Logo
image

এইবোৰ কাৰণতে মাইগ্ৰেনে অসুবিধা দিয়ে

মাইগ্ৰেনৰ ফলত হোৱা মূৰৰ বিষ অতি কষ্টদায়ক৷ মূৰৰ যিকোনো এটা ফালৰ পৰা এই বিষ হয়৷ মাইগ্ৰেনৰ সমস্যা থকা সকলে মূৰৰ বিষৰ লগতে বমি ভাব আৰু সাংঘাতিক অস্বস্তি  অনুভৱ কৰে৷ এই বিষ দীৰ্ঘস্থায়ী হয় আৰু একেৰাহে কেইবাদিনলৈ থাকে৷ যিসকলৰ মাইগ্ৰেনৰ সমস্যা আছে, তেওঁলোকে কিছুমান অভ্যাস ত্যাগ কৰা উচিত৷ উল্লেখ কৰা হ’ল কোনবোৰ অভ্যাসে মাইগ্ৰেনৰ সমস্যা বৃদ্ধি কৰে–

[১] খালী পেটত থকাঃ দীৰ্ঘ সময় খালী পেটে থাকিলে মাইগ্ৰেনৰ বিষ বা সমস্যা আৰম্ভ হ’ব পাৰে৷ ইয়াৰ কাৰণ খালী পেটে থাকিলে গেষ্ট্ৰিক বাঢ়ে আৰু মাইগ্ৰেনৰ সমস্যাই উক দিয়ে৷

[২] পৰিৱেশঃ অত্যধিক ৰ’দত ঘূৰা-ফিৰা কৰিলে মাইগ্ৰেনৰ বিষ আৰম্ভ হ’ব পাৰে৷ তদুপৰি অত্যধিক গৰম বা অতিৰিক্ত আদ্ৰৰ্তাৰ তাৰতম্যৰ বাবেও মাইগ্ৰেনৰ বিষ বৃদ্ধি হয়৷

[৩] মানসিক চাপঃ যিসকলে খুব বেছি চাপ লৈ একেৰাহে কাম কৰে আৰু খোৱা বা শোৱাৰ নিৰ্দিষ্ট কোনো সময় মানি নচলে, তেওঁলোক মাইগ্ৰেনত আক্ৰান্ত হয়৷ সেয়ে মানসিক চাপ এৰাই চলাৰ চেষ্টা কৰক৷ অত্যধিক মানসিক চাপত থকা যেন লাগিলে একাপ নেমু চাহ খাওক৷ নেমু চাহে মস্তিষ্কক চাপৰ পৰা সকাহ দিয়ে৷

[৪] শব্দ প্ৰদূষণঃ অত্যধিক শব্দ বা উচ্ছ ভলিউমত গান শুনাৰ অভ্যাসেও মাইগ্ৰেনৰ সমস্যা বঢ়ায়৷

[৫] চেনি জাতীয় খাদ্যঃ খুব বেছি পৰিমাণৰ মিঠা খালে তেজত শৰ্কৰাৰ মাত্ৰা বাঢ়ে৷ ইয়াৰ ববেও মাইগ্ৰেনৰ সমস্যা হ’ব পাৰে৷

[৬] হঠাৎ কফি খোৱা অভ্যাস বন্ধ কৰাঃ শেহতীয়া এক গৱেষণাত পোৱা তথ্যমতে যিসকলে নিয়মিত কেফেইন জাতীয় পানীয় খায়, তেওঁলোকে হঠাৎ সেই অভ্যাস বন্ধ কৰি দিলে মাইগ্ৰেনত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷

[৭] অত্যধিক টোপনিঃ টোপনি অনিয়মীয়া হ’লে শৰীৰত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে৷ যিসকলে নিতৌ ৫-৬ ঘণ্টা শোৱে তেওঁলোকে যদি হঠাৎ এদিন বেছি সময় টোপনি মাৰে তেন্তে মাইগ্ৰেনত আক্ৰান্ত হ’ব পাৰে৷