Logo
image

পুটিনৰ দুই কন্যাৰ বিৰুদ্ধে ইউৰোপৰ নিষেধাজ্ঞা

আমেৰিকাৰ পথকে অনুসৰণ

আমাৰ অসম, ৯ এপ্ৰিলঃ ইউক্ৰেইনৰ বুচাত ৰাছিয়াই কৰা নৰসংহাৰৰ বিৰুদ্ধে বিশ্বজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে৷ এই গণহত্যাৰ বিৰোধিতা কৰি আমেৰিকাই ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ দুই প্ৰাপ্তবয়স্ক কন্যাৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছিল৷ এতিয়া আমেৰিকাৰ পথকে অনুসৰণ কৰিছে পশ্চিমীয়া দেশবোৰে৷ বিশেষকৈ ইউৰোপীয় সংঘৰ দেশবোৰে পুটিনৰ দুই কন্যাৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰে৷ পুটিনৰ দুই কন্যা কেটেৰিনা আৰু মাৰিয়াৰ নাম ৰাছিয়াৰ বিৰুদ্ধে অব্যাহত থকা ইউৰোপৰ আৰ্থিক নিষেধাজ্ঞাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়৷ লগতে ৰাছিয়াৰ আন কেইবাজনো শীৰ্ষ মন্ত্ৰী-বিষয়াৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰে ইউৰোপীয় সংঘৰ দেশবোৰে৷ তেওঁলোকৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞাও আৰোপ কৰা হয়৷