Logo
image

চীনত চুম্বন, আলিংগন আৰু একেলগে শোৱাত বাধা

কৰ’না নিয়ন্ত্ৰণৰ বাবে নতুন নিষেধাজ্ঞা

আমাৰ অসম, ৯ এপ্ৰিলঃ চীনত এতিয়া কৰ’না ভাইৰাছৰ বতৰ৷ অমিক্ৰন নামৰ প্ৰকাৰটোৱে চীনৰ বিভিন্ন চহৰত সংক্ৰমণ বৃদ্ধি কৰাত চৰকাৰে ২৩খনৰো অধিক চহৰত কঠোৰ লকডাউন আৰু নিষেধাজ্ঞা বলৱৎ কৰিছে৷ যাৰ ফলত কোটি কোটি লোক ঘৰৰ ভিতৰতে আবদ্ধ হোৱাৰ লগতে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে৷ কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ চীন চৰকাৰে বিভিন্নধৰণৰ নিষেধাজ্ঞা আৰোপ কৰিছে৷ ইয়াৰ ভিতৰত অন্যতম হ’ল চুম্বন, আলিংগন আৰু একেলগে শোৱাত নিষেধাজ্ঞা৷ এই নিষেধাজ্ঞাই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে৷ ছাংহাইকে ধৰি আন আন চহৰত চৰকাৰে বলৱৎ কৰা এই আচৰিত নীতি-নিয়মে ব্যাপক চৰ্চা লাভ কৰিছে৷ চীনৰ জনতাই টুইটাৰৰ জৰিয়তে এনেধৰণৰ আচৰিত নিয়মবোৰৰ কথা ৰাজহুৱা কৰিছে৷ ড্ৰোনৰ জৰিয়তে আকাশৰ পৰাই প্ৰশাসনে ক’ভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনা জাৰি কৰা আৰু ৰাজপথত বহু লোকে চৰকাৰৰ কঠোৰ নীতি-নিয়মৰ বিৰোধিতা কৰাও দেখা গৈছে৷ খাদ্য সামগ্ৰীৰ অভাৱত ভোগা স্থানীয় ৰাইজে কৰা প্ৰতিবাদৰ ছবিও পোহৰলৈ আহিছে৷ কিন্তু জনতাই ঘৰৰ বেলকনিৰ পৰা গান গোৱাত নিষেধাজ্ঞা আৰোপ কৰাৰ কথাটোৱে ব্যাপক চৰ্চা লাভ কৰিছে৷ তদুপৰি চুম্বন, আলিংগন আৰু একেলগে শোৱাতো নিষেধাজ্ঞা আৰোপ হোৱাত চীনৰ জনতাৰ মাজত ব্যাপক চৰ্চা হৈছে৷