহয় বুলি স্পষ্ট কৰি দিছে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷ শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত চৰকাৰৰ স্থিতি স্পষ্ট কৰি মন্ত্ৰী পাটোৱাৰীয়ে কয়–‘মটৰ পৰিবহণ সংস্থাৰ ৭০ শতাংশ বাছ ভাৰা বৃদ্ধিৰ দাবী আমি মানি লোৱা নাই৷ বাছ ভাৰা এতিয়া কোনো কাৰণতে বৃদ্ধি কৰিব নোৱাৰিব৷ মটৰ পৰিবহণ সংস্থাই ভাৰা বৃদ্ধিৰ বাবে যিয়েই ফৰ্মূলা নিদিয়ক লাগে ভাৰা বৃদ্ধিৰ অনুমতি দিয়া নহয়৷ কিয়নো পেট্ৰ’ল-ডিজেলৰ দাম সদায়েই বাঢ়ি নাথাকে, সেয়া সাময়িক বৃদ্ধিহে৷ ইন্ধনৰ আকৌ দাম হ্ৰাস পাব৷ যিদিনা পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস পাব, সেইদিনা কিন্তু বাছসমূহ ভাৰা হ্ৰাস নকৰে৷ কোনো বাছে যদি অধিক ভাৰা সংগ্ৰহ কৰাৰ তথ্য প্ৰমাণ লাভ কৰো, তেনেহ’লে সংশ্লিষ্ট বাছৰ পঞ্জীয়ন বাতিল কৰাৰ লগতে মালিকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব৷ এই ক্ষেত্ৰত পৰিবহণ আয়ুক্তক সম্পূৰ্ণ কতৃৰ্ত্ব দিয়া দিছে৷ চৰকাৰে ভাৰা বৃদ্ধিৰ সিদ্ধান্ত নল’লে, কোনেও অধিক ভাৰা ল’ব নোৱাৰিব৷ পূৰ্বতেও পৰিবহণ সংস্থাই ভাৰা বৃদ্ধিৰ কথা কৈছিল যদিও আমি ভাৰা বৃদ্ধি কৰিবলৈ দিয়া নাছিলো আৰু এতিয়াও নিদিওঁ৷ লক্ষণীয় বিভাগীয় মন্ত্ৰী এই ঘোষণাত জাঙুৰ খাই উঠিছে সদৌ অসম মটৰ পৰিবহণ সংস্থা৷ সংস্থাৰ নেতৃত্বই পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক প্ৰত্যাহ্বান জনাই মন্ত্ৰীয়ে ভাৰা বৃদ্ধি নহ’ব বুলি ক’লেই সকলো নহয় বুলিও হুংকাৰ দিছে৷ আনকি পৰিবহণ মন্ত্ৰীৰ বক্তব্যৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক অভিযোগ দিয়া হ’ব বুলিও সংস্থাটোৰ নেতৃত্বই সদৰী কৰিছে৷ এই সন্দৰ্ভত মটৰ পৰিবহণ সংস্থাৰ সচিব প্ৰধান প্ৰদীপ দাসে কয়–ইন্ধনৰ মূল্যবৃদ্ধিয়ে পৰিবহণ উদ্যোগত জড়িত সকলোকে জুৰুলা কৰিছে৷ সেয়ে আমি সম্পূৰ্ণ যুক্তিসংগতভাৱে চৰকাৰক ৭০ শতাংশ বাছ ভাৰা বৃদ্ধিৰ বাবে আবেদন জনাইছো৷ কিন্তু আমাৰ লগত আলোচনা কৰাৰ পৰিৱৰ্তে বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উচ্ছ বাচ্য কৰিছে৷ এজন দায়িত্বশীল মন্ত্ৰীৰ মুখত এনে কথাই শোভা নাপায়৷ বৰ্তমান ভাৰা বৃদ্ধি কৰাটো জৰুৰী হৈ পৰিছে৷ যদি চৰকাৰে ভাৰা বৃদ্ধি নকৰে, তেনেহ’লে দুখৰ কথা হ’ব৷ গণতান্ত্ৰিক এখন দেশত মন্ত্ৰীয়ে এনেদৰে ক’ব নাপায়৷ আমি শিক্ষিত মানুহবোৰে লজ্জাবোধ কৰো৷ বিভাগীয় মন্ত্ৰীৰ এনে বক্তব্যৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীকে অৱগত কৰিম৷ যদিহে বাছ ভাৰা বৃদ্ধি কৰা নহয়, তেনেহ’লে পেট্ৰ’ল-ডিজেলৰ দৈনিক মূল্যবৃদ্ধি হৈ থাকিলে ৰাজপথত হয়তো বাছৰ চকাই নুঘুৰিব৷’ ইপিনে মূল্যবৃদ্ধিয়ে জুৰুলা কৰা নাগৰিকৰ মূৰত ৰামটাঙোন সোধাই ভূতৰ ওপৰত দানহ পৰাদি বাছ ভাৰা বৃদ্ধিৰ বোজা জাপি দিলে জনসাধাৰণে যে ভয়ংকৰ বিপদৰ মুখামুখি হৈ পৰিব সেয়া নিশ্চিত হৈ পৰিছে৷ সেই বাবে সাধাৰণ ৰাইজে বাছ ভাৰা যাতে বৃদ্ধি নহয় তাৰ বাবে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে৷  

অভয়াপুৰীত প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ

অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি অভয়াপুৰীৰ ৰাজপথত এন এছ ইউ আয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰে৷ এন এছ ইউ আইৰ কৰ্মীসকলে ছাত্ৰ জাগৰণ যাত্ৰা কাৰ্যসূচীৰ অংশ হিচাপে অভয়াপুৰী ৰাজীৱ ভৱনৰ পৰা প্ৰতিবাদী সমদল উলিয়াই ক’লা পৰিষদৰ সন্মুখত মূল্যবৃদ্ধি ৰোধ কৰক, প্ৰধানমন্ত্ৰী মুৰ্দাবাদ আদি ধবনি দি পুত্তলিকা দাহ কৰে৷