Logo
image

বাজপেয়ী ভৱনত কংগ্ৰেছীৰ ভিৰ

আমাৰ অসম, ৯ এপ্ৰিলঃ হেঙেৰাবাৰীস্থিত প্ৰদেশ বিজেপিৰ কাৰ্যালয়লৈ কংগ্ৰেছীৰ সোঁত বৈয়ে আছে৷ নদী সাগৰলৈ, জুৰি নদীলৈ বোৱাৰ দৰে আশাহত কংগ্ৰেছীৰ বাবে এতিয়া আশাৰ স্থলী হৈ পৰিছে অটল ভৱন৷ সন্মুখত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন৷ নিৰ্বাচনৰ পূৰ্বে কাৰ্বি আংলঙত বিধবস্ত হৈছে কংগ্ৰেছ৷ কাৰ্বি স্বায়ত্তশাসিত পৰিষদ দখল কৰিবলৈ উঠিপৰি লাগিছে বিজেপি৷ শুকুৰবাৰে হেঙেৰাবাৰীস্থিত প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে গেৰুৱা বসন পিন্ধিলে পশ্চিম কাৰ্বি আংলঙৰ কংগ্ৰেছ সভাপতি চাৰ্থে ক্ৰমছাই৷ ইফালে বিজেপিত যোগদানৰ বাবেই কংগ্ৰেছ এৰিলে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অসীমা বৰদলৈয়ে৷ জানিব পৰা মতে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নাতিনী তথা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰবীন বৰদলৈৰ কন্যা অসীমা বৰদলৈয়ে পিতৃৰ পদাংককে অনুসৰণ কৰি বিজেপিত যোগদানৰ প্ৰস্তুতি চলাইছে৷ উল্লেখ্য ৰবীন বৰদলৈয়ে ইতিমধ্যে কংগ্ৰেছ এৰি বিজেপিত যোগ দিছে৷ শুকুৰবাৰে প্ৰদেশ বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত যোগদান কাৰ্যসূচীত জলেশ্বৰৰ এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক মইনুদ্দিন আহমেদ, গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সদ্য প্ৰাক্তন সম্পাদক ৰাজেশ কৃষাণে ভাৰতীয় জনতা পাৰ্টীৰ নীতি, আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰে৷ নৱাগতসকলক দলৰ মজিয়ালৈ উষ্ম আদৰণি জনাই ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে, শুকুৰবাৰে যোগদান কৰাসকলে অনাগত দিনত দলৰ নীতি-আদৰ্শক সুচাৰুৰূপে পালন কৰি ৰাইজ তথা সমাজৰ উন্নতিৰ হকে নিস্বাৰ্থভাৱে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰা হৈছে৷ সদস্য পদ গ্ৰহণ কৰি ছাৰ্থে ক্ৰামছাই কয় যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ লগতে কাৰ্বি আংলং জিলাত উন্নয়নৰ জোৱাৰ সৃষ্টি হৈছে৷ কাৰ্বি আংলংবাসী ৰাইজে এক শান্তি-সমৃদ্ধিৰ পৰিৱেশ লাভ কৰিছে৷ সেয়ে তেওঁলোকৰ উন্নয়নৰ স্বাৰ্থত আৰু ভাৰতীয় জনতা পাৰ্টীৰ নীতি, আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি তেওঁ বিজেপিত যোগদান কৰিছেঁ৷ মুখপাত্ৰ পংকজ বৰবৰাই আঁত ধৰা আজিৰ অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিন, বিধায়কদ্বয় ৰূপছিং টেৰণ, দাৰছিং ৰংহাং উপস্থিত থাকে৷

মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ ইউডিএফ বিধায়ক কৰিমউদ্দিন

পুনৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ইউ ডি এফ বিধায়ক কৰিম উদ্দিন বৰভূঞাই৷ শুকুৰবাৰে বিধায়ক আবাসত সংবাদ মেল আয়োজন কৰি মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰশংসত ব্যস্ত হৈ পৰে বিধায়ক বৰভূঞা৷ মুখ্যমন্ত্ৰীয়ে নিজৰ বিভাগতহে কাম সম্পূৰ্ণ কৰা বুলি ৰাজহুৱাভাৱে কয়৷ তেওঁ কয়–‘মুখ্যমন্ত্ৰী শৰ্মাৰ হাতত থকা গড়কাপ্টানি বিভাগৰ বাহিৰে আন সকলো বিভাগৰ পাৰদৰ্শিতা অতি পুতৌজনক৷ গড়কাপ্টানি বিভাগত ‘ডেভিয়েছন’ ২০ শতাংশ৷ আন বিভাগত ৫০০ শতাংশ পৰ্যন্ত হৈ আছে ডেভিয়েছন৷’ মুখ্যমন্ত্ৰীৰ বাহিৰে মন্ত্ৰীসভাত এজনো দক্ষ মন্ত্ৰী নাই৷ প্ৰত্যাহ্বান জনাইছোঁ প্ৰতিজন মন্ত্ৰীক কি কাম কৰিলে ৰাজহুৱা কৰক৷প্ৰতিটো বিভাগ ত কাম হোৱা নাই৷ তেওঁ আৰু কয়–আমি ৰাইজৰ হৈ ওলাই যাম৷ কংগ্ৰেছে কি কৰে কৰি থাকক৷ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে ওলাই আহিম৷ জনসংখ্যা নিয়ন্ত্ৰণৰ এটাই ঔষধ সেইয়া হ’ল শিক্ষা৷কিন্তু সেইয়া নকৰে চৰকাৰখনে৷ মুছলমান বসতি প্ৰধান অঞ্চলত শিক্ষা ব্যৱস্থা উন্নত কৰক৷ তেওঁ আৰু কয়–কংগ্ৰেছৰ লিগেল নটিছৰ উত্তৰ দি দিছোঁ৷ তেওঁলোকে যি কৈছে সেই সন্দৰ্ভত স্পষ্টভাৱে উত্তৰ দিছো৷ আমাৰ এটাও ভোট নষ্ট হোৱা নাই৷ আমি ভোট দিবলৈ যোৱাৰ আগতে মুখ্যমন্ত্ৰীয়ে কৈ দিছিল৷ তেওঁলোকে তেওঁলোকৰ প্ৰাৰ্থীক হৰুৱাইছে৷ জোৰ জবৰদস্তি তেওঁলোকে প্ৰাৰ্থিত্ব দিছে৷ চৰকাৰখনে ধৰ্মীয় ইছু্যকহে গুৰুত্ব দিছে৷ প্ৰবীণ টোগৰীয়াই ধুবুৰীত ১২ লাখ বাংলাদেশী আছে বুলি কৈছে৷ অসমৰ ইতিহাস বিকৃত কৰা হৈছে৷তাৰ মানুহ সকলো অসমীয়া৷ অসমীয়া জাতিৰ মাজত বিভেদ কৰিব বিছাৰিছে৷আমি গৰিহণা দিছোঁ৷ সম্প্ৰদায়িকতাৰ নামত দেশ চলাব বিচাৰিছে৷ অসম চুক্তিক অবমাননা কৰিছে,শ্বহীদক অপমান কৰিছে৷ এনে বক্তব্যৰে অসমখন পুনৰ উত্তপ্ত কৰিব বিচাৰিছে৷ কোন সভাপতি হ’ব কোন কি হ’ব তাক লৈয়ে যুদ্ধ কংগ্ৰেছত৷এজনো দক্ষ  মন্ত্ৰী নাই অসমত৷সেই কথা উত্থাপন কৰিব লাগে নে কংগ্ৰেছে ইউ ডি এফৰ লগত লাগিব লাগে৷কংগ্ৰেছ এটা সৰু ক্লাবত পৰিণত হ’ল৷ কংগ্ৰেছ এনেকৈ থাকিলে আমাৰ কাৰণে ভাল৷২০২৪ ত বিগ জিৰ’ মাৰিব কংগ্ৰেছে৷ ২০২৬ত ‘ডবল ডিজিট’ নাপায় কংগ্ৰেছে৷